ETV Bharat / entertainment

Ryan Grantham latest news: ৰিয়ান গ্ৰান্থামক মাতৃক হত্যা কৰাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড

author img

By

Published : Sep 23, 2022, 4:45 PM IST

মাতৃক হত্যা কৰাৰ অপৰাধত পেৰ’লৰ সম্ভাৱনা নোহোৱাকৈ আজীৱন কাৰাদণ্ড বিহা হৈছে ৰিয়ান গ্ৰান্থামক । মূলতঃ প্ৰথম ডিগ্ৰীৰ হত্যাৰ অভিযোগত অভিযুক্ত গ্ৰান্থাম বিগত আঢ়ৈ বছৰ ধৰি জিম্মাত আছে ৷

Riverdale actor
ৰিয়ান গ্ৰান্থামক মাতৃক হত্যা কৰাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড

চিটাৰা ডেস্ক, 23 ছেপ্টেম্বৰ : নেটফ্লিক্সৰ বিখ্যাত শ্ব’ ৰিভাৰডেল আৰু ডায়েৰী অৱ এ উইম্পি কিডৰ প্ৰাক্তন অভিনেতা ৰিয়ান গ্ৰান্থামক মাতৃক হত্যা কৰাৰ অপৰাধত পেৰ’লৰ সম্ভাৱনা নোহোৱাকৈ আজীৱন কাৰাদণ্ড বিহা হৈছে । ব্ৰিটিছ কলম্বিয়াৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কেথলিন কেৰে 21 ছেপ্টেম্বৰত ভেংকুৱাৰত এই বাই-দ্য-বুক দ্বিতীয় ডিগ্ৰীৰ হত্যাৰ শাস্তি প্ৰদান কৰে ।

লিঅ এৱাৰ্ডছৰ বাবে মনোনীত গ্ৰান্থামে 2020 চনৰ 31 মাৰ্চত ভেংকুৱাৰৰ ঠিক উত্তৰে থকা স্কোৱামিছ ঘৰটোত তেওঁৰ 64 বছৰীয়া মাতৃ বাৰবাৰা ৱেইটক মূৰৰ পিছফালে গুলীয়াই হত্যা কৰাৰ পিছতে নিজেই আৰক্ষীৰ ওচৰত উপস্থিত হয়গৈ । ব্ৰিটিছ কলম্বিয়াত দ্বিতীয় ডিগ্ৰী হত্যাৰ অভিযোগ ত 10 ৰ পৰা 25 বছৰৰ ভিতৰত কোনো পেৰ’ল যোগ্যতা নাই ।

প্ৰথম ডিগ্ৰী হত্যাৰ অভিযোগত অভিযুক্ত গ্ৰান্থাম যোৱা ডেৰ বছৰ ধৰি জিম্মাত আছে, আইন প্ৰৱৰ্তনকাৰী বিষয়াসকলে এই কথা নিশ্চিত কৰিছে । প্ৰায় 30 টাৰো অধিক ক্ৰেডিট থকা গ্ৰান্থামে 2019 চনৰ ৰিভাৰডেলৰ চতুৰ্থ চিজনত জেফ্ৰি আগষ্টিনৰ চৰিত্ৰত অভিনয় কৰিছিল । এইয়া আছিল সেই জেফ্ৰি আগষ্টিন আছিল যিয়ে চিৰিজটোত প্ৰয়াত লুক পেৰীক হত্যা কৰিছিল ৷

2007 চনত কেৰিয়াৰ আৰম্ভ কৰা গ্ৰান্থমে 2010 চনৰ ডায়েৰী অৱ এ উইম্পি কিড ছবিখনতো অভিনয় কৰিছিল, লগতে ছুপাৰনেচাৰেল, আইজম্বি আৰু দ্য ইমেজিনেৰিয়াম অৱ ডাক্তৰ পাৰ্নাছাছত ষ্টিণ্ট কৰিছিল ।

অভিনেতাজনে 2020 চনৰ 31 মাৰ্চত মাকক গুলীয়াই হত্যা কৰিছিল ৷ এই হত্যাৰ ভিডিঅ’ও তেওঁ বনাইছিল ৷ গ’ প্ৰ’ কেমেৰাত বনোৱা এই ভিডিঅ’ত অভিনেতাজনে মাকৰ নিথৰ দেহাটোৰ কাষত থিয় হৈ এই কথা খোদ স্বীকাৰ কৰে ৷

পুলিচৰ মতে মাকক হত্যা কৰাৰ পিছত তেওঁ বিয়েৰ আৰু গাঞ্জা কিনে ৷ তাৰ পিছত তেওঁ নেটফ্লিক্স চাই অলপ সময়ৰ পিছত মাকক দেহটো কাপোৰেৰ ঢাকে আৰু শুবলৈ গুচি যায় ৷ পিছদিনা উঠি মৃতদেহটোৰ চাৰিওফালে মম জলাই দ্বিতীয়টো হত্যাকাণ্ডৰ বাবে আগবাঢ়িছিল ৷

কানাডাৰ প্ৰধানমন্ত্ৰীকো হত্যা কৰাৰ পৰিকল্পনা কৰিছিল তেওঁ ৷

লগতে পঢ়ক : Sukesh Chandrashekhar case: জেকলিন নোৰাৰ পিছত নাম ওলাইছে আন তিনি অভিনেত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.