ETV Bharat / entertainment

Alia Bhatt baby: সন্তানৰ সৈতে ঘৰলৈ উভতিল আলিয়া ভাট

author img

By

Published : Nov 10, 2022, 1:01 PM IST

চিকিৎসালয়ৰ পৰা অব্যাহতি পোৱাৰ পিছত পত্নী আলিয়া ভাট আৰু কন্য়া সন্তানক লৈ ঘৰলৈ উভতিল ৰণবীৰ কাপুৰ (Alia Bhatt daughter) । আলিয়াই 6 নৱেম্বৰত এটি কন্যা সন্তান জন্ম দিছিল ।

Ranbir kapoor
সন্তানৰে সৈতে ঘৰলৈ উভতিল আলিয়া ভাট

চিটাৰা ডেস্ক, 10 নৱেম্বৰ : শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় যুটি ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে পিতৃ-মাতৃ হোৱাৰ পৰম সুখ লাভ কৰে । 6 নৱেম্বৰত আলিয়াই জন্ম দিলে এগৰাকী কন্যা সন্তান (Alia Bhatt baby name) । সন্তানটিৰ আগমনৰ লগে লগে কাপুৰ পৰিয়াললৈ আহে সুখৰ জোৱাৰ । এতিয়া আলিয়া ভাটক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ।

আলিয়াৰ স্বামী তথা অভিনেতা ৰণবীৰ কাপুৰে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পিছত পত্নী আৰু সন্তানক লৈ ঘৰলৈ গৈছে । তিনিওজনকে আদৰিবলৈ ঘৰত চলোৱা হৈছে বিয়াগোম প্ৰস্তুতি । দুয়োৱে এতিয়ালৈকে সন্তানটিৰ চেহেৰা ৰাজহুৱা কৰা নাই । অনুৰাগীসকল অস্থিৰ হৈ পৰিছে ৰণবীৰ-আলিয়াৰ সন্তানৰ ফটো চাবলৈ ।

চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ভিডি’টোত আলিয়াৰ মুখত মাতৃ হোৱাৰ সুখ স্পষ্টকৈ দেখা পোৱা গৈছে । আলিয়াক দেখা গৈছে ন’ মেকআপ লুকত ।

সন্তানটিৰ জন্ম হোৱাৰ দিনা আলিয়া ভাটে শ্বেয়াৰ কৰা তেওঁৰ পোষ্টটোত লিখিছে, ‘আমাৰ জীৱনৰ আটাইতকৈ ভাল খবৰটো হ’ল আমাৰ এটি সন্তান আছে... আৰু তাই এগৰাকী যাদুকৰী ছোৱালী’ । এই পোষ্টটোৰ লগতে আলিয়াই সিংহৰ পৰিয়ালৰ এটা স্কেচো শ্বেয়াৰ কৰিছিল, য’ত সিংহটোক তেওঁৰ সিংহনী আৰু সন্তানৰ সৈতে দেখা গৈছিল ।

দীৰ্ঘদিনীয়া সম্পৰ্কৰ অন্তত চলিত বৰ্ষৰ 14 এপ্ৰিলত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিয়া হৈছিল আৰু তাৰ পিছত 27 জুনত আলিয়াই গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল । 6 নৱেম্বৰত ৰণবীৰ-আলিয়াৰ জীৱনলৈ আহিল এটি দেৱশিশু ।

লগতে পঢ়ক : Disha Patani boyfriend:টাইগাৰৰ পিছত এইয়া কাৰ আগমণ ঘটিল দিশাৰ জীৱনলৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.