ETV Bharat / entertainment

Vivek Agnihotri : সমকামী বিবাহক লৈ দ্য কাশ্মীৰ ফাইলছৰ পৰিচালকে ক’লে এক ডাঙৰ কথা - পৰিচালক বিবেক অগ্নিহোত্ৰী

সমকামী বিবাহ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰাৰ সমান্তৰালকৈ সমকামী বিবাহক সমৰ্থন জনাইছে চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়ে । তেওঁ কয় যে ভাৰতৰ দৰে প্ৰগতিশীল দেশত সমলিংগ বিবাহ ‘স্বাভাৱিক হ’ব লাগে’ ।

Vivek Agnihotri supports same sex marriage in india
সমকামী বিবাহক লৈ কি ক’লে বিবেক অগ্নিহোত্ৰীয়ে
author img

By

Published : Apr 18, 2023, 4:15 PM IST

চিটাৰা ডেস্ক, 18 এপ্ৰিল : দ্য কাশ্মীৰ ফাইলছৰ পৰিচালক বিবেক অগ্নিহোত্ৰীক প্ৰায়ে ছ’চিয়েল মিডিয়াত বিভিন্ন প্ৰসংগত মাত মাতি অহা দেখা যায় (Vivek Agnihotri) ৷ যিকোনো প্ৰসংগত পৰিচালকগৰাকীয়ে ছ’চিয়েল মিডিয়াত নিজৰ স্পষ্টবাদী মতামত দাঙি ধৰে ৷ শেহতীয়াকৈ পৰিচালগৰাকীয়ে নিজৰ নতুন পোষ্টত সমলিংগ বিবাহৰ ওপৰত প্ৰদান কৰিছে নিজৰ মন্তব্য (Same sex marriage in India) ।

উল্লেখ্য যে, শেহতীয়াকৈ ল বিটৰ টুইটাৰ একাউন্টত এটা টুইট পোষ্ট কৰা হৈছে, য’ত লিখা আছে, ‘কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত কয় যে সমলিংগ বিবাহ এক নগৰীয়া অভিজাত ধাৰণা, যিটো দেশৰ সামাজিক নীতি-নিয়মৰ পৰা বহু দূৰৈত । কেন্দ্ৰই কয় যে বিষমযৌন সংঘৰ বাহিৰলৈ সমলিংগ বিবাহৰ সম্প্ৰসাৰণে এক নতুন প্ৰতিষ্ঠানৰ সৃষ্টি কৰিব ৷" কিন্তু কেন্দ্ৰৰ এই মতামতৰ বিৰুদ্ধে গৈ বিবেক অগ্নিহোত্ৰীয়ে সমকামী বিবাহক সমৰ্থন জনোৱা পৰিলক্ষিত হয় (Same sex marriage)।

  • NO. Same sex marriage is not an ‘urban elitist’ concept. It’s a human need. Maybe some sarkari elites drafted it who have never travelled in small towns & villages. Or Mumbai locals.

    First, same sex marriage is not a concept. It’s a need. It’s a right.
    And in a progressive,… https://t.co/M4S3o5InXI

    — Vivek Ranjan Agnihotri (@vivekagnihotri) April 18, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মঙলবাৰে এই টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়ে লিখিছে, ‘‘নাই । সমকামী বিবাহ কোনো ‘নগৰীয়া অভিজাতবাদী’ ধাৰণা নহয় । ই এক মানৱীয় প্ৰয়োজনীয়তা । কোনোবা চৰকাৰী অভিজাত শ্ৰেণীয়ে হয়তো ইয়াৰ খচৰা প্ৰস্তুত কৰিছিল ৷ যিসকলে কেতিয়াও সৰু সৰু চহৰ-গাঁৱলৈ ভ্ৰমণ কৰা নাই । প্ৰথম কথা সমকামী বিবাহ কোনো ধাৰণা নহয় । ই এক প্ৰয়োজনীয়তা । ই এক অধিকাৰ । ভাৰতৰ দৰে প্ৰগতিশীল, উদাৰ আৰু সৰ্বাংগীন সভ্যতাত সমলিংগ বিবাহ অপৰাধ নহয়, স্বাভাৱিক হ’ব লাগে’’ ।

উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে দেশত সমলিংগ বিবাহক আইনী স্বীকৃতি প্ৰদানৰ বাবে কৰা আৱেদনৰ ওপৰত মঙলবাৰে শুনানি গ্ৰহণ কৰিব (Same sex marriage in India case) । বিচাৰপীঠত আছে মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচুদ আৰু ন্যায়াধীশ এছ. কৌল, পি. নৰসিংহ, হিমা কোহলী আৰু এছ ৰবীন্দ্ৰ ভাট । অৱশ্যে এই ধাৰণাৰ বিৰোধিতা কৰি আহিছে কেন্দ্ৰই (Supreme court hearing on same sex marriage) ।

বিবেক অগ্নিহোত্ৰীৰ পূৰ্বে সমকামী বিবাহক সমৰ্থন কৰা বহু চেলিব্ৰিটি আছে । ইয়াৰ ভিতৰত আছে চলচ্চিত্ৰ নিৰ্মাতা অনিৰ, বলীউডৰ অভিনেতা আয়ুষ্মান খুৰানা, ফেশ্বন আইকন আৰু তাৰকা সোণম কাপুৰ, প্ৰাক্তন বিউটি কুইন চেলিনা জেটলী, নন্দিতা দাস ।

লগতে পঢ়ক : Sana Khan: অন্তঃসত্বা ছানাক টানি নিয়াৰ বাবে নেটিজেনে ট্ৰল কৰিলে আনাছক; স্বামীৰ সমৰ্থনত ছানাই ক’লে এই কথা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.