ETV Bharat / entertainment

Divyanka Tripathi Video: স্বামী বিবেক সন্দৰ্ভত হঠাৎ কিয় পাপাৰাৎজীৰ ওপৰত খং উঠিল দিব্যাংকা ত্ৰিপাঠীৰ ?

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 6:06 PM IST

স্বামী বিবেকৰ সন্দৰ্ভত হঠাৎ কিয় পাপাৰাৎজীৰ ওপৰত খং উঠিল দিব্যাংকা ত্ৰিপাঠীৰ ? ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিঅ’ ৷

Divyanka tripathi dahiya blast on paparazzi for husband vivek dahiya identity
হঠাৎ কিয় পাপাৰাজীৰ ওপৰত খং উঠিল দিব্যাংকা ত্ৰিপাঠীৰ

চিটাৰা ডেস্ক, 15 নৱেম্বৰ: টিভি উদ্যোগৰ অনুৰাগীৰ অন্যতম প্ৰিয় দম্পতী অভিনেত্ৰী দিব্যাংকা ত্ৰিপাঠী আৰু তেওঁৰ স্বামী অভিনেতা বিবেক দহিয়া । অনুৰাগীয়ে এই দম্পতীক যথেষ্ট মৰম কৰে । শেহতীয়াকৈ এই দম্পতীয়ে দীপাৱলীৰ পাৰ্টিত অংশ লৈছিল । দীপাৱলীৰ পাৰ্টিৰ পৰা সম্প্ৰতি দিব্যাংকা ত্ৰিপাঠী আৰু তেওঁৰ স্বামী অভিনেতা বিবেক দহিয়াৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ য’ত সদায় মৰমলগা আৰু শান্ত হৈ থকা দিব্যাংকাই পাপাৰাৎজীৰ ওপৰত হঠাৎ ক্ষুব্ধ হৈ পৰা দেখা যায় ।

স্বামীক লৈ পাপাৰাজীৰ ওপৰত ক্ষুব্ধ হৈ পৰে দিব্যাংকা

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত দিব্যাংকা ত্ৰিপাঠীক পাপাৰাজীৰ ওপৰত খং কৰা দেখা যায় । ভিডিঅ’টোত পেপছক তেওঁৰ স্বামীৰ ফালে আঙুলিয়াই দি কয়, ‘‘তেওঁ কোন ? ’, তাৰ পিচত এজন ফটোগ্ৰাফাৰে কয়, ‘‘এইজন আপোনাৰ স্বামী ।’’ তাৰ পিচত অভিনেত্ৰীগৰাকীয়ে কয়, মোৰ স্বামী কোন...তেওঁৰ নাম কি... পোষ্টবোৰত আপোলোকে কতো তেওঁৰ নাম নিলিখে...আপোনালোকে কেৱল লিখে দিব্যাংকাক দেখা গ’ল তেওঁৰ স্বামী বা সংগীৰ সৈতে । এইটো কেনেকুৱা কথা ৷ তেওঁৰ নাম নাই নেকি ? এয়া ভাল কাম নহয় ৷’’

স্বামীৰ বাবে লোৱা এই পদক্ষেপৰ প্ৰশংসা কৰে অনুৰাগীয়ে

অৱশ্যে পাপাৰাজীক এই কথা কৈ শান্ত হৈ পৰে অভিনেত্ৰীগৰাকী আৰু স্বামী বিবেকৰ সৈতে ফটোৰ বাবে পাপাৰাৎজীৰ সন্মুখত প'জ দিয়ে ৷ লগতে পাপাৰাৎজীক দীপাৱলীৰ শুভেচ্ছাও জনায় অভিনেত্ৰীগৰাকীয়ে ৷ এই ভিডিঅ’টো প্ৰকাশ পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ।

উল্লেখ্য যে, দিব্যাংকা ত্ৰিপাঠী আৰু বিবেক দহিয়া পোন প্ৰথমবাৰ লগ হৈছিল টিভি শ্ব’ ‘য়েহ মহব্বতে’ৰ চেটত । য’ত প্ৰথমে তেওঁলোকৰ মাজত গঢ়ি উঠিছিল বন্ধুত্ব আৰু তাৰ পিচত প্ৰেমলৈ পৰিণত হয় বন্ধুত্ব । অৱশেষত দুয়ো বিবাহপাশত আৱদ্ধ হয় । বিয়াৰ পিচৰে পৰা দুয়োগৰাকীয়ে প্ৰায়ে ছ’চিয়েল মিডিয়াত ইগৰাকীয়ে সিগৰাকীৰ লগত ৰোমান্টিক ছবি শ্বেয়াৰ কৰে ।

লগতে পঢ়ক: Disha Parmar Baby Girl: কন্যাৰ কি নাম ৰাখিলে দিশা পৰমাৰ-ৰাহুল বৈদ্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.