ETV Bharat / entertainment

Rakhi Sawant Biopic: নিজৰ বায়’পিক নিৰ্মাণ কৰিবলৈ এই গৰাকী পৰিচালকক অনুৰোধ জনালে ৰাখী সাৱন্তে

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 6:11 PM IST

কিবা নহয়, কিবা কাৰণত প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰে অভিনেত্ৰী ৰাখী সাৱন্তে । দীৰ্ঘদিন ধৰি ৰাখীয়ে নিজৰ ব্যক্তিগত জীৱনৰ সন্দৰ্ভত নতুন নতুন তথ্য প্ৰকাশ কৰি আহিছে । ইফালে এতিয়া ৰাখীয়ে নিজৰ ইচ্ছা প্ৰকাশ কৰিছে ৷ ৰাখীৰ বায়’পিক নিৰ্মাণ কৰিবলৈ পৰিচালকক অনুৰোধ জনাইছে ৰাখীয়ে ৷

Rakhi Sawant Wants Kantara Star Rishab Shetty To Make A Biopic On Her
ৰাখী সাৱন্তৰ বায়’পিক

চিটাৰা ডেস্ক, 28 ছেপ্টেম্বৰ: বলীউডৰ অভিনেত্ৰী ৰাখী সাৱন্ত প্ৰায়ে নিজৰ ব্যক্তিগত জীৱনক লৈ সংবাদ মাধ্যমৰ শিৰোনামত থাকে । বিগত কেইমাহ ধৰি ৰাখী আৰু আদিলৰ মাজত সংঘৰ্ষ চলি আছে ৷ ৰাখী আৰু আদিল খানৰ বিবাদ দিনক দিনে অধিক ভয়াৱহ হৈ গৈ আছে ৷ গোপনে বিয়াৰ পিচত ৰাখীয়ে আদিলৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । ৰাখীয়ে আদিলৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰি জেললৈ নিক্ষেপ কৰিছিল আদিলক ৷ ইফালে ছমাহ কাৰাবন্দী খাটি কাৰাগাৰৰ পৰা ওলাই আহে আদিল আৰু তাৰ পিচতে সংবাদমেল অনুষ্ঠিত কৰি ৰাখীৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷ অৱশ্যে ৰাখীও এই ক্ষেত্ৰত মনে মনে থকা নাই ৷ ৰাখীয়েও সংবাদমেল অনুষ্ঠিত কৰি আদিলৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰে ৷ দুয়োৰে সংবাদমেলৰ এই ধাৰা বিগত কেইবামাহ ধৰি অব্যাহত আছে ৷

প্ৰতিদিনে নিজৰ ব্যক্তিগত জীৱনৰ নতুন নতুন কথা প্ৰকাশ কৰা ৰাখী সাৱন্তে শেহতীয়াকৈ নিজৰ ইচ্ছা প্ৰকাশ কৰিছে । ৰাখী সাৱন্তে বিচাৰিছে যে কান্তৰাৰ পৰিচালক ঋষভ শেট্টীয়ে তেওঁৰ জীৱনৰ ওপৰত এখন ছবি নিৰ্মাণ কৰক । অভিনেত্ৰীগৰাকীয়ে নিবিচাৰে যে আদিলে বলীউডৰ আন মানুহক বিশ্বাসঘাতকতা কৰক, সেয়েহে অভিনেত্ৰীগৰাকীয়ে নিজৰ বায়’পিক বনোৱাৰ কথা কৈছে ।

শেহতীয়াকৈ এক সংবাদমেলৰ আয়োজন কৰি ৰাখী সাৱন্তে আদিলৰ বিৰুদ্ধে মন্তব্য কৰি কয়, ‘‘আদিলে বলীউডৰ আৰু অধিক লোকক প্ৰতাৰণা কৰাৰ পৰিকল্পনা কৰি আছে । মোক যেনেকৈ আদিলে বিশ্বাসঘাতকতা কৰিছে ঠিক তেনেকৈ আন বহু লোকক বিশ্বাসঘাতকতা কৰিবলৈ সুযোগ বিচাৰিছে ।’’ কেৱল এয়াই নহয়, ৰাখীয়ে নিজৰ জীৱন কাহিনীৰ আধাৰত এখন বায়’পিক নিৰ্মাণৰ ইচ্ছাও প্ৰকাশ কৰিছে ৷ লগতে এই ছবিখন ‘কান্তৰা’ ছবিৰ পৰিচালক ঋষভ শেট্টীয়ে পৰিচালনা কৰাটো বিচাৰে ৰাখীয়ে ৷ ইফালে সংবাদমেলৰ সময়ছোৱাত আৱেগিক হৈ পৰে ৰাখী সাৱন্ত।

উল্লেখ্য যে, ঋষভ শেট্টীয়ে কেৱল ‘কান্তৰা’ ছবিখনত অভিনয় কৰাই নহয়, পৰিচালনাও কৰিছে । যাৰ বাবে তেওঁ যথেষ্ট প্ৰশংসাও লাভ কৰিছিল । বক্স অফিচত ছবিখন ব্লকবাষ্টাৰ হিচাপে প্ৰমাণিত হৈছে । বহু ভাষাত মুক্তি লাভ কৰিছিল ছবিখন । কিন্তু ৰাখী সাৱন্তৰ এই দাবী শুনি অনুৰাগীসকল আচৰিত নাই । কাৰণ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মতে ৰাখী সাৱন্তে যিকোনো অদ্ভুত কাম কৰিব পাৰে ।

লগতে পঢ়ক: Tanushree on Rakhi Sawant: আদিলৰ সমৰ্থনত নামিল অভিনেত্ৰী তনুশ্ৰী দত্ত; ৰাখীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.