ETV Bharat / entertainment

Yeh Jawaani Hai Deewani 10 Years: সকলো পাহৰি দীপিকাই হাতখন আগবঢ়াই দিলে প্ৰাক্তন প্ৰেমিক ৰণবীৰ কাপুৰক ! চাওক ফটো

য়ে জৱানী হে দীৱানী ছবিখন মুক্তিৰ ১০ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে তাৰকাসকলে গভীৰ নিশাৰ পাৰ্টি কৰে । এই পাৰ্টিৰ ফটো আয়ন মুখাৰ্জী আৰু দীপিকাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে, য’ত দীপিকা পাডুকনক ৰণবীৰৰ সৈতে দেখা গৈছে (Yeh Jawaani Hai Deewani 10 Years)।

author img

By

Published : Jun 1, 2023, 1:55 PM IST

Yeh Jawaani Hai Deewani cast members reunite to celebrate 10 years of the film, see pics
য়ে জৱানী হে দীৱানী ছবিখন মুক্তিৰ ১০ বছৰ সম্পূৰ্ণ হ’ল

চিটাৰা ডেস্ক, 1 জুন : দীপিকা পাডুকন আৰু ৰণবীৰ কাপুৰৰ ছবি ‘য়ে জৱানী হে দীৱানী’ৰ মুক্তিৰ ১০ বছৰ সম্পূৰ্ণ হ’ল ৩১ মে’ত (Yeh Jawaani Hai Deewani)। ছবিখনৰ ১০ বছৰ সম্পূৰ্ণ হোৱাত তাৰকাসকলে উদযাপন কৰে এই বিশেষ মুহূৰ্তটো । এই উদযাপনৰ ছবিসমূহ ছবিখনৰ পৰিচালক আয়ন মুখাৰ্জী আৰু দীপিকা পাডুকনে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে, য’ত দীপিকাক তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে দেখা যায় । ছবিখনত দুয়োকে আনন্দৰে হাঁহি থকা দেখা গৈছে (Team Yeh Jawaani Hai Deewani) । এনে পৰিস্থিতিত দীপিকা আৰু ৰণবীৰৰ এই ক্ল’জ আপ ফটোখনে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে ।

ৰণবীৰৰ সৈতে দীপিকা

ছবিখনৰ ১০ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে আয়নে ছবিখনৰ বহুকেইখন ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে (10 years of Yeh Jawaani Hai Deewani) । ইয়াৰে এখন ফটোত ৰণবীৰ, দীপিকা, আদিত্য আৰু কলকীয়ে একেলগে থিয় হৈ পোজ দিছে। ইয়াৰ মাজতে দীপিকাক ৰণবীৰৰ কান্ধত অতি ঘনিষ্ঠভাৱে হাতখন ৰাখি হাঁহি থকা দেখা যায় । ছবিবোৰত সকলোকে সুখী যেন দেখা গৈছে ।

উল্লেখ্য যে, ছবিখনৰ ১০ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে কেৱল মাত্ৰ ছবিখনৰ মুখ্য অভিনেতাসকলেই নহয় ছবিখনৰ সমগ্ৰ ক্ৰুৱেও এই উদযাপনত অংশগ্ৰহণ কৰে । এই চাৰি তাৰকাৰ উপৰি ছবিখনৰ প্ৰযোজক কৰণ জোহৰ, পৰিচালক আয়ন মুখাৰ্জী, ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰা, সংগীত পৰিচালক প্ৰীতম আৰু ইউটিভি মোচন পিকচাৰ্ছৰ সিদ্ধাৰ্থ ৰয় কাপুৰকো ছবিখনত দেখা গৈছিল।

আয়ন মুখাৰ্জী আৰু দীপিকা পাডুকনে শ্বেয়াৰ কৰিলে ফটো

এই ছবিসমূহ ছবিখনৰ পৰিচালক তথা ৰণবীৰ কাপুৰৰ ঘনিষ্ঠ বন্ধু আয়ন মুখাৰ্জী আৰু দীপিকাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে (YJHD Reunion) । আয়ানে ছবিসমূহ শ্বেয়াৰ কৰি কেপচনত লিখিছে- 'লাষ্ট নাইট।' এই ছবিবোৰৰ পূৰ্বে আয়নে ছবিখনৰ ১০ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে ছবিখন এটা ক্লিপ শ্বেয়াৰ কৰিছিল । ইয়াৰ লগতে ইনষ্টাগ্ৰামত এটা দীঘলীয়া বহল পোষ্টো লিখিছিল । এই ভিডিঅ’টো পোষ্ট কৰি আয়নে লিখিছে- 'য়েহ জৱানী হে দীৱানী... মোৰ দ্বিতীয় সন্তান... মোৰ হৃদয়ৰ টুকুৰা.... আজি মুক্তি পোৱাৰ ১০ বছৰ হ’ল ।'

ইফালে দীপিকা পাডুকনে ছবিসমূহ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি লিখিছে, ‘ স্মৃতিবোৰ মিঠাইৰ বাকচৰ দৰে; এবাৰ খুলিলে মাত্ৰ এটা টুকুৰাতে ৰৈ থাকিব নোৱাৰিব - নাইনা তালৱাৰ ৷’

লগতে পঢ়ক: Urvashi Rautela New House: বিলাসী বাংলো ক্ৰয় কৰিলে উৰ্বশী ৰাউটেলাই, এই প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতাৰ প্ৰতিবেশী উৰ্বশী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.