চিটাৰা ডেস্ক, 16 ছেপ্টেম্বৰ : নগ্নফটো শ্বুটেৰে খলকনি তোলা অভিনেতা ৰণবীৰ সিঙে শেহতীয়াকৈ এক বৃহৎ তথ্য প্ৰকাশ কৰিছে । মুম্বাই আৰক্ষীৰ সন্মুখত বিবৃতি দি তেওঁ কয় যে যিসমূহ ফটোৰে তেওঁৰ বাবে অশ্লীলতাৰ অভিযোগ তুলি ধৰা হৈছে, আচলতে সেই ফটোবোৰ মৰ্ফ (morphed) কৰা হৈছে (Ranveer Singh nude photoshoot)। আপোনালোকক জনাওঁ যে ৰণবীৰৰ নগ্ন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল আৰু তেওঁক অতি বেয়াকৈ ট্ৰ’ল কৰা হৈছিল । অভিনেতাজনে এতিয়া কৈছে যে তেওঁ সেই ফটোবোৰ আপলোড কৰাই নাই ।
অভিনেতা গৰাকীয়ে নগ্ন ফটোশ্বুট সন্দৰ্ভত বিতংভাৱে আৰক্ষীক এক বিবৃতি দিছে । অভিনেতাজনে জনোৱা মতে, যিখন নগ্ন ফটোৰ বাবে তেওঁৰ বিৰুদ্ধে অশ্লীলতাৰ অভিযোগ উত্থাপন কৰা হৈছে, সেই ফটোখনত তেওঁ ইনাৰৱেৰ পিন্ধি আছিল ৷ সেই ফটোখন কোনোবাই মৰ্ফ কৰিছে । ইনষ্টাগ্ৰামত তেওঁ শ্বেয়াৰ কৰা 7 খন ছবি অশ্লীল নাছিল আৰু তাত তেওঁ ইনাৰৱেৰ পিন্ধিছে । যিখন ফটো দেখি তেওঁৰ বিৰুদ্ধে কেছ কৰা হৈছে, তাত গুপুত অংগ দেখা গৈছে, সেইয়া ভুল ।
- " class="align-text-top noRightClick twitterSection" data="
">
ৰণবীৰৰ এই বক্তব্যৰ পিছত আৰক্ষীয়ে ফৰেনছিক পৰীক্ষাৰ বাবে ছবিসমূহ ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে (Ranveer Singh News) ৷ ৰণবীৰৰ বক্তব্য কিমান সত্য আৰু সঁচাকৈয়ে ফটোবোৰ মৰ্ফ কৰা হৈছিল নে জানিবলৈ এই পদক্ষেপ লোৱা হৈছিল ৷ ‘গালি বয়’ অভিনেতা গৰাকীয়ে 29 আগষ্টত মুম্বাই আৰক্ষীক এই বিবৃতি প্ৰদান কৰে । যদিহে ফৰেনছিক তদন্তত প্ৰমাণিত হয় যে ৰণবীৰৰ ছবিৰ লগত হেতালি কৰা হৈছে, তেন্তে অভিনেতাজনে নগ্ন ফটোশ্বুট কেছটোত ক্লীনশ্বীট লাভ কৰিব ।
মন কৰিবলগীয়া যে ৰণবীৰ সিঙে 22 জুলাইত এখন আলোচনীৰ বাবে এক নগ্ন ফটোশ্বুট কৰিছিল । তেওঁ এই ছবিসমূহ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল ৷ তাৰ পিছত ৰণবীৰৰ বিৰুদ্ধে মুম্বাইৰ এটা এন জি অ’ই চেম্বুৰ থানাত গোচৰ তৰিছিল । অভিনেতাজনৰ বিৰুদ্ধে আইপিচিৰ 509, 292, 293 ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ ধাৰা 67A ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল । ইয়াৰ সমান্তৰালভাৱে তেওঁৰ তথ্য প্ৰযুক্তি আইনৰ ধাৰা 67A ৰ অধীনত 5 বছৰৰ কাৰাদণ্ডোও হ’ব পাৰে ।
লগতে পঢ়ক : ৰণবীৰ সিঙৰ পূৰ্বে কেমেৰাৰ সন্মুখত নগ্ন হোৱা তাৰকাসকল