চিটাৰা ডেস্ক, 9 এপ্ৰিল: বলীউডৰ অভিনেতা-অভিনেত্ৰীসকল বিভিন্ন সময়ত বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হয় ৷ সেয়া লাগিলে অনুৰাগীৰ পৰাই হওক বা কোনো অন্য লোকৰ পৰাই হওক ৷ মুঠৰ ওপৰত অনুৰাগীৰ মৰমৰ লগতে বিভিন্ন সময়ত অভিনেতা-অভিনেত্ৰীসকল হাৰাশাস্তিৰো সন্মুখীন হ’বলগা হয় ৷ এইবাৰ তেনে এক ঘটনা সংঘটিত হ’ল বলীউডৰ অভিনেত্ৰী প্ৰীতি জিন্টাৰ লগত ৷ কেৱল এটা নহয়, দুটাকৈ এনে অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে অভিনেত্ৰীগৰাকীৰ লগত (Preity zinta) ৷
এই অনাকাংক্ষিত ঘটনাৰ বিৰুদ্ধে মাত মাতি অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ পোষ্টটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ পিচতে প্ৰীতি জিন্টাক সঁহাৰি প্ৰদান কৰে বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীয়ে ৷ ইয়াৰ মাজত আছে হৃত্বিক ৰোশন, প্ৰিয়ংকা চোপ্ৰা, অৰ্জুন ৰামপাল আৰু মালাইকা অৰোৰা (Hrithik roshan on preitys post) ৷
শনিবাৰে প্ৰীতিয়ে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে এগৰাকী অচিনাকি মহিলাই তেওঁৰ কন্যা গিয়াৰ সৈতে ফটো তুলিবলৈ চেষ্টা কৰিছিল ৷ কেৱল চেষ্টা কৰাই নহয়, অভিনেত্ৰীগৰাকীৰ অনুমতি নোলোৱাকৈয়ে হঠাতে গিয়াক কোলাত লৈ চুমা খাই তাৰ পৰা পলাই যায় (Malaika Arora come out in support of Preity Zinta) ৷
- " class="align-text-top noRightClick twitterSection" data="
">
এই ঘটনাৰ পিচত পুনৰ আন এক অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হয় বুলি প্ৰীতিয়ে নিজৰ পোষ্টটোত উল্লেখ কৰে ৷ অভিনেত্ৰীগৰাকীয়ে কয় কেনেকৈ এজন শাৰিৰীকভাৱে অক্ষম হুইল চেয়াৰত বহি থকা ব্যক্তিয়ে ধনৰ বাবে অভিনেত্ৰীগৰাকীৰ বাহনৰ পিচ লৈছিল ৷ যাৰ ফলত যিকোনো দুৰ্ঘটনা হ’ব পাৰিহেতেন বুলি উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে ৷
অভিনেত্ৰীগৰাকীয়ে সন্মুখীন হোৱা এনে অনাকাংক্ষিত ঘটনাৰ বিষয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পিচতে প্ৰিয়ংকা চোপ্ৰা, হৃতিক ৰোশন, অৰ্জুন ৰামপাল, মালাইকা অৰোৰাকে ধৰি বহু চেলিব্ৰিটিয়ে প্ৰীতি জিন্তাক সঁহাৰি জনাইছে । প্ৰীতি জিণ্টাই পোষ্টটোত লগতে উল্লেখ কৰি কয়, ‘সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো হ’ল মোৰ সন্তান কোনো পেকেজ ডিলৰ অংশ নহয় । গতিকে প্লিজ মোৰ ল’ৰা-ছোৱালীক এৰি দিয়ক। কেঁচুৱা ‘চেলিব্ৰিটি নহয়, গতিকে কেঁচুৱাক কেঁচুৱাৰ দৰে ৰখাটো প্ৰয়োজন’।
পোষ্টটোত হৃতিক ৰোশনে ৰঙা হৃদয়ৰ ইমোজিৰে মন্তব্য কৰে, - 'ৱেল ডান প্ৰী ।' অৰ্জুন ৰামপালে কয়, ‘অহাবাৰ মোক ফোন কৰিলে সেইবোৰ সমাধান হ’ব (ৰেড হাৰ্ট ইমোজি)’। মালাইকা অৰোৰাই লিখিছে,'আপুনি এয়া স্পষ্টকৈ কৈছে'। প্ৰিয়ংকা চোপ্ৰাই দুয়োখন হাত ওপৰলৈ উঠাৰ ইমোজি, মুখ মেলি থকা ইমোজী, হাত চাপৰি বজোৱাৰ ইমোজি শ্বেয়াৰ কৰে ।
ইফালে লিলি সিঙৰ মন্তব্য, 'নিজৰ পক্ষত থিয় দিয়াৰ বাবে অভিনন্দন।' সেইটো কিমান কঠিন হ’ব পাৰে মই বুজি পাওঁ । কিন্তু ই তাৎপৰ্যপূৰ্ণ আৰু সঠিক।' প্ৰীতিয়ে ইনষ্টাগ্ৰামত হুইল চেয়াৰত বহি থকা লোকজনৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছিল ৷ শেহতীয়াকৈ ভাৰত ভ্ৰমণলৈ আহিছিল প্ৰীতি । তেওঁৰ স্বামী জিন গুডেনাফ আৰু তেওঁলোকৰ দুটা সন্তান গিয়া আৰু জয়ৰ সৈতে কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত থাকে অভিনেত্ৰীগৰাকী ।