চিটাৰা ডেস্ক, 2 মাৰ্চ: ‘দিল ছে’ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰা অভিনেত্ৰী প্ৰীতি জিন্টা আৰু তেওঁৰ স্বামী জিন গুডেনাফৰৰ আজি বিবাহ বাৰ্ষিকী (Preity And Gene Wedding Anniversary) ৷ এই বিশেষ ক্ষণত অভিনেত্ৰী প্ৰীতি জিণ্টাই ছ’চিয়েল মিডিয়াত এটা অতি মৰম লগা পোষ্ট শ্বেয়াৰ কৰিছে ৷ পোষ্টটোত অভিনেত্ৰীগৰাকীৰ স্বামী জিনৰ সৈতে কিছু স্মৃতি জড়িত হৈ থকা ফটো শ্বেয়াৰ কৰিছে ৷
বিবাহৰ ৭ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে প্ৰীতিয়ে ইনষ্টাগ্ৰামত স্বামীৰ সৈতে ফটোযুক্ত এটা ভিডিঅ’শ্বেয়াৰ কৰিছে । পোষ্টটো শ্বেয়াৰ কৰি প্ৰীতিয়ে কেপচনত লিখিছে, ‘হেপি এনিভাৰ্চেৰী মোৰ প্ৰেম, বিশ্বাস কৰিব পৰা নাই আমাৰ বিয়াৰ ৭ বছৰ সম্পূৰ্ণ হ’ল । সুখ আৰু সুন্দৰ স্মৃতিৰে ভৰা বহু বৰ্ষপূৰ্তি এইটো ।" এই পোষ্টৰ পৰা বুজিব পাৰি যে অভিনেত্ৰীগৰাকী নিজৰ বিবাহ জীৱনত বহুত সুখী ৷ যি সময়ত বলীউডৰ পৰা প্ৰায়ে বিবাহ বিচ্ছেদৰ খবৰ পোৱা যায় সেই সময়ত প্ৰীতিৰ এনে পোষ্টে অনুৰাগীক আপ্লুত কৰি তুলিছে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্য যে প্ৰীতিয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত প্ৰীতি আৰু জিনৰ সুন্দৰ মুহূৰ্তৰ ছবি প্ৰতিফলিত হৈছে (Preity Zinta wishes husband Gene) ৷ বাকী ছবিসমূহৰ লগত দুয়োৰে বিবাহৰ ছবিও আছে পোষ্টটোত । বিবাহৰ ৰঙা সাজত প্ৰীতি জিন্টাক অত্যাধিক ধুনীয়া লাগিছে ৷ ইফালে জিনক সোণৰ ৰঙৰ শ্বেৰৱানীত ৰাজকুমাৰতকৈ কিছু গুণে কম লগা নাই বুলিও ক’ব পাৰি (Preity And Gene Goodenough Wedding Anniversary) ৷
অভিনেত্ৰীগৰাকীৰ এই পোষ্টটোত তেওঁৰ অনুৰাগীৰ লগতে আন বহু অভিনেতা-অভিনেত্ৰী আৰু পৰিয়ালবৰ্গয়ো মন্তব্য কৰিছে ৷ অনুৰাগীসকলে অভিনন্দন আৰু শুভেচ্ছাৰ মন্তব্যৰে কমেন্ট বক্স উপচাই পেলোৱা পৰিলক্ষিত হৈছে (Adorable wedding anniversary post of Preity Zinta) ৷
এগৰাকী অনুৰাগীয়ে কমেণ্ট বক্সত লিখিছে, ‘আপোনালোকে ইগৰাকীয়ে সিগৰাকীৰ মাজত প্ৰকৃত প্ৰেম বিচাৰি পাইছে, বহুত ভাল লাগিছে দেখি ৷ এই মৰম দীৰ্ঘ সময় লৈকে এনেকৈয়ে টিকি থাকিব । ৭ সংখ্যক বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা থাকিল আপোনালোক দুয়োকে ।" আন এগৰাকী লিখিছে, "দুয়োৰে আজীৱন সুখ আৰু প্ৰেমৰ কামনা কৰিলোঁ ।"
উল্লেখ্য যে, ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত লছ এঞ্জেলছত প্ৰীতি আৰু জিন বিবাহপাশত আৱদ্ধ হৈছিল । ‘বীৰ জাৰা’ৰ অভিনেত্ৰী প্ৰীতি জিন্তা ২০২১ চনত যমজ সন্তানৰ মাতৃ হৈছিল । সন্তান জন্মৰ তথ্য দি প্ৰীতিয়ে ২০২১ চনত লিখিছিল, "আমাৰ এই মৰমলগা খবৰটো আপোনালোক সকলোৰে সৈতে শ্বেয়াৰ কৰিব বিচাৰিছিলো । জিন আৰু মই বহুত সুখী । আমি আমাৰ যমজ সন্তান জয় জিন্তা গুডেনাফ আৰু জিয়া জিন্তা গুডেনাফক আমাৰ পৰিয়াললৈ আদৰণি জনাইছো ।"
লগতে পঢ়ক: Tiger Shroff Birthday: টাইগাৰ শ্ৰফৰ আজি 33 সংখ্যক জন্মদিন