ETV Bharat / entertainment

Mika Singh: প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে মিকা সিঙলৈ প্ৰেৰণ কৰিলে আইনী জাননী

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 1:26 PM IST

প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে মিকা সিঙলৈ প্ৰেৰণ কৰিছে আইনী জাননী । জেকলিন ফাৰ্নাণ্ডেছ আৰু হলিউডৰ অভিনেতা জিন ক্ল’ডৰ ওপৰত মন্তব্য দিয়াৰ বাবে সুকেশ চন্দ্ৰশেখৰে মিকা সিঙলৈ আইনী জাননী প্ৰেৰণ কৰিছে ।

Sukesh Chandrashekhar sends legal notice to Mika Singh over comment on Jacqueliene Fernandezs pic
জেকলিনৰ ফটোত মন্তব্য কৰি বিপদত মিকা সিং

চিটাৰা ডেস্ক, 5 অক্টোবৰ: বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছৰ ফটোত মন্তব্য কৰি বিপদত পৰিল কণ্ঠশিল্পী মিকা সিং ৷ জেকলিনৰ ফটোত মন্তব্য কৰাৰ বাবে কণ্ঠশিল্পী মিকা সিঙলৈ আইনী জাননী প্ৰেৰণ কৰিছে প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰে । শেহতীয়াকৈ জেকলিন ফাৰ্নাণ্ডেছে হলিউডৰ অভিনেতা জিন ক্ল’ড ভ্যান ডেমৰ সৈতে এখন ফটো পোষ্ট কৰিছিল । এই ফটোখনক লৈ মিকা সিঙে ইতিকিং কৰিছিল । যিটো সন্দৰ্ভত সুকেশে এতিয়া মিকা সিঙক সকীয়নি প্ৰদান কৰিছে ।

জেকলিন ফাৰ্নাণ্ডেছ আৰু হলিউডৰ অভিনেতা জিন ক্ল’ডৰ ফটোখন ৰিটুইট কৰি মিকাই লিখিছিল, ‘‘আপোনাক বৰ ধুনীয়া দেখা গৈছে, এইজন সুকেশতকৈ বহু গুণে ভাল ’। এই বিতৰ্কিত মন্তব্যৰ কিছু সময়ৰ পিচতে মিকা সিঙে নিজৰ পোষ্টটো ডিলিট কৰি দিয়ে । অৱশ্যে তেতিয়ালৈকে মিকা সিঙৰ এই পোষ্টটো ভাইৰেল হৈ পৰিছিল ।

মিকা সিঙক সকীয়াই দিলে সুকেশ চন্দ্ৰশেখৰে

এতিয়া কাৰাগাৰত আৱদ্ধ হৈ থকা সুকেশ চন্দ্ৰশেখৰে মিকা সিঙলৈ আইনী জাননী প্ৰেৰণ কৰিছে । সুকেশৰ অধিবক্তা অনন্ত মালিকে জাননীখনত কৈছে, ‘‘এই বক্তব্যৰ জৰিয়তে আপুনি মোৰ ক্লায়েণ্টৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে । আপোনাৰ মন্তব্যৰ বাবেই তেওঁ সংবাদ মাধ্যমৰ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল । এই পৰিস্থিতিয়ে তেওঁলোকৰ বৰ্তমানৰ সংকট বৃদ্ধি কৰি আছে আৰু তেওঁলোকে অহৰহ সংবাদ মাধ্যমৰ বিচাৰৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ।’’

জাননীখনত কি লিখা আছিল

কেৱল এয়াই নহয়, এই আইনী জাননীতো লিখা আছে যে সুকেশ বলীউডৰ পৰা ৰাজনৈতিক ঘৰলৈকে বিশ্বাসযোগ্যতা থকা এজন বিখ্যাত ব্যক্তিত্ব । সেয়েহ, এনে বক্তব্যই সুকেশৰ ভাবমূর্তি কলংকিত কৰিছে ৷ যিহেতু মিকা সিং এগৰাকী কণ্ঠশিল্পী আৰু তেওঁ জানে এই উদ্যোগটোত নিজৰ নাম বনাই ৰাখিবলৈ কিমান চেষ্টা কৰা হয় ৷ সুকেশে কয় যে এই সকলোবোৰ কথা জানিও মিকা সিঙে এইবোৰ মন্তব্য কৰিব নালাগিছিল।

মিকা সিঙৰ পৰা ক্ষমা খুজিবলৈ দাবী কৰিছে সুকেশে

জাননীখনত কোৱা হৈছে যে ,‘‘আমাৰ ক্লায়েণ্টক বদনাম কৰা আৰু তেওঁৰ সুনাম কলংকিত কৰাৰ বাবে আপোনাৰ ফালৰ পৰা এইটো এটা ইচ্ছাকৃত আৰু হতাশজনক কাম । এই ধৰণৰ আচৰণ তেওঁ সহ্য নকৰে । গতিকে আপোনাক জনোৱা হৈছে যে মানহানিকাৰক মন্তব্যৰ দ্বাৰা আপুনি মানহানিৰ গুৰুতৰ অপৰাধমূলক অপৰাধ কৰিছে আৰু সেয়েহে অন্যান্য বিষয়ৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ১৮৬০ চনৰ ৪৯৯/৫০০ ধাৰাত আপোনাৰ বিৰুদ্ধে গোচৰ চলোৱা হ’ব ৷’’

লগতে পঢ়ক: Shipa Shetty Husband: পৰ্ণগ্ৰাফী গোচৰত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ কৰিলে ৰাজ কুন্দ্ৰাই, ক’লে - কাপোৰ খোলাৰ কাম . .

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.