ETV Bharat / entertainment

Sunny Leone: মুম্বাই আৰক্ষীৰ প্ৰশংসাত পঞ্চমুখ হ’ল ছানী লিয়নী, কাৰণ জানো আহক

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 12:08 PM IST

৯ নৱেম্বৰত ছানী লিয়নীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত পোষ্ট শ্বেয়াৰ কৰি জনাইছিল যে মুম্বাইৰ যোগেশ্বৰীত থকা তেওঁৰ হাউচ হেল্পৰ ৯ বছৰীয়া কন্যা নিৰুদ্দেশ হৈছে । এতিয়া অভিনেত্ৰীগৰাকীয়ে আন এটা পোষ্ট শ্বেয়াৰ কৰি জনাইছে যে অৱশেষত বিচাৰি পোৱা হৈছে নিৰুদ্দিষ্ট শিশুটিক ৷ ইয়াৰ লগতে অভিনেত্ৰীগৰাকীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷

Sunny Leone Thanks Mumbai Police and fans For Finding Her House Help's Daughter
মুম্বাই আৰক্ষীক ধন্যবাদ জনাইছে ছানী লিয়নীয়ে

চিটাৰা ডেস্ক, 10 নৱেম্বৰ: যোৱা 9 নৱেম্বৰত ছানী লিয়নীয়ে নিজৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল যে মুম্বাইৰ যোগেশ্বৰীত থকা তেওঁৰ বনকৰা মহিলাৰ 9 বছৰীয়া কন্যা সন্তান নিৰুদ্দেশ হৈছে । নিৰুদ্দেশ হোৱা শিশু অনুষ্কা কিৰণ ম’ৰৰ এখন ফটোৰ সৈতে এই তথ্য ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছিল ছানীয়ে । এতিয়া অভিনেত্ৰীগৰাকীয়ে নিজৰ শেহতীয়া পোষ্টৰ জৰিয়তে জনাইছে যে নিৰুদ্দেশ হোৱা অনুষ্কাক বিচাৰি পোৱা গৈছে । পোষ্টটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কৃতজ্ঞতা প্ৰকাশ কৰিছে ।

কৃতজ্ঞতা প্ৰকাশ অভিনেত্ৰীগৰাকীৰ

শেহতীয়াকৈ ছানী লিয়নীয়ে এই ভাল খবৰটো শ্বেয়াৰ কৰিছে যে নিৰুদ্দেশ হোৱা বনকৰা মহিলাগৰাকীৰ কন্যা অনুষ্কাক বিচাৰি পাইছে । ছানীয়ে মুম্বাই আৰক্ষী আৰু পোষ্টটো শ্বেয়াৰ কৰা সকলোকে ধন্যবাদ জনাইছে, কিয়নো অনুষ্কা নিৰুদ্দেশ হোৱাৰ 24 ঘণ্টাৰ ভিতৰতে বিচাৰি পোৱা গৈছে । এই খবৰ বিয়পাই দিয়াৰ বাবে তেওঁৰ শুভাকাংক্ষীসকলৰ প্ৰতিও তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।

24 ঘন্টাৰ পিচত পোৱা গৈছে নিৰুদ্দেশ হোৱা অনুষ্কাক

পোষ্টটো শ্বেয়াৰ কৰি ছানী লিয়নীয়ে লিখিছে, ‘‘আমাৰ প্ৰাৰ্থনাৰ উত্তৰ পোৱা গৈছে । ভগৱান সঁচাকৈয়ে মহান । ভগৱানে এই পৰিয়ালটোক আশীৰ্বাদ কৰক । পৰিয়ালটোৰ পৰা মুম্বাই আৰক্ষীক বহুত বহুত ধন্যবাদ ৷ অনুষ্কা নিৰুদ্দেশ হোৱাৰ ২৪ ঘণ্টাৰ পিচত আমি ঘূৰাই পালোঁ, পোষ্টটো শ্বেয়াৰ কৰি বাতৰিটো ভাইৰেল কৰাৰ বাবে মোৰ সকলো শুভাকাংক্ষীক ধন্যবাদ, মই প্ৰত্যেককে হৃদয়ৰ পৰা ধন্যবাদ জনাইছে৷’’

ছানি লিয়নীৰ ৱৰ্কফ্ৰন্ট

চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ কাশ্যপৰ শেহতীয়া চলচ্চিত্ৰ ‘কেনেডী’ত অভিনয় কৰিছে ছানী লিয়নীয়ে, যিখন ২০২৩ চনৰ কাঁত প্ৰিমিয়াৰ হৈছিল । ছবিখনে ৭ মিনিটৰ বাবে ষ্টেণ্ডিং অভেচন লাভ কৰিছিল । ইফালে ছবিখন শেহতীয়াকৈ মামি মুম্বাই চলচ্চিত্ৰ মহোৎসৱ ২০২৩ তো প্ৰদৰ্শিত হৈছে।

লগতে পঢ়ক: Sara Ali Khan's diwali bash: ছাৰা আলী খানৰ দীপাৱলী পাৰ্টিত উপস্থিত ছাৰাৰ প্ৰাক্তন প্ৰেমিক, চাওক ভিডিঅ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.