ETV Bharat / entertainment

Sridevi's 60th Birthday: শ্ৰীদেৱীৰ জন্মদিনত গুগল ডুডলে জনালে শুভেচ্ছা, জানো আহক চান্দনীৰ চলচ্চিত্ৰ যাত্ৰাৰ বিষয়ে

author img

By

Published : Aug 13, 2023, 10:39 AM IST

আজি বলীউডৰ চিৰসেউজ অভিনেত্ৰী শ্ৰীদেৱীৰ ৬০ সংখ্যক জন্মদিন ৷ এই উপলক্ষে গুগল ডুগলে অভিনেত্ৰীগৰাকীৰ ফটো ব্যৱহাৰ কৰাৰ লগতে এটা সুন্দৰ টোকাও শ্বেয়াৰ কৰিছে । গুগল ডুডলে টোকাটোত কি লিখিছে চাওঁ আহক...

Sridevi's 60th birthday Google Doodle celebrates Bollywood actress Sridevi's 60th birthday
শ্ৰীদেৱীৰ ৬০ সংখ্যক জন্মদিন

চিটাৰা ডেস্ক, 13 আগষ্ট: ছবি জগতৰ মোহময়ী অভিনেত্ৰী তথা বলিউডৰ প্ৰথমগৰাকী মহিলা ছুপাৰষ্টাৰ আছিল তেখেত ৷ এটা বা দুটা নহয় পাঁচটা দশক বলীউডত নিজৰ মন্ত্ৰমুগ্ধ অভিনয়ৰে স্থান দখল কৰিছিল এইগৰাকী চিৰসেউজ অভিনেত্ৰীয়ে ৷ হয়, আমি কৈছো বলীউডৰ চিৰসেউজ তথা ‘হাৱা হাৱাই গাৰ্ল’ নামেৰে পৰিচিত শ্ৰীদেৱীৰ কথা ৷ আজি অভিনেত্ৰীগৰাকীৰ জন্মদিন ৷ অৱশ্যে অভিনেত্ৰীগৰাকী বৰ্তমান আমাৰ মাজত যদিও নাই তথাপিও কোনেও পাহৰি যোৱা নাই অভিনেত্ৰীগৰাকীক ৷ মৃত্যুৰ ৫ বছৰৰ পাচতো গুগল ডুডলে শ্ৰীদেৱীক আইকনিক অভিনেত্ৰী হিচাপে মনত ৰাখিছে । এই বিশেষ দিনটোত গুগলে ‘হাৱা হাৱাই গাৰ্ল’ৰ ৬০ সংখ্যক জন্মদিন উদযাপন কৰিছে এক ৰঙীন ‘গুগল ডুডল’ৰ সৈতে ৷

গুগলে এই অতি সুন্দৰ ডুডল ছবিখনৰ কৃতিত্ব প্ৰদান কৰে মুম্বাইৰ অতিথি শিল্পী ভূমিকা মুখাৰ্জীক । ৪ বছৰ বয়সৰ পৰাই শ্ৰীদেৱীয়ে চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল । ডুডলে লগতে ছবি জগতত তেওঁৰ সুন্দৰ যাত্ৰাৰ তথ্যও শ্বেয়াৰ কৰিছে । ডুডলে কৈছে, ‘‘শৈশৱতে তেওঁ ছবিৰ প্ৰেমত পৰিছিল আৰু চাৰি বছৰ বয়সৰ পৰাই তেওঁ ছবি জগতত কেৰিয়াৰ আৰম্ভ কৰিছিল ৷ তামিল ছবি ‘কান্ধন কৰুণাই’ ছবিখনৰ পৰা ছবিজগতত আত্মপ্ৰকাশ কৰিছিল শ্ৰীদেৱীয়ে ৷’’ টোকাটোত গুগলে লগতে লিখিছে, ‘‘শ্ৰীদেৱীয়ে দক্ষিণৰ বহু ভাষা শিকিছিল, যাৰ ফলত তেওঁ ভাৰতৰ অন্যান্য চলচ্চিত্ৰ উদ্যোগত কাম কৰাৰ সুযোগ লাভ কৰিছিল ।’’

গুগল ডুডলৰ মতে, ২০০০ চনৰ আৰম্ভণিতে শ্ৰীদেৱীয়ে অভিনয়ৰ পৰা বিৰতি লৈছিল । ইয়াৰ পিচত তেওঁ এছিয়ান একাডেমী অৱ ফিল্ম এণ্ড টেলিভিছনৰ পৰিচালনা সমিতিৰ দলত যোগদান কৰে । বহুবছৰৰ মূৰত ২০১২ চনত পুনৰ ডাঙৰ পৰ্দালৈ উভতি আহিছিল ‘ইংলিছ ভিংলিছ’ ছবিখনৰ জৰিয়তে । দীৰ্ঘদিনীয়া ব্যৱধানৰ অন্তত বলীউডৰ এগৰাকী লিডিং লেডী হিচাপে তেওঁৰ সফল প্ৰত্যাৱৰ্তন ঘটিছিল এই ছবিখনৰ দ্বাৰা । ভাৰত চৰকাৰেও তেওঁক ‘পদ্মশ্ৰী’ৰ দৰে বৃহৎ বঁটাৰে সন্মানিত কৰিছে । ইয়াৰ পিচত ২০১৭ চনত ক্ৰাইম থ্ৰিলাৰ ‘মম’ ছবিখনত এগৰাকী সুৰক্ষামূলক মাতৃৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল । এই ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল ।

শ্ৰীদেৱীৰ সম্পূৰ্ণ নাম আছিল শ্ৰী আম্মা ইয়াংগেৰ আয়্যাপ্পান, ১৯৬৩ চনৰ ১৩ আগষ্টত তামিলনাডুৰ এখন সৰু গাঁও মীনমপট্টিত শ্ৰীদেৱীৰ জন্ম হৈছিল । শ্ৰীদেৱীয়ে নিজৰ কেৰিয়াৰত ৩০০ ৰো অধিক ছবিত অভিনয় কৰিছে ৷ ২০১৮ চনত বিশ্ববাসীৰ বিদায় লয় শ্ৰীদেৱীয়ে ।

লগতে পঢ়ক: Remembering Sridevi: শ্ৰীদেৱীৰ মৃত্যুবাৰ্ষিকীত জানো আহক তেখেতৰ বিষয়ে কেইটামান নজনা কথা . . .

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.