ETV Bharat / entertainment

নীল নয়নৰ ৰাহা দেখাত সাইলাখ ককাক ঋষি কাপুৰৰ দৰে. . . চাওক ভিডিঅ’

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 3:38 PM IST

Raha First Public Appearence: অনুৰাগীক বৰদিনৰ বিশেষ উপহাৰ দিলে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে ৷ কন্যা ৰাহাৰ মুখ দেখুৱালে ৰণবীৰ-আলিয়াই । ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে ৰাহাৰ ভিডিঅ’ ।

WATCH: Alia Bhatt, Ranbir Kapoor reveal Raha's face for the first time on Christmas 2023, toddler's eyes remind fans of Raj Kapoor
ৰণবীৰ-আলিয়াই দিলে বৰদিনৰ উপহাৰ

চিটাৰা ডেস্ক, 25 ডিচেম্বৰ: আজি পবিত্ৰ বৰদিন । দেশজুৰি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল উলহ-মালহেৰে উদযাপন কৰিছে বৰদিন । ব্যতিক্ৰম নহয় বলীউডো ৷ চেলিব্ৰিটিসকলে ধুমধামেৰে উদযাপন কৰিছে বৰদিন ৷ ইয়াৰ মাজতে এতিয়া বৰদিন উপলক্ষে অনুৰাগীক বিশেষ উপহাৰ দিছে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে । দৰাচলতে এই দম্পতীয়ে জন্মৰ এবছৰ পিচত আজি পোনপ্ৰথমবাৰৰ বাবে পৃথিৱীৰ সন্মুখত দেখুৱালে মৰমৰ কন্যা ৰাহাৰ মুখ । জন্মৰ পিচৰে পৰা অনুৰাগীয়ে তেওঁলোকৰ প্ৰিয় অভিনেতা-অভিনেত্ৰীৰ কন্যাৰ মুখখন চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল ৷ অৱশেষত অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ ৷

অনুৰাগীক বৰদিনৰ উপহাৰ দিলে ৰণবীৰ-আলিয়াই

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ সন্মুখত নিজৰ কণমানিটিক লৈ আহিছে ৰণবীৰ আৰু আলিয়াই । এই ভিডিঅ’টোত ৰণবীৰ আৰু আলিয়াই ৰাহাক কোলাত লৈ সকলো পাপাৰাজীৰ সন্মুখত পোজ দিছে । দেউতাকৰ কোলাত ৰাহা যথেষ্ট শান্ত হৈ আছিল ।

ইফালে ভিডিঅ’টো শ্বেয়াৰ কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত মুহূৰ্ততে ভাইৰেল হৈ পৰে ৷ অনুৰাগীয়ে ভিডিঅ’টোৰ ওপৰত নিজৰ মন্তব্য প্ৰকাশ কৰে । সকলোৱে কণমানি ৰাহাক মৰমলগা বুলি অভিহিত কৰিছে ৷ অৱশ্যে ভিডিঅ’টো প্ৰকাশ পোৱাৰ লগে লগে অনুৰাগীৰ মাজত এটা নতুন বিতৰ্কৰ সৃষ্টি হয় । দৰাচলতে কিছুমানে কৈছে যে, ৰাহা সাইলাখ মাতৃৰ দৰে, আন কিছুমানে আকৌ কয় ৰাহাক সাইলাখ পিতৃৰ দৰে দেখা যায় ৷ অৱশ্যে একাংশই আকৌ কৈছে যে ৰাহাৰ মুখৰ গঢ় কাপুৰ বংশৰ দৰে হৈছে ৷ কিন্তু বেছিভাগ মানুহেই ৰাহাক ঋষি কাপুৰৰ লগত তুলনা কৰিছে । হয়, বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কমেণ্টত লিখিছে যে ৰাহাক সাইলাখ ককাৰ দৰে দেখা গৈছে ।

এইখিনিতে ক’ব লাগিব যে নীলা চকুৰ ৰাহা যে বৰ ধুনীয়া, তাত কোনো সন্দেহ নাই । ৰাহাৰ জন্ম হৈছিল 2022 বৰ্ষৰ 6 নৱেম্বৰত ৷

লগতে পঢ়ক: Bipasha Karan Daughter Face : কন্যা দেৱীৰ ফটো প্ৰকাশ কৰিলে বিপাশাই, অনুৰাগীয়ে ক’লে, কৰণৰ কাৰ্বন কপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.