চিটাৰা ডেস্ক, 18 আগষ্ট : বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ আটাইতকৈ জনপ্ৰিয় অনুষ্ঠান ‘কফি উইথ কৰণ ৭’ৰ আন এটা খণ্ডৰ প্ৰমো চৰ্চালৈ আহিছে । এই খণ্ডটোত দেখিবলৈ পোৱা যাব বিকী কৌশল আৰু সিদ্ধাৰ্থ মলহোত্ৰাক । বিকী আৰু সিদ্ধাৰ্থে ব্যক্তিগত জীৱনৰ ওপৰত আলোচনা কৰা দেখিবলৈ পোৱা গৈছে ।
এতিয়ালৈকে সিদ্ধাৰ্থ আৰু কিয়াৰা নিজৰ সম্পৰ্কক লৈ মৌন হৈ আছে । অৱশ্যে ছ’চিয়েল মিডিয়াত বহু সময় ধৰি দুয়োৰে মাজৰ সম্পৰ্কক লৈ আলোচনা হৈ আছে । যোৱা বছৰ মুক্তি পোৱা ‘শ্বেৰশ্বাহ’ ছবিখনৰ পৰাই সিদ্ধাৰ্থ-কিয়াৰাৰ প্ৰেম লাইমলাইটলৈ আহিছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">
আচলতে কৰণে শ্ব’টোত সিদ্ধাৰ্থক কিয়াৰাৰ এটা ভিডিঅ’ দেখুৱাই । এই ভিডিঅ'টো কৰণৰ শ্ব’টোৰ পৰৱৰ্তী খণ্ডৰ, য'ত তেওঁক শ্বাহিদ কাপুৰৰ সৈতে দেখিবলৈ পোৱা যাব । এতিয়া এই ভিডিঅ'টো সন্দৰ্ভত কৰণে সিদ্ধাৰ্থক প্ৰশ্ন কৰিছে ।
সিদ্ধাৰ্থক দেখুওৱা ভিডিঅ’টোত কৰণে শ্ব’লৈ অহা কিয়াৰাক সুধিছে যে সিদ্ধাৰ্থৰ সৈতে তেওঁৰ সম্পৰ্ক ‘কবীৰ সিং’ৰ হিংসাত্মক সম্পৰ্কৰ পৰা পৃথক নেকি? এই কথাত কিয়াৰাই মিঠা হাঁহি এটা মাৰি কয় যে আপুনি জোৰকৈ মুখৰ পৰা কথা উলিয়াই আনিবলৈ চেষ্টা কৰিছে ।
- " class="align-text-top noRightClick twitterSection" data="
">
তাৰ পিছত কৰণে কয় যে যোৱাটো ছিজনত মানুহে নিজৰ সম্পৰ্কৰ কথা লুকুৱাই ৰাখিছিল । শ্ব’টোত কিয়াৰাই না সম্পৰ্কত থকাৰ কথা উল্লেখ কৰে না কিবা কথা অস্বীকাৰ কৰে । তেওঁ কয় যে সিদ্ধাৰ্থৰ সৈতে সম্পৰ্ক ঘনিষ্ঠ বন্ধুৰ সম্পৰ্কতকৈও অধিক গাঢ় ।
- " class="align-text-top noRightClick twitterSection" data="
">
কৰণে সিদ্ধাৰ্থক আগন্তুক খণ্ডটোৰ কিছু আভাস দিয়ে, য’ত কৰণে কিয়াৰাক বিবাহৰ বিষয়ে প্ৰশ্ন কৰা দেখা যায় । প্ৰশ্নটোৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ জীৱনত এই কামটো কৰিব কিন্তু এই শ্ব’টোত কেতিয়াও নিজৰ পৰিকল্পনাৰ কথা প্ৰকাশ নকৰে । এই ভিডিঅ'টো দেখুৱাই আচলতে কৰণে সিদ্ধাৰ্থৰ প্ৰতিক্ৰিয়া ল'ব বিচাৰিছিল ।
ইয়াৰ পিছত কৰণ জোহৰে সিদ্ধাৰ্থক কয় যে তেওঁলোকৰ বিয়াত কি কি কৰিব তেওঁ ইতিমধ্যেই পৰিকল্পনা কৰিছে ৷ তেতিয়া সিদ্ধাৰ্থে কয়, ‘বাৰু আপুনি সাজু হৈছে । এতিয়া আমিও হওঁ’ । কিয়াৰা আৰু সিদ্ধাৰ্থৰ এই প্ৰতিক্ৰিয়াৰ পিছতে দুয়োৰে সম্পৰ্কক লৈ অধিক আগ্ৰহী হৈ পৰিছে অনুৰাগী ৷
লগতে পঢ়ক : ৰাঘৱ জুয়ালৰে প্ৰেমৰ বাতৰি সন্দৰ্ভত মুখ খুলিলে শ্বেহনাজ গীলে