ETV Bharat / entertainment

Jacqueline Fernandez: নৱৰাত্ৰিৰ উপলক্ষে জেকলিনলৈ সুকেশ চন্দ্ৰশেখৰৰ বিশেষ বাৰ্তা

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 11:39 AM IST

জেকলিনৰ বাবে 9 দিন উপবাস কৰিব সুকেশ চন্দ্ৰশেখৰে ৷ কাৰাগাৰৰ পৰা পুনৰ জেকলিনলৈ পত্ৰ প্ৰেৰণ কৰি জনালে এই কথা ৷

Sukesh Chandrashekhar's Navratri special message to Jacqueline Fernandez, 'Gonna fast all the 9 days'
জেকলিনলৈ পুনৰ পত্ৰ প্ৰেৰণ সুকেশ চন্দ্ৰশেখৰেৰ

চিটাৰা ডেস্ক, 16 অক্টোবৰ: প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে পুনৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজলৈ প্ৰেৰণ কৰিছে এখন নতুন প্ৰেম পত্ৰ । ইয়াৰ লগে লগে পুনৰ চৰ্চালৈ আহিছে অভিনেত্ৰীগৰাকী ৷ কোটি কোটি টকাৰ জালিয়াতিৰ অভিযোগত কাৰাগাৰত কাৰাবন্দী খাটি থকা সুকেশে ইয়াৰ পূৰ্বেও বহুবাৰ বলীউডৰ ডিভা জেকলিন ফাৰ্নাণ্ডেজলৈ প্ৰেম পত্ৰ প্ৰেৰণ কৰিছে ৷ সুকেশে কাৰাগাৰৰ পৰাই জেকলিনলৈ প্ৰেম পত্ৰৰ জৰিয়তে নিজৰ প্ৰেম প্ৰকাশ কৰে ৷ এইবাৰ নতুন চিঠিখনত সুকেশে জেকলিনৰ বাবে নৱৰাত্ৰিৰ সমগ্ৰ ন দিন উপবাস ৰখাৰ প্ৰতিশ্ৰুতি দিছে ।

উল্লেখ্য যে, প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰ আৰু জেকলিন ফাৰ্নাণ্ডেজৰ ডেটিঙৰ খবৰ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছিল । অৱশ্যে সুকেশৰ সৈতে কোনো সম্পৰ্ক থকা বুলি অস্বীকাৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে । কিন্তু সুকেশৰ সৈতে জেকলিনৰ কিছু অন্তৰংগ ফটোও ভাইৰেল হৈ পৰিছিল । এতিয়া সুকেশে জেলৰ পৰাই প্ৰেমৰ চিঠি লিখি জেকলিনৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰি থকা পৰিলক্ষিত হয় । নৱৰাত্ৰিৰ দিনা সুকেশে জেকলিনলৈ এটা বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে য’ত সুকেশে কয় যে জেকলিনৰ বাবে তেওঁ ৯ দিন উপবাসে থাকিব । ইয়াৰ দ্বাৰা দুয়োৰে মাজত চলি থকা মনোমালিন্য দূৰ হ’ব । লগতে জেকলিনৰ জীৱনৰ পৰা নেতিবাচকতা আঁতৰি যাব ।

সুকেশে পত্ৰখনত লিখিছে, "বেবী, তোমাক 'দোহা শ্ব'ত ছুপাৰ হট আৰু ধুনীয়া দেখা গৈছিল । বেবী, তোমাতকৈ ধুনীয়া কোনো নাই মোৰ বম্মা । বেবী, যিহেতু কাইলৈৰ পৰা নৱৰাত্ৰি আৰম্ভ হৈছে, জীৱনত প্ৰথমবাৰৰ বাবে 'তোমাৰ মংগল' আৰু বিশেষকৈ আমাৰ চৌপাশৰ নেতিবাচকতা আঁতৰাবলৈ মই সম্পূৰ্ণ ৯ দিন উপবাস কৰিম । মা শক্তিৰ আশীৰ্বাদত আমাৰ মাজত থকা ভুল বুজাবুজি দূৰ হ’ব আৰু সত্যই প্ৰাধান্য পাব ৷ আমি অতি সোনকালে ইগৰাকীয়ে সিগৰাকীৰ সৈতে থাকিম ।

সুকেশে চিঠিখনত লগতে লিখিছে, "এতিয়া মই তোমাৰ একো ক্ষতি হ’ব নিদিওঁ ।" বেবী, এই পৃথিৱীৰ কোনো 'পিঞ্জৰা'ই মোক তোমাক ভালপোৱা, তোমাক ৰক্ষা কৰা আৰু তোমাৰ পক্ষত থিয় দিয়াত বাধা দিব নোৱাৰিব । বেবী, মই জানো তুমি মোক কিমান ভাল পোৱা, মই তোমাৰ বাবে জীয়াই আছো আৰু মই তোমাৰ বাবে মৰিম । মোৰ শ্বেৰনী, মোৰ শক্তি, মই তোমাক ভাল পাওঁ ।"

ইয়াৰ উপৰিও সুকেশে নৱৰাত্ৰিৰ পিচত মা বৈষ্ণো দেৱী মন্দিৰ আৰু মহাকালেশ্বৰ মন্দিৰত জেকলিনৰ বাবে বিশেষ পূজা আৰতিৰ আয়োজন কৰাৰ প্ৰতিশ্ৰুতি দিছে ।

লগতে পঢ়ক: Jacqueline Fernandez Birthday: জেকলিনৰ জন্মদিনত ৰোমান্টিক হ’ল প্ৰৱঞ্চক সুকেশ, কাৰাগাৰৰ পৰা পঠিয়ালে প্ৰেম পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.