ETV Bharat / entertainment

সাজু হওক প্ৰাণ খুলি হাঁহিবলৈ, মুক্তিৰ পথত গোলমাল 5

Rohit Shetty confirms Golmaal 5: ৰোহিত চেট্টীয়ে গোলমাল ৫ ৰ কথা নিশ্চিত কৰিছে ৷ পৰিচালকে প্ৰকাশ কৰিছে যে ছবিখন এখন বৃহৎ ছবি আৰু বহু বিস্তৃতভাৱে কাহিনী বৰ্ণনা কৰা হ’ব ৷

ROHIT SHETTY CONFIRMS GOLMAAL 5 DIRECTOR REVEALS IT WILL BE BIGGER AND BETTER DEETS INSIDE
গোলমাল 5 আহি আছে
author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 4:37 PM IST

চিটাৰা ডেস্ক, 18 জানুৱাৰী : কৌতুক চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে ভাল খবৰ । গোলমাল ৫ ত মোহৰ লগালে ৰোহিত চেট্টীয়ে ৷ সমান্তৰালকৈ জানিবলৈ দিছে যে তেওঁ কি স্তৰত এই ছবিখনৰ কাম কৰিব আৰু কেতিয়া এই ছবিখন মুকলি কৰিব ।

বলীউডৰ একশ্যন ছবিৰ বিখ্যাত পৰিচালক ৰোহিত চেট্টীয়ে তেওঁৰ প্ৰথম অ’টিটি ছিৰিজ ইণ্ডিয়ান পুলিচ ফৰ্চৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আছে । বিবেক অবেৰয়, সিদ্ধাৰ্থ মালহোত্ৰা, শিল্পা চেট্টী আৰু নিকেতন ধীৰ অভিনীত ধাৰাবাহিক ইণ্ডিয়ান পুলিচ ফৰ্চ ১৯ জানুৱাৰীত আমাজন প্ৰাইমত মুক্তি পাব । মুক্তিৰ পূৰ্বে ৰোহিত চেট্টী আৰু ইণ্ডিয়ান পুলিচ ফৰ্চৰ সকলো কলা-কুশলী ইয়াৰ প্ৰচাৰত নিয়োজিত হৈ আছে ৷ তাৰ মাজতে এক সাক্ষাৎকাৰত ৰোহিত চেট্টীয়ে তেওঁৰ কমেডী ফ্ৰেঞ্চাইজি ‘গোলমাল’ৰ পঞ্চম কিস্তিত অনুমোদন জনাইছে ।

ৰোহিত চেট্টীৰ সৈতে তেওঁৰ প্ৰথম ধাৰাবাহিক ইণ্ডিয়ান পুলিচ ফৰ্চৰ কথা পাতি থকাৰ মাজতে তেওঁৰ গোলমাল ছিৰিজ সন্দৰ্ভত এটা প্ৰশ্ন কৰা হৈছিল য’ত তেওঁ কয় যে গোলমাল ৫ আহিব, কিন্তু দৰ্শকে বহু সময় অপেক্ষা কৰিব লাগিব । ৰোহিত চেট্টীয়ে মুকলিকৈ কয়, ‘গোলমাল ৫ নিশ্চয় আহিব । মই এইখন সোনকালে বনাম, মই ভাবো অহা দুবছৰৰ ভিতৰত গোলমাল ৫ দৰ্শকৰ মাজত থাকিব, গোলমাল ৫ ৰ সোৱাদ আৰু স্তৰ পূৰ্বৰ সকলো গোলমালতকৈ ভাল হ’ব ।’

ৰোহিত চেট্টীয়ে লগতে আৰু কয়, ‘আজিৰ দিনত চিনেমাৰ দৃষ্টিভংগী আৰু যুগ সলনি হৈছে, এতিয়াৰ সময় অনুসৰি গোলমালক ৫ বনাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব । ইয়াক বৃহৎ পৰিসৰত বনাব লাগিব, মই ইয়াক একশ্যনৰ সৈতে লিংক কৰা নাই, কিন্তু ইয়াৰ গুণগত মান বৃদ্ধি কৰিব লাগিব, ই এটা কমেডী ফ্ৰেঞ্চাইজি, মই দৰ্শকক প্ৰতাৰণা কৰিব নিবিচাৰো ।’

একে সময়তে ৰোহিত চেট্টীয়ে কয় যে, তেওঁ নন-একশ্যন ছবি চেন্নাই এক্সপ্ৰেছৰ দৰে আন এখন ছবি নিৰ্মাণ কৰিব বিচাৰে । ৰোহিত চেট্টীয়ে কয় যে তেওঁ এনে এটা কাহিনী বিচাৰি আছে আৰু এনে কাহিনী বিচাৰি পালেই অতি সোনকালে তেওঁ কেমেৰা হাতত তুলি ল’ব ।

লগতে পঢ়ক : 12th Fail : নোচোৱাকৈ আছে যদি মিছ কৰিছে এখন প্ৰকৃত চিনেমাৰ সোৱাদ!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.