ETV Bharat / entertainment

২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰ, ইডিৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ জেকলিন ফাৰ্নাণ্ডেজ

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 11:06 AM IST

Jacqueline Fernandez Moves Delhi HC: ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত এফআইআৰ বাতিলৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে জেকলিন ফাৰ্নাণ্ডেজ ।

Rs 200 crore ED case: Jacqueline moves Delhi HC, seeks quashing of FIR, proceedings
২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰ

চিটাৰা ডেস্ক, ১৯ ডিচেম্বৰ: সুকেশ চন্দ্ৰশেখৰ কোন সেয়া নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই ৷ কাৰণ ২০০ কোটি টকাৰ প্ৰৱঞ্চনাৰ গোচৰত কাৰাগাৰত বন্দী হৈ থকা প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ কথা সকলোৱে জানে ৷ বহু জনপ্ৰিয় অভিনেত্ৰীক দামী দামী উপহাৰ দি নিজৰ প্ৰেমৰ জালত পেলাইছিল সুকেশ চন্দ্ৰশেখৰে ৷ সুকেশৰ সৈতে অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজে, নোৰা ফাতেহী, নিকি তাম্বুলীকে আদি কৰি বহু অভিনেত্ৰীৰ নাম সাঙুৰ খাইছিল ৷

ইফালে সুকেশৰ সৈতে জড়িত ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত ইডিয়ে দাখিল কৰা ইচিআইআৰ (এফআইআৰ) আৰু পৰিপূৰক চাৰ্জশ্বীট বাতিলৰ দাবীত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ।

ফাৰ্নাণ্ডেছৰ আবেদনত উল্লেখ কৰা হৈছে যে ইডিয়ে দাখিল কৰা প্ৰমাণে এই কথা প্ৰমাণ কৰিব যে আবেদনকাৰী ফাৰ্নাণ্ডেজ সুকেশ চন্দ্ৰশেখৰৰ দুৰ্নীতিপৰায়ণ লক্ষ্যভিত্তিক আক্ৰমণৰ নিৰীহ বলি হৈছে । অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰা ধন সৰবৰাহ কৰাৰ অভিযোগত তেওঁ কোনো ধৰণে জড়িত নহয়, কিন্তু তেওঁৰ বিৰুদ্ধে এই অপৰাধৰ অভিযোগ উত্থাপন হৈছে ২০০২ চনৰ ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ ৩ আৰু ৪ নং ধাৰাত।

জেকলিনে লগতে কয় যে বিতৰ্কিত অভিযোগত আবেদনকাৰীক অভিযুক্ত হিচাপে দোষী সাব্যস্ত কৰাৰ সময়ত ইডিয়ে পক্ষপাতিত্বমূলকভাৱে কাম কৰিছে ।

অভিনেত্ৰী নোৰা ফাতেহীয়ে লাভ কৰিছে ক্লিন চিট

সংবাদ সংস্থা এএনআইৰ প্ৰতিবেদন অনুসৰি অভিনেত্ৰী নোৰা ফাতেহীক ইডিয়ে ক্লীন চিট প্ৰদান কৰিছে, যদিও ৰেকৰ্ডত গ্ৰহণ কৰা হৈছে যে তেওঁৰ নিৰ্দেশনা অনুসৰি তেওঁৰ পৰিয়ালৰ সদস্যই সুকেশ চন্দ্ৰশেখৰৰ পৰা এখন বিএমডব্লিউ গাড়ী লাভ কৰিছিল । নোৰা ফাতেহীয়ে সুকেশ চন্দ্ৰশেখৰৰ পৰা উপহাৰ লাভ কৰাৰ সত্যটো ইডিয়ে ‘অপৰাধৰ পৰা পোৱা ধনৰ অপচয়মূলক ব্যয়’ শীৰ্ষক শিৰোনামেৰে দাখিল কৰিছে ।

ইফালে জেকলিনে কয় যে আবেদনখনত কোৱা হৈছে যে ইডিয়ে দাখিল কৰা সমগ্ৰ গোচৰটো আবেদনকাৰীৰ সৈতে শ্বেয়াৰ কৰা এটা কথিত বাতৰিৰ ওপৰত নিৰ্ভৰশীল । এই একক প্ৰমাণৰ ভিত্তিত ইডিয়ে যুক্তি আগবঢ়ায় যে আবেদনকাৰীয়ে নিশ্চয় সুকেশৰ কাৰাদণ্ডৰ বিষয়ে জানিছিল যদিও তথাপিও তেওঁৰ পৰা উপহাৰ গ্ৰহণ কৰিছিল । এইদৰে তেওঁৰ বিৰুদ্ধে ধন সৰবৰাহৰ অভিযোগ উত্থাপন কৰা হৈছে ।

ইডিৰ সন্মুখত হাজিৰ হৈছে জেকলিন

অভিযুক্ত প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত জেকলিন ফাৰ্নাণ্ডেজক জেৰা কৰি আছে ইডিয়ে । এই গোচৰৰ তদন্তত জেকলিনে ইডিৰ সন্মুখত জেৰাৰ বাবে হাজিৰ হৈছিল । জেকলিন শ্ৰীলংকাৰ নাগৰিক আৰু ২০০৯ চনৰ পৰা ভাৰতত বাস কৰি আহিছে । দিল্লী আৰক্ষীৰ তথ্য অনুসৰি মুম্বাইৰ পিংকি ইৰানী সুকেশ চন্দ্ৰশেখৰৰ ঘনিষ্ঠ সহযোগী বুলি কোৱা হৈছে আৰু তেওঁৱেই তেওঁক বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ সৈতে চিনাকি কৰাই দিছিল ।

লগতে পঢ়ক: Sukesh Love Letter: কাৰাগাৰৰ পৰাই জেকলিনলৈ প্ৰেৰণ প্ৰেম পত্ৰ প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.