ETV Bharat / entertainment

Mika Singh on Jacquelines pic: হলিউডৰ অভিনেতাৰ সৈতে জেকলিনৰ ফটো; মিকা সিঙে ক’লে - সুকেশতকৈ ভাল এইজন

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 4:03 PM IST

শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছে হলিউডৰ তাৰকা জিন ক্ল’ড ভেন ডেমৰ সৈতে এখন ছবি শ্বেয়াৰ কৰিছিল । এই ফটোত অভিনেত্ৰীগৰাকীক মুকলিকৈ ইতিকিং কৰিলে মিকা সিঙে । সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Much better than Sukesh: Singer Mika Singh on Jacquelines pic with Hollywood Actor Van Damme
জেকলিনৰ বিষয়ে কি ক’লে মিকা সিঙে

চিটাৰৈ ডেস্ক, 1 ছেপ্টেম্বৰ: বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেছে যোৱা কেইবছৰমানৰ পৰা নিজৰ ছবিৰ লগতে ব্যক্তিগত জীৱনকলৈয়ো বহু বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । দৰাচলতে মহা প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ সৈতে ধন সৰবৰাহৰ গোচৰত নাম জড়িত হৈ পৰিছিল জেকলিনৰ ৷

সুকেশ চন্দ্ৰশেখৰৰ সৈতে জেকলিনৰ নাম জড়িত হোৱাৰ পিছৰে পৰা অভিনেত্ৰীগৰাকীয়ে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে । অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰতো ইয়াৰ প্ৰভাৱ পৰা দেখা পোৱা গৈছিল । এতিয়া আকৌ এবাৰ অভিনেত্ৰীগৰাকীৰ নাম সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত হৈ পৰিছে । এইবাৰ তেওঁৰ নাম সুকেশৰ সৈতে সংযোজন কৰিছে জনপ্ৰিয় পাঞ্জাবী কণ্ঠশিল্পী মিকা সিঙে ।

জিন ক্ল’ড ভ্যান ডেমৰ সৈতে ভাইৰেল জেকলিনৰ এখন ছবি

আচলতে শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ টুইটাৰ হেণ্ডেলত হলিউডৰ তাৰকা জিন ক্ল’ড ভ্যান ডেমৰ সৈতে এখন ছবি শ্বেয়াৰ কৰিছিল । এই ছবিখন শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে কেপচনত লিখিছে যে ‘লিজেণ্ড ভ্যান ডেমৰ সৈতে সহযোগিতা কৰিবলৈ অপেক্ষা কৰিব নোৱাৰি ।’ অভিনেত্ৰীগৰাকীৰ এই ফটোখন অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত ৷ ছবিখনক লৈ বিভিন্ন জনৰ ভিন্ন মতামত ৷ একাংশই তেওঁলোকৰ আগন্তুক প্ৰজেক্টক লৈ সুখ প্ৰকাশ কৰাৰ বিপৰীতে বহুতে তেওঁলোকৰ সম্পৰ্কক লৈও জল্পনা-কল্পনা কৰিছে ।

মিকা সিঙে সুকেশক লৈ অভিনেত্ৰীগৰাকীক কৰিলে ইতিকিং

এই ছবিখনক লৈ কেৱল ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়েই নহয়, মিকা সিঙেও অভিনেত্ৰীগৰাকীৰ এই ফটোখনক লৈ নিজৰ মতামত প্ৰকাশ কৰিছে । জেকলিনৰ এই ফটোখন শ্বেয়াৰ কৰি মিকাই লিখিছে, ‘আপোনাক বৰ ধুনীয়া দেখা গৈছে... অৱশ্যে এইজন সুকেশতকৈ বহুত ভাল ।’ কণ্ঠশিল্পীগৰাকীৰ এই টুইট অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে ৷ কণ্ঠশিল্পীগৰাকীৰ এই মন্তব্যক লৈ ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে চাঞ্চল্য ৷ ক্ৰমবৰ্ধমান বিতৰ্ক দেখি মিকাই কিছু সময়ৰ পাচতে নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা এই টুইটটো ডিলিট কৰি দিয়ে ।

সুকেশৰ সৈতে জেকলিনৰ সম্পৰ্ক

উল্লেখ্য যে সুকেশ চন্দ্ৰশেখৰ গোচৰত জেকলিনক কেইবাবাৰো জেৰা কৰা হৈছে । ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈছিল দুয়োৰে ছবি । সুকেশে জেকলিনক দিছিল দামী দামী উপহাৰ । কেৱল এয়াই নহয়, জেললৈ যোৱাৰ পিচতো প্ৰৱঞ্চক সুকেশে অভিনেত্ৰীগৰাকীক কেইবাবাৰো প্ৰেমৰ চিঠি প্ৰেৰণ কৰিছিল ।

লগতে পঢ়ক: Uorfi Javed Demon Look: উৰ্ফী জাভেদৰ ভয়ংকৰ ৰূপ; ভিডিঅ’ চাই অনুৰাগীয়ে পঢ়িলে হনুমান চালিছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.