চিটাৰা ডেস্ক, 13 ছেপ্টেম্বৰ : বলীউডৰ ‘কুইন’ কংগনা ৰাণাৱটে বহু প্ৰতীক্ষিত ছবি ‘ইমাৰ্জেন্সী’ৰ পৰা প্ৰয়াত নেতা সঞ্জয় গান্ধীৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰিছে । 13 ছেপ্টেম্বৰৰ পুৱা কংগনাই সঞ্জয় গান্ধীৰ ফাৰ্ষ্ট লুকটো নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে মুকলি কৰিছে । ছবিখনত সঞ্জয় গান্ধীৰ চৰিত্ৰত দেখা পোৱা যাব দক্ষিণৰ অভিনেতা বিশক নায়ৰক।
- " class="align-text-top noRightClick twitterSection" data="
">
সঞ্জয় গান্ধীৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰি কংগনা ৰাণাৱটে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত লিখিছে, ‘প্ৰতিভাসম্পন্ন শক্তিশালী বিশক নায়ৰক সঞ্জয় গান্ধী হিচাপে চিনাকি কৰাই দিছো, সঞ্জয় ইন্দিৰাৰ আত্মা আছিল, যাক ইন্দিৰাই সবাতোকৈ বেছি মৰম কৰিছিল আৰু হেৰুৱাইছিল ।
অভিনেত্ৰী কংগনা ৰাণাৱটৰ ছবি ‘ইমাৰ্জেন্সী’ত সঞ্জয় গান্ধীৰ চৰিত্ৰত দেখা যাব বিশক নায়ৰক । মালয়ালম চিনেমাৰ এজন যুৱ অভিনেতা বিশক । 2016 চনত তেওঁ প্ৰথমবাৰৰ বাবে মালয়ালম ছবি ‘আনন্দম’ত অভিনয় কৰিছিল ।
- " class="align-text-top noRightClick twitterSection" data="
">
2021 চনত তেওঁ ‘তোহফা’ ছবিৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল । ইয়াৰ পিছত তেওঁক ‘ৰথ’ (2021) ছবিখনত দেখা গৈছিল । বিশকে নেটফ্লিক্স হিন্দী চিৰিজ ‘চন্দন’তো (2022) অভিনয় কৰিছিল ।
এই ছবিখনত কংগনা ৰাণাৱটে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিব । ছবিখনত শ্ৰেয়াস তালপাড়েই অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত অভিনয় কৰিছে, অভিনেতা তথা মডেল মিলিন্দ সোমনে ছেম মানেকশ্ব’ৰ চৰিত্ৰত, মহিমা চৌধুৰীয়ে লেখিকা পুপুল জয়কাৰৰ চৰিত্ৰত আৰু অভিনেতা অনুপম খেৰে লোকবীৰ জয় প্ৰকাশ নাৰায়ণৰ চৰিত্ৰত অভিনয় কৰিছে ( Emergency movie cast)।
ছবিখনৰ টিজাৰ মুকলি হৈছে আৰু অনুৰাগীয়ে সাংঘাতিক ধৰণে ভাল পাইছে টিজাৰটো । এতিয়া ছবিখনৰ ট্ৰেইলাৰলৈ অপেক্ষা কৰি আছে অনুৰাগীসকলে । ছবিখনৰ মুক্তি সম্পৰ্কত এতিয়াও ঘোষণা কৰা হোৱা নাই ।
লগতে পঢ়ক : স্তন কেঞ্চাৰক পৰাস্ত কৰি পুনৰ বলীউডলৈ উভতিল মহিমা চৌধুৰী