ETV Bharat / entertainment

Rashmika's Deepfake Video : FAKE নে REAL ভিডিঅ’ ? এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰশ্মিকাৰ - ভাইৰেল হ’ল ৰশ্মিকাৰ এটা ভিডিঅ’

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মন্দান্নাৰ এটা ডিপফ’ক ভিডিঅ’ ৷ এতিয়া এই ভিডিঅ’টোক ৰশ্মিকাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷

Rashmika Mandanna react on viral Deepfake Video
ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মন্দন্নাৰ এটা ডিপফ’ক ভিডিঅ’
author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 4:25 PM IST

চিটাৰা ডেস্ক, 6 নৱেম্বৰ: দক্ষিণৰ জনপ্ৰিয় অভেনত্ৰী ৰশ্মিকা মন্দান্না শেহতীয়াকৈ তেওঁৰ FAKE ভিডিঅ’ক লৈ চৰ্চাত আহিছে ৷ এতিয়া এই ভিডিঅ’টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বলীউডৰ শ্বেহেনশ্বাহ অমিতাভ বচ্চনৰ লগতে খোদ অভিনেত্ৰীগৰাকীয়ে ৷ দৰাচলতে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত এআইৰ সহায়ত আন এগৰাকী মহিলাৰ মুখত ৰশ্মিকাৰ মুখখন লগাই দিয়া হৈছে ।

  • 🚨 There is an urgent need for a legal and regulatory framework to deal with deepfake in India.

    You might have seen this viral video of actress Rashmika Mandanna on Instagram. But wait, this is a deepfake video of Zara Patel.

    This thread contains the actual video. (1/3) pic.twitter.com/SidP1Xa4sT

    — Abhishek (@AbhishekSay) November 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ভিডিঅ’টোত দেখা গৈছে যে ক’লা পোছাক পৰিহিত এগৰাকী মহিলা লিফ্টত প্ৰৱেশ কৰিছে । মহিলাগৰাকীয়ে হাঁহি হাঁহি কেমেৰাৰ ফালে চাই থকা পৰিলক্ষিত হয় । এই মহিলাগৰাকীক ৰশ্মিকা আখ্যা দি ভিডিঅ’টো ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰিছে ব্যৱহাৰকাৰীয়ে । কিন্তু আচলতে এই ভিডিঅ’টোত থকা মহিলাগৰাকী ৰশ্মিকা নহয় । ভিডিঅ’টোত দেখা পোৱা মহিলাগৰাকী হৈছে ব্ৰিটিছ ইণ্ডিয়ান জাৰা পেটেল ।

ভিডিঅ’টো ইমানেই ভাইৰেল হৈ পৰিছিল যে অমিতাভ বচ্চনৰ ওচৰলৈ গৈ পাইছিল ভিডিঅ’টো । এই ডিপফেক ভিডিঅ’টোক লৈ তেওঁ লিখিছে, “হয়, এইটো আইনী ব্যৱস্থাৰ বাবে এক শক্তিশালী গোচৰ ।” ইফালে এতিয়া এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খোদ ৰশ্মিকাই ৷

ৰশ্মিকাই এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে - ‘‘এইটো শ্বেয়াৰ কৰাৰ বাবে মোৰ সঁচাকৈয়ে আঘাত লাগিছে আৰু মোৰ অনলাইনত বিয়পি পৰা ডিপফেক ভিডিঅ’টোৰ কথা ক’বলগীয়া হৈছে । এয়া সঁচাকৈয়ে কেৱল মোৰ বাবেই নহয়, আমাৰ প্ৰত্যেকৰে বাবেও অত্যন্ত ভয়ংকৰ ৷ আজি প্ৰযুক্তিৰ অপব্যৱহাৰৰ বাবে ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে ।’’

  • I feel really hurt to share this and have to talk about the deepfake video of me being spread online.

    Something like this is honestly, extremely scary not only for me, but also for each one of us who today is vulnerable to so much harm because of how technology is being misused.…

    — Rashmika Mandanna (@iamRashmika) November 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে অভিনেত্ৰীগৰাকীয়ে লিখিছে,‘‘ আজি এগৰাকী নাৰী হিচাপে আৰু অভিনেত্ৰী হিচাপে মোৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীসকলৰ বাবে ধন্যবাদ জনাইছো যিসকলে মোক সুৰক্ষা আৰু সমৰ্থন কৰিছে । কিন্তু যদি মই স্কুল বা কলেজত পঢ়ি থকাৰ সময়ত মোৰ লগত এনেকুৱা হ’লেহেতেন, তেন্তে মই সঁচাকৈয়ে কল্পনা কৰিব নোৱাৰো যে মই এইটোৰ সৈতে কেনেকৈ মোকাবিলা কৰিলোহেতেন ।’’

শেষত অভিনেত্ৰীগৰাকীয়ে লিখিছে- এই প্ৰযুক্তিৰ দ্বাৰা মানুহ অধিক ক্ষতিগ্ৰস্ত হোৱাৰ আগতেই এই সন্দৰ্ভত ব্যৱস্থা ল’ব লাগিব ৷

জাৰা পেটেল কোন ?

জাৰাৰ ইনষ্টাগ্ৰাম একাউণ্টৰ মতে, তেওঁ এগৰাকী ডাটা ইঞ্জিনিয়াৰ । ইয়াৰ উপৰিও ইনষ্টাগ্ৰামতো অতি সক্ৰিয় জাৰা । জাৰা পেটেলৰ ইনষ্টাগ্ৰামত প্ৰায় চাৰি লাখ ফ’ল’ৱাৰ আছে । তেওঁ এই লিফ্টৰ ভিডিঅ’টো ৯ অক্টোবৰত ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল ।

লগতে পঢ়ক: Rashmika Mandanna: শীতকালতো নিজকে এক আকৰ্ষণীয় লুক দিবলৈ অনুসৰণ কৰক ৰশ্মিকা মন্দান্নাৰ এই ষ্টাইলিং টিপছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.