ETV Bharat / entertainment

Koffee with Karan 8: ৰণবীৰে কেনেকৈ দীপিকাক প্ৰেমৰ প্ৰস্তাৱ দিছিল ? খোদ ক’লে ৰণবীৰে

কফী উইথ কৰণ 8 ৰ প্ৰ’ম’ মুকলি ৷ এইবাৰৰ ছিজনৰ প্ৰথম অতিথি হৈছে ৰণবীৰ সিং আৰু দীপিকা পাডুকন ৷ ৰণবীৰ আৰু দীপিকাই নিজৰ ব্যক্তিগত জীৱনৰ বহু কথা এই শ্ব’টোত প্ৰকাশ কৰে ৷

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 1:27 PM IST

Koffee with Karan Season 8 promo: Deepika Padukone calls chemistry with Hrithik Roshan 'amazing', watch Ranveer Singh's amusing reactions
কফী উইথ কৰণ 8 ৰ প্ৰ’ম’ মুকলি

চিটাৰা ডেস্ক, 23 অক্টোবৰ: অতি শীঘ্ৰেই আৰম্ভ হ’ব কৰণ জোহৰৰ জনপ্ৰিয় টক শ্ব’ ‘কফী উইথ কৰণ’ৰ নতুন ছিজন । এইবাৰ বলীউডৰ বহু ডাঙৰ চেলিব্ৰিটিক কফী উইথ কৰণ ছিজন ৮ ত দেখা যাব ৷ বিশেষকৈ ছিজনটোৰ প্ৰথম অতিথিৰ সন্দৰ্ভত ব্যাপক উত্তেজনা বৃদ্ধি পাইছে অনুৰাগীৰ মাজত । ইফালে, ‘কফি উইথ কৰণ ৮’ৰ প্ৰ’ম’ মুকলি কৰি অনুৰাগীৰ উত্তেজনা দুগুণ বৃদ্ধি কৰিছে নিৰ্মাতাই । প্ৰথম খণ্ডটোৰ প্ৰচাৰমূলক টিজাৰত দেখা গৈছে পাৱাৰ কাপল, ৰণবীৰ সিং আৰু দীপিকা পাডুকনক । এই শ্ব’ত প্ৰথমবাৰৰ বাবে একেলগে দেখা যাব দীপিকা আৰু ৰণবীৰক । দুয়োগৰাকীক চোফাত বহি নিজৰ বিষয়ে বহু কথা প্ৰকাশ কৰা দেখা গৈছে ৷ শ্ব’টোৰ আঁত ধৰোতা কৰণ জোহৰে তেওঁলোকক ‘বলিউডৰ ৰয়েল্টী’ আৰু ‘স্মোকিং হট’ বুলি আখ্যা দি আদৰণি জনাইছে ।

প্ৰ’ম’টোত দীপিকা আৰু ৰণবীৰক সম্পূৰ্ণ ক’লা সাজ-পোছাক পৰিধান কৰি প্ৰৱেশ কৰা দেখা গৈছে । দুয়োগৰাকীয়ে ইগৰাকীয়ে সিগৰাকীৰ হাতত ধৰি থকা দেখা যায় । লগতে দীপিকাৰ মিলিয়ন ডলাৰৰ হাঁহিটোৱে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয় ৷ দীপিকা আৰু ৰণবীৰ চোফাত বহাৰ লগে লগে কৰণে তেওঁলোকক বহু ধৰণৰ প্ৰশ্ন কৰিবলৈ ধৰে ৷ কৰণে দীপিকাক সুধিলে যে ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী ছবিখনৰ ৰণবীৰৰ চৰিত্ৰ ৰকি ৰন্ধাৱাৰ লগত কেতিয়াবা ডেটিং কৰিবনে ? এই কথাত দীপিকাই উত্তৰ দি কয়, ‘‘মই ৰকি ৰন্ধাৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছো ।’’

কফি উইথ কৰণ ৮ ৰ টিজাৰটোতো বহুতো কথা প্ৰকাশ পাইছে । ৰণবীৰ সিঙে এই শ্ব’টোত কয় যে কেনেকৈ তেওঁ দীপিকাক নিজৰ বাবে বুকিং কৰিছিল, তেওঁ নিবিচাৰিছিল যে দীপিকাক আন কোনোৱেও প্ৰেমৰ প্ৰস্তাৱ দিয়ক ৷ ৰণবীৰে ২০১৫ চনত দীপিকাক প্ৰেমৰ প্ৰস্তাৱ দিয়া বুলি জানিবলৈ দিয়ে । অভিনেতাজনে ইয়াক ‘এডভান্স বুকিং’ বুলি অভিহিত কৰে ।

দীপিকাই আগন্তুক ছবি ফাইটাৰত হৃতিক ৰোশনৰ সৈতে তেওঁৰ অনস্ক্ৰীণ কেমিষ্ট্ৰীৰ বিষয়েও আলোচনা কৰে ৷ হৃতিকৰ সৈতে তেওঁৰ কেমিষ্ট্ৰীক শ্ৰেষ্ঠ বুলি অভিহিত কৰে দীপিকাই । ইয়াৰ উপৰিও বহু বিষয়ত এই দম্পতীয়ে আলোচনা কৰে ৷ ইফালে অনুৰাগীয়ে দুয়োকে প্ৰথমবাৰৰ বাবে কফী উইথ কৰণত দেখিবলৈ আগ্ৰহী হৈ আছে ৷

ইতিমধ্যে কৰণ জোহৰে কফি উইথ কৰণ ৮ ৰ পৰ্দাৰ আঁৰৰ আভাস শ্বেয়াৰ কৰিছে । এই ছিজনৰ প্ৰিমিয়াৰ হ’ব ২৬ অক্টোবৰত অ’টিটি প্লেটফৰ্মত ।

লগতে পঢ়ক: Bigg Boss 17: হঠাৎ কিয় খানজাদীৰ ওপৰত খং উঠিল ছলমানৰ, অভিষেক, নাভিদ, মান্নাৰাক দিলে ভাল খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.