ETV Bharat / entertainment

Sara Ali Khan-Kareena kapoor: মাহীমাক কৰীণাক কি নামেৰে মাতে ছাৰা আলী খানে ? খোদ ক’লে ছাৰাই

ছাৰা আলী খানে নিজৰ পৰিয়ালক বহুত ভাল পায় । মাতৃ আৰু ভাতৃৰ উপৰিও ছ’চিয়েল মিডিয়াত মাহীমাক কৰীণা কাপুৰৰ সৈতেও ছবি শ্বেয়াৰ কৰে ছাৰাই ।

Sara Ali Khan And Step Mother Kareena Kapoor Age Difference Know About Relationship Between Them
ছাৰা-কৰীণাৰ বয়সৰ পাৰ্থক্য
author img

By

Published : Aug 2, 2023, 5:04 PM IST

চিটাৰা ডেস্ক, 2 জুলাই: বলীউডৰ অভিনেত্ৰী ছাৰা আলী খান কেতিয়াবা যদি নিজৰ পেছাদাৰী কাৰণত, আকৌ কেতিয়াবা ব্যক্তিগত জীৱনৰ বাবে চৰ্চাত থাকে ৷ ছাৰাই প্ৰায়ে পৰিয়ালৰ সৈতে ছবি শ্বেয়াৰ কৰে । মাহীমাকৰ পুত্ৰ টাইমুৰ আৰু জেহক লগ কৰিবলৈ প্ৰায়ে পিতৃ ছাইফৰ ঘৰলৈ যায় অভিনেত্ৰীগৰাকী । ছাৰা আৰু তেওঁৰ ভাতৃ ইব্ৰাহিম দুয়ো মাহীমা কৰীণা কাপুৰৰ সৈতে ভাল বণ্ডিং শ্বেয়াৰ কৰে ৷ পিতৃ ছাইফ আলী খানৰ দ্বিতীয় বিবাহত অংশ লৈছিল ছাৰা আৰু ইব্ৰাহীমে । কিন্তু আপুনি জানেনে ছাৰা আৰু কৰীণাৰ বয়সৰ ব্যৱধান কিমান ? জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

কৰীণা আৰু ছাৰাৰ বয়সৰ ব্যৱধান কিমান ?

কৰীণা কাপুৰ আৰু ছাৰা আলী খানৰ বয়সৰ মাজত ১৫ বছৰৰ পাৰ্থক্য আছে । হয়, ছাৰা কৰীণাতকৈ ১৫ বছৰৰ সৰু । কৰীণাৰ জন্ম হৈছিল ১৯৮০ চনৰ ২১ ছেপ্টেম্বৰত আৰু ছাৰাৰ জন্ম হৈছিল ১৯৯৫ চনৰ ১২ আগষ্টত । বয়সৰ পাৰ্থক্য থাকিলেও তেওঁলোক বন্ধুৰ দৰেই থাকে।

কৰীণাক কি নামেৰে মাত ছাৰাই ?

ছাৰাই এটা চেট শ্ব’ত কৈছিল যে তেওঁৰ পিতৃ ছাইফ আলী খানে কেতিয়াও কৰীণাক সৰু মা বা মাতৃ বুলি ক’বলৈ কোৱা নাছিল । ছাৰাই কৈছিল - মই তেওঁক কে বা কৰীণা বুলি কওঁ । আমি দুয়ো বন্ধুৰ দৰে । ছাৰাই কৈছিল যে কৰীণাক লগ পোৱাৰ সময়ত কৰীণাই ছাৰাক কৈছিল- তোমাৰ মাতৃ বহুত ভাল । মই বিচাৰো আমি এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাটো ৷

ছাৰা আৰু কৰীণাই প্ৰায়ে ছ’চিয়েল মিডিয়াত তেওঁলোকৰ গেট-টুগেদাৰৰ ছবি শ্বেয়াৰ কৰে । কৰীণা বা তেওঁৰ দুই ভাতৃ টাইমুৰ আৰু জেহৰ জন্মদিনত ছাৰাই ছ’চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰাও দেখা যায় । একে সময়তে কৰীণাই ছাৰা আৰু ইব্ৰাহিমৰ জন্মদিনত ফটো শ্বেয়াৰ কৰে।

ইফালে কৰ্মক্ষেত্ৰত অতি সোনকালে অনুৰাগ বসুৰ ‘মেট্ৰ’.. ইন দিনো’ত ছবিখনত আদিত্য ৰায় কাপুৰৰ সৈতে দেখা যাব ছাৰা আলী খানক। শেষবাৰৰ বাবে তেওঁক বিকী কৌশলৰ বিপৰীতে জাৰা হাটকে জাৰা বাচকে ছবিত দেখা গৈছিল ।

লগতে পঢ়ক: Made In Heaven 2 Trailer: মেড ইন হেভেন ২ৰ ট্ৰেইলাৰ মুকলি, বিবাহ আৰু ভুৱা সম্পৰ্কৰ সত্যতা দেখুৱাব ধাৰাবাহিকখনত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.