ETV Bharat / entertainment

Sunil Grover: শ্বাহৰুখ খানৰ জৱানৰ জৰিয়তে বাস্তৱায়িত হ’ল সুনীল গ্ৰ’ভাৰৰ ডাঙৰ সপোন

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 3:58 PM IST

শ্বাহৰুখ খানৰ আগন্তুক ছবি জৱান সন্দৰ্ভত চেন্নাইত আয়োজিত অনুষ্ঠানত সুনীল গ্ৰ’ভাৰেও অংশগ্ৰহণ কৰে । ওম শান্তি ওমৰ সংলাপৰ পৰা আৰম্ভ কৰি তেওঁ শ্বাহৰুখৰ প্ৰশংসা কৰে । সুনীলৰ এই ভিডিঅ’টো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷

Sunil Grover makes SRK blush by recreating iconic dialogue at 'Jawan' event
শ্বাহৰুখৰ প্ৰশংসা কৰে সুনীল গ্ৰ’ভাৰে

চিটাৰা ডেস্ক, 31 আগষ্ট: অতি শীঘ্ৰেই আহি আছে শ্বাহৰুখ খানৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘জৱান’ ৷ জৱানত শ্বাহৰুখ আৰু নয়নতৰাৰ উপৰিও আন বহু তাৰকাকো এই ছবিখনত অভিনয় কৰা দেখা যাব ৷ তাৰ ভিতৰত আছে দীপিকা পাডুকন, বিজয় সেতুপথি আৰু ৰিদ্ধি ডোগ্ৰা । কিন্তু এই ছবিখনত আছে আন এজন প্ৰতিভাবান শিল্পী ৷ হয়, নিজৰ উৎকৃষ্ট কমিক শৈলীৰ বাবে জনপ্ৰিয় সুনীল গ্ৰ’ভাৰো এই ছবিখনৰ অংশ । সুনীলৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত তেওঁ শ্বাহৰুখক প্ৰশংসা কৰা দেখা গৈছে ।

আচলতে বুধবাৰে সন্ধিয়া চেন্নাইত ছবিখনৰ প্ৰচাৰৰ বাবে জৱানৰ নিৰ্মাতাসকলে এক অনুষ্ঠানৰ আয়োজন কৰিছিল । শ্বাহৰুখ, বিজয় সেতুপথি আৰু এটলী উপস্থিত আছিল এই অনুষ্ঠানটোত । সেই সময়ত সুনীল গ্ৰ’ভাৰো উপস্থিত হৈছিল অনুষ্ঠানটোত । এতিয়া ছ’চিয়েল মিডিয়াত একেটা অনুষ্ঠানৰ পৰা তেওঁৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে । য’ত তেওঁক ওম শান্তি ওমৰ সংলাপ কোৱা দেখা যায় ।

সুনীল গ্ৰভাৰৰ ভিডিঅ’টোত কি কৈছিল

ভিডিঅ’টোত মঞ্চত দেখা গৈছে সুনীল গ্ৰ’ভাৰক । তেওঁ নিজৰ কথা আৰম্ভ কৰে শ্বাহৰুখৰ ওম শান্তি ওমৰ সংলাপ, ‘পুৰী কায়নাত আপকো ওচছে মিলানে কি ছাজিশ কৰতি হে ৷’ ইয়াৰ পিচত তেওঁ কয় যে তেওঁ সদায় শ্বাহৰুখক ক’ৰবাত চাব বিচাৰিছিল, কিন্তু তেওঁৰ সৈতে একেখন ছবিতে কাম কৰাৰ সুযোগ পালে সুনীলে । এয়া তেওঁৰ বাবে সপোন পূৰণৰ দৰে।

সুনীল গ্ৰ’ভাৰে শ্বাহৰুখ খানক এই সুযোগ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে এয়া তেওঁৰ বাবে সপোনৰ দৰে । অনুষ্ঠানত মঞ্চৰ সন্মুখত বহি থকা শ্বাহৰুখে সুনীলৰ এই কথাবোৰ শুনি হাঁহি থকা দেখা গৈছিল আৰু লগতে হাত চাপৰিও বজাইছিল ৷

আজি আহিল ট্ৰেইলাৰ

শ্বাহৰুখৰ প্ৰতিগৰাকীয়ে অনুৰাগীয়ে অপেক্ষা কৰি আছিল জৱানৰ ট্ৰেইলাৰৰ বাবে । কিন্তু আজি অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ ৷ আজি মুকলি হ’ল জৱানৰ ট্ৰেইলাৰ ৷ ট্ৰেইলাৰটোত শ্বাহৰুখৰ কেইবাটাও ৰূপ দেখা গৈছে ৷ অনুৰাগীয়েও ট্ৰেইলাৰটো জোৰদাৰ বুলি সম্বোধন কৰিছে ৷ এতিয়া অনুৰাগীয়ে অপেক্ষা কৰি আছে ছবিখনৰ মুক্তিৰ বাবে ৷ অহা 7 ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব ‘জৱান’ ৷

লগতে পঢ়ক: Shahrukh Khan: কন্যা সুহানাক প্ৰশংসা কৰি শ্বাহৰুখে আঙুলিয়াই দিলে সহ অভিনেতাৰ দোষ, ক’লে – আপোনাৰ প্ৰশিক্ষকৰ প্ৰয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.