ETV Bharat / entertainment

Surinder Shinda passes away: জনপ্ৰিয় পাঞ্জাবী গায়ক সুৰিন্দৰ শিন্দাৰ দেহাৱসান, ৬৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

author img

By

Published : Jul 26, 2023, 1:56 PM IST

Updated : Jul 26, 2023, 2:04 PM IST

পাঞ্জাৱী লোকসংগীতৰ শিল্পী সুৰিন্দৰ শিন্দাৰ ৬৪ বছৰ বয়সত দেহাৱসান । জানিব পৰা মতে খাদ্য নলীৰ অপাৰেচনৰ পিচত তেওঁৰ শৰীৰত সংক্ৰমণ বিয়পি পৰিছিল আৰু চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় ।

Popular Punjabi singer Surinder Shinda dies at 64
সুৰিন্দৰ শিন্দাৰ ৬৪ বছৰ বয়সত দেহাৱসান

চিটাৰা ডেস্ক, 26 জুলাই: জনপ্ৰিয় পাঞ্জাবী লোকসংগীতৰ শিল্পী সুৰিন্দৰ শিন্দাৰ দেহাৱসান । ৬৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে ৷ শেহতীয়াকৈ চিকিৎসালয়ত খাদ্য নলীৰ অপাৰেচন হৈছিল সুৰিন্দৰ শিন্দাৰ । অপাৰেচনৰ পিচত কণ্ঠশিল্পীগৰাকীৰ শৰীৰত সংক্ৰমণ বাঢ়িবলৈ আৰম্ভ কৰে আৰু বুধবাৰে (২৬ জুলাই) অৱশেষত নিয়তিৰ ওচৰত হাৰ মানে সুৰিন্দৰ শিন্দাই ।

জানিব পৰা মতে, সুৰিন্দৰৰ উশাহ লোৱাত অসুবিধা হৈছিল । চিকিৎসাৰ বাবে চিকিৎসালয়ত ২০ দিন ভৰ্তি আছিল সুৰিন্দৰ । সুৰিন্দৰক চিকিৎসালয়ত ভেণ্টিলেটৰত ৰখা হৈছিল । কিন্তু তেওঁৰ স্বাস্থ্য়ৰ অৱনতি ঘটাত তেওঁক ডি এম চি এইচ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । শিন্দাৰ মৃত্যুৰ খবৰত শোকৰ ছাঁ পৰিছে পাঞ্জাবী সাসংস্কৃতিক জগতত ৷ মৃত্যুৰ সময়ত শিন্দাই পত্নী জোগিন্দৰ কৌৰ, পুত্ৰ মণিন্দৰ শিন্দা আৰু কন্যা ছিমৰণ শিন্দাক এৰি থৈ যায় ।

সুৰিন্দৰ শিন্দাৰ জন্ম হৈছিল পঞ্জাৱৰ লুধিয়ানাৰ আয়ালি গাঁৱত । সুৰিন্দৰে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল সংগীত । শিন্দাৰ পিতৃ-মাতৃ (বচন ৰাম আৰু বিদেবতী) সংগীতৰ লগত জড়িত আছিল । এনে পৰিস্থিতিত চাৰি বছৰ বয়সত শিন্দাই সংগীতৰ সৈতে জড়িত হৈ পৰিছিল ৷

শিন্দাৰ কেৰিয়াৰ

সুৰিন্দৰৰ প্ৰকৃত নাম আছিল সুৰিন্দৰ পাল ধম্মি । তাৎপৰ্যপূৰ্ণভাৱে শিন্দাই উস্তাদ মিষ্টাৰী বচন ৰামৰ পৰা গান গোৱাৰ গুণ শিকিছিল । একে সময়তে সংগীতৰ লগতে শিন্দাই চৰকাৰী বিদ্যালয়ৰ পৰা প্ৰাথমিক পঢ়া-শুনা সমাপ্ত কৰিছিল । শিক্ষা শেষ কৰাৰ পাচত তেওঁ চৰকাৰী চাকৰি এটাও লাভ কৰিছিল ৷ স্কুলীয়া শিক্ষা সমাপ্ত কৰি শিন্দাই এছ আই এছ লুধিয়ানাত নামভৰ্তি কৰি চুটি শ্বৰ্ট ইঞ্জিনিয়াৰিঙত মেকানিকেল ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰে । কণ্ঠশিল্পী হোৱাৰ আগতে শিন্দাই লুধিয়ানাত মেকানিকেল ইঞ্জিনিয়াৰ হিচাপেও কাম কৰিছিল যদিও শিন্দাৰ মন আছিল গায়ক হোৱাৰ । নিজৰ ইচ্ছা পূৰ্ণ কৰাৰ বাবে, শিন্দাই চাকৰি এৰি গান গাবলৈ আৰম্ভ কৰে ৷

শিন্দাৰ প্ৰথম গীত

শিন্দাই উস্তাদ যশৱন্ত ভামৰাৰ পৰা গান শিকিবলৈ আৰম্ভ কৰিলে। ১৬৫ টা গীতৰ কেছেটো মুকলি কৰিছে তেওঁ । শিন্দাৰ প্ৰথম গীত আছিল 'উছা বুৰ্জ লাহোৰ'। শিন্দাৰ প্ৰথম গীতটি ছুপাৰ হিট ৰূপে প্ৰমাণিত হয় । ইয়াৰ পিচত Sang Rakh Le Kliandar Yaara এলবাম মুক্তি পায় ।

ছবি আৰু বঁটা

অভিনেতা হিচাপে শিন্দাই পুট জট্টা দে, উঞ্চা দৰ বাবে নানক দা, অংখ জট্টা দি, জট জেওনা মৌড়, বদলা জাট্টী দা, পাটোলা ছবিত অভিনয় কৰিছে । তাৎপৰ্যপূৰ্ণভাৱে শিন্দাই গায়ন-বায়নত ২৬টা সোণৰ পদক আৰু ২৫০০ টা ট্ৰফী লাভ কৰিছে । একে সময়তে কলা পৰিষদে তেওঁক পঞ্জাৱৰ গৌৰৱ ৰত্ন বঁটাও প্ৰদান কৰিছে । ইয়াৰ উপৰিও শিন্দাই ব্ৰিটেইনত শিৰোমণি গায়ক বঁটা আৰু পাঞ্জাবী লোক বঁটা লাভ কৰিছে ।

লগতে পঢ়ক: Umakanta Bairagi passed away: জীৱন বন্তি নিৰ্বাপিত হ’ল টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগীৰ

Last Updated : Jul 26, 2023, 2:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.