ETV Bharat / entertainment

Urfi Javed New look: বিমানবন্দৰত এলিয়েনৰ সাজত অভিনেত্ৰী, অনুৰাগীয়ে ক’লে- চিনি পাইছে নে কোন?

author img

By

Published : Jun 8, 2023, 7:30 PM IST

ৰিভিলিং আউটফিটৰ বাবে ট্ৰ’ল হোৱা উৰ্ফীক এইবাৰ দেখা গ’ল এক ব্যতিক্ৰমী লুকত ৷ এইবাৰ এলিয়েনৰ ৰূপত উৰ্ফী ৷ চাওক ভিডিঅ’ ৷

Urfi Javed spotted at Airport in alien like outfit
উৰ্ফীৰ নতুন লুক

চিটাৰা ডেস্ক, 8 জুন: প্ৰায়ে নিজৰ অদ্ভুত ফেশ্বন চেন্সৰ বাবে সংবাদ মাধ্যমত চৰ্চাত থাকে ফেশ্বন কুইন উৰ্ফী জাভেদ ৷ এইবাৰ পুনৰবাৰ লাইমলাইটলৈ আহিছে উৰ্ফী জাভেদ । এইবাৰ উৰ্ফীয়ে নিজৰ এলিয়েন লুকেৰে সকলোকে আচৰিত কৰি তুলিছে । উৰ্ফীৰ এইবাৰৰ সাজ দেখি স্তম্ভিত হৈ পৰিব আপুনিও (Urfi Javed Latest Look) ।

বল্ড লুকৰ বাবে চৰ্চাত থাকা উৰ্ফীক এইবাৰ সম্পূৰ্ণ কাপোৰ পৰিধান কৰি থকা দেখা পোৱা গৈছে (Urfi in Revealing Outfit) ৷ মূৰৰ পৰা ভৰিলৈকে ঢকা কাপোৰ পৰিধান কৰিছে উৰ্ফীয়ে ৷ উৰ্ফীক এই অৱতাৰত দেখি স্তম্ভিত হৈ পৰিল অনুৰাগী । সম্প্ৰতি উৰ্ফীৰ এই এলিয়েন লুকটো যথেষ্ট ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ অৱশ্যে উৰ্ফীৰ এই লুকৰ বাবে একাংশ ব্যৱহাৰকাৰীয়ে প্ৰশংসাও লাভ কৰিছে ৷ কিয়নো উৰ্ফীক এইবাৰ সম্পূৰ্ণ শৰীৰ ঢাকি ৰখা কাপোৰ পৰিধান কৰা দেখা পোৱা গৈছে ৷ যাৰ বাবেই প্ৰশংসা কৰিছে ছ’চিয়েল মিডিয়াত ব্যৱহাৰকাৰীয়ে।

অৱশ্যে উৰ্ফী জাভেদৰ লেটেষ্ট লুকটো বহুত আচহুৱা । নীলা ৰঙৰ সাজ-পোছাক পৰিধান কৰা দেখা গৈছে উৰ্ফীক (Urfi Javed New Video) । এইবাৰ মুখৰ পৰা ভৰিলৈকে সম্পূৰ্ণ শৰীৰটো ঢাকি ৰাখিছিল উৰ্ফীয়ে । এই লুকত উৰ্ফীয়ে নীলা ৰঙৰ চুট পৰিধান কৰিছে ৷ চুটটোত কেৱল উৰ্ফীৰ চকু আৰু ওঁঠ দুটা হে দেখা পোৱা গৈছে । সেয়াহে উৰ্ফীক এই লুকত চিনি পোৱা অলপ টান হৈ পৰে ৷ অৱশ্যে উৰ্ফীৰ অনুৰাগীয়ে উৰ্ফীক এই লুকটো চিনি পাইছিল ৷ আনকি এই অদ্ভুত সাজ-পোছাক পৰিধান কৰি উৰ্ফীয়ে পাপাৰাজীৰ সন্মুখত পোজ দিয়াও দেখা যায় (Urfi Spotted in Alien like Outfit)।

মুম্বাইত পাপাৰাজীয়ে দেখা পাইছিল উৰ্ফী জাভেদক। বাহনৰ পৰা নামি থাকোঁতে উৰ্ফি জাভেদ বুলি ধৰিবলৈ অলপ টান হৈছিল । নীলা ৰঙৰ সাজ-পোছাক পিন্ধি এলিয়েন হিচাপে ওলাই আহিছিল উৰ্ফী। উৰ্ফীয়ে নিজৰ মুখখন সম্পূৰ্ণৰূপে ঢাকি ৰাখিছিল । হাতত দীঘল হাতমোজাও লগাইছিল । ছ’চিয়েল মিডিয়াত ব্যৱহাৰকাৰীসকলে এই মন্তব্য প্ৰকাশ কৰা দেখা যায় ৷

কোনোবাই যদি এলিয়েন বুলি অভিহিত কৰিলে, আন কোনোবাই আকৌ উৰ্ফীক কেট ৱমেন বুলি কৈছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে- 'প্ৰথমবাৰৰ বাবে উৰ্ফীয়ে সঠিক কাপোৰ পৰিধান কৰিছে', আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে- 'তাই আজি এলিয়েন হৈ পৰিছে'৷ এজন অনুৰাগীয়ে লিখিছে- আট্ৰাংগী উৰ্ফীৰ কেট ৱমেন অৱতাৰ।

লগতে পঢ়ক: Uorfi Javed New Dress: এইবাৰ উৰ্ফীৰ নতুন ড্ৰেছ দেখি হতবাক হৈ পৰিল নেটিজেন; ক’লে, কোনে খালে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.