ETV Bharat / entertainment

Rashmika Mandanna: Fake ভিডিঅ’ক লৈ জাৰি নতুন নিয়ম, ১ লাখ টকাৰ জৰিমনাসহ ৩ বছৰৰ কাৰাদণ্ড

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 5:40 PM IST

ৰশ্মিকা মন্দন্নাৰ ডিপফেক ভিডিঅ’ক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে । ছ’চিয়েল মিডিয়াৰ বাবে নতুন নিয়মৰ সৈতে আই টি মন্ত্ৰালয়ে জাৰি কৰিছে নতুন এডভাইজাৰী ।

MeitY reiterates rules for social media companies after deep-fake controversy of Actress Rashmika
ৰশ্মিকাৰ ডিপফেক ভিডিঅ’ক লৈ কঠোৰ চৰকাৰ

চিটাৰা ডেস্ক, 7 নৱেম্বৰ: শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মন্দন্নাৰ ডিপফেক ভিডিঅ’ ৷ যিটো ভিডিঅ’ক লৈ ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছিল ব্যাপক বিতৰ্ক । এতিয়া এই সন্দৰ্ভত ইলেক্ট্ৰনিকছ আৰু আই টি মন্ত্ৰালয়ে আজি অৰ্থাৎ ৭ নৱেম্বৰ মঙলবাৰে এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ছ’চিয়েল মিডিয়া কোম্পানীসমূহৰ বাবে নতুন এডভাইজাৰী জাৰি কৰি বৰ্তমানৰ এডভাইজাৰী পুনৰবাৰ উল্লেখ কৰা হৈছে ।

সূত্ৰ অনুসৰি মন্ত্ৰালয়ে জাৰি কৰা পৰামৰ্শত ইলেক্ট্ৰনিকছ আৰু আই টি মন্ত্ৰালয় আইন ২০০০ ৰ ৬৬ ডি ধাৰাকে ধৰি বৰ্তমানৰ নিয়মসমূহ পুনৰ উল্লেখ কৰি কম্পিউটাৰৰ উৎস ব্যৱহাৰ কৰি প্ৰৱঞ্চনা কৰাসকলক ৩ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হ’ব আৰু ১ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব ।

  • Ministry of Electronics and IT has issued an advisory to social media companies and reiterated the existing advisory: Sources

    The advisory reiterated the existing rules including 66D of the Information Technology Act, 2000: Punishment for cheating by personation by using…

    — ANI (@ANI) November 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আই টি মধ্যস্থতাকাৰী নিয়ম: ৩ (১) (বি) (VII)ৰ অধীনত সকলো ছ’চিয়েল মিডিয়া কোম্পানীয়ে নিয়ম আৰু গোপনীয়তা মানি চলিব লাগিব । লগতে ডিপফেকৰ দৰে অসামাজিক ভিডিঅ’ পোষ্ট কৰাত বাধা দিব লাগিব ।

নিয়ম ৩ (২) (বি)ৰ অধীনত কোনো বিতৰ্কিত বিষয়বস্তুৰ অভিযোগৰ ভিত্তিত ২৪ ঘণ্টাৰ ভিতৰতে ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰাই পেলাব লাগিব ।

উল্লেখ্য যে, ৬ নৱেম্বৰত পোহৰলৈ আহিছিল ডিপফেকৰ বিষয়টো, যেতিয়া ছ’চিয়েল মিডিয়াত চাউথৰ ছুপাৰহিট অভিনেত্ৰী ৰশ্মিকাৰ এটা Fake ভিডিঅ’ প্ৰচাৰিত হৈছিল । কিন্তু যিটো ভিডিঅ’ত ৰশ্মিকাৰ মুখ লগোৱা হৈছিল সেই ভিডিঅ’টো ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰকাৰী জাৰা পেটেলৰ আছিল ৷ একে সময়তে এই ভিডিঅ’টো শ্বেয়াৰ কৰি অমিতাভ বচ্চনে আইনী ব্যৱস্থাৰ দাবী জনাই অভিনেত্ৰীগৰাকীক আৱেগিকভাৱে সমৰ্থন কৰিছিল ।

লগতে পঢ়ক: Rashmika's Deepfake Video : FAKE নে REAL ভিডিঅ’ ? এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰশ্মিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.