চিটাৰা ডেস্ক, 17 জুলাই : পুষ্পা ছবিৰ ছামি ছামি গীতটিত অভিনয়েৰে সকলোৰে প্ৰিয় হৈ পৰা দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মন্দন্নাক শেহতীয়া এটি এৱাৰ্ড শ্ব'ট দেখা গৈছিল য'ত তেওঁক অন কেমেৰা পুষ্পা ছবিৰ জনপ্ৰিয় গীত ছামি ছামিত নৃত্য কৰা পৰিলক্ষিত হৈছিল ৷ যাৰ পিছতে এই ভিডিঅ' সামাজিক মাধ্যমত ব্যাপকৰূপে ভাইৰেল হৈ পৰিছিল(Rashmika Mandanna viral video) ৷
উক্ত অনুষ্ঠানটিত ৰশ্মিকাক এযোৰ ভি নেকৰ পোছাক পৰিধান কৰা পৰিলক্ষিত হৈছে ৷ অভিনেত্ৰীগৰাকীৰ এই লুকটোক সৈতে মিল খোৱাকৈ তেওঁ এযোৰ হাই হিল, হুপ ইয়াৰৰিঙছৰ সৈতে প'নি টেইল হেয়াৰ ষ্টাইল কৰিছিল ৷ লাইট মেক'আপৰ সৈতে অভিনেত্ৰীগৰাকীৰ এটি আকৰ্ষণীয় লুকত দেখিবলৈ পোৱা গৈছিল ৷
শুকুৰবাৰে নিশা অনুষ্ঠিত হৈ যোৱা এৱাৰ্ড শ্ব’ৰটোৰ(Rashmika Mandanna at HT most stylish awards) ৰেড কাৰ্পেটত অভিনেতাগৰাকীয়ে পেপসকলক সৈতে অতি আগ্ৰহেৰে ৰেড কাৰ্পেটত ফটোৰ বাবে প'জ দিয়ে লগতে তেওঁৰ পেপসকলৰ সৈতে ছামি ছামি গীতটোত নৃত্য কৰে(Rashmika Mandanna with paps) ৷ ইয়াৰ পিছতে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অনুৰাগীৰ মাজত আৰু অধিক জনপ্ৰিয়তা লাভ কৰে ৷
-
Rashmika ma’am posing with the paps at the Skoda Hindustan Times most stylish awards @iamRashmika #RashmikaMandanna pic.twitter.com/IIETGeAQvU
— Rashmikamandannafan (@Geethamadam) July 16, 2022 " class="align-text-top noRightClick twitterSection" data="
">Rashmika ma’am posing with the paps at the Skoda Hindustan Times most stylish awards @iamRashmika #RashmikaMandanna pic.twitter.com/IIETGeAQvU
— Rashmikamandannafan (@Geethamadam) July 16, 2022Rashmika ma’am posing with the paps at the Skoda Hindustan Times most stylish awards @iamRashmika #RashmikaMandanna pic.twitter.com/IIETGeAQvU
— Rashmikamandannafan (@Geethamadam) July 16, 2022
বৰ্তমান অভিনেত্ৰীগৰাকীয়ে বলীউডৰ খোজ পেলাবলৈ প্ৰস্তুতি অব্যাহত ৰাখিছে ৷ শীঘ্ৰেই বলীউডৰ জনপ্ৰিয় অভিনতা ৰণবীৰ কাপুৰৰ সৈতে ৰেড্ডী ভাংগাৰ এনিমেলকে ধৰি কেইবাখনো ছবিৰ দেখিবলৈ পোৱা যাব অভিনেত্ৰী ৰশ্মিকা মন্দন্নাক ৷ লগতে অমিতাভ বচ্চনৰ সৈতে মিচন মজনু আৰু গুডবাইত সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে একেলগে ৰঙীন পৰ্দাত দেখিবলৈ পোৱা যাব অভিনেত্ৰী ৰশ্মিকা মন্দন্নাক ৷
লগতে পঢ়ক : সুস্মিতা সেনক ডেট কৰি আছে ললিত মোডীয়ে; শীঘ্ৰেই অৰ্ধাংগিনী বনাব প্ৰাক্তন বিশ্ব সুন্দৰী গৰাকীক