ETV Bharat / entertainment

তৃষাৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি বিপদত মনছুৰ আলী খান, এফআইআৰ দাখিল

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 1:26 PM IST

Mansoor Ali Khan controversy: অভিনেত্ৰী তৃষা কৃষ্ণণক লৈ বিতৰ্কিত মন্তব্য কৰি আইনী মেৰপেচত সোমাই পৰিছে অভিনেতা মনছুৰ আলী খান । মনছুৰৰ বিৰুদ্ধে থানাত ৰুজু হৈছে গোচৰ ।

Case Against Mansoor Ali Khan In Trisha Krishnan Case:
আইনী মেৰপেচত মনছুৰ আলী খান

চিটাৰা ডেস্ক, 22 নৱেম্বৰ: অভিনেত্ৰী তৃষা কৃষ্ণণক লৈ অশ্লীল মন্তব্য কৰি বিপদত পৰিছে তামিল অভিনেতা মনছুৰ আলী খান । শেহতীয়াকৈ মনছুৰ আলী খানে অভিনেত্ৰীগৰাকীক লৈ কিছু অশালীন মন্তব্য কৰিছিল ৷ ইয়াৰ পিচতে ইয়াক লৈ ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ বহু চেলিব্ৰিটিয়ে মনছুৰ আলী খানক তেওঁৰ মন্তব্যৰ বাবে গৰিহণা দিছিল ৷ ইফালে ৰাষ্ট্ৰীয় মহিলা আয়োগেও বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিছিল । ইয়াৰ মাজতে চেন্নাই আৰক্ষীয়ে অভিনেতাজনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ । সংবাদ মাধ্যমৰ খবৰ অনুসৰি যোৱা ২১ নৱেম্বৰত মনছুৰৰ বিৰুদ্ধে তদন্ত চলোৱা হৈছিল, তাৰ পিচতে অভিনেতাজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ ।

  • Nungambakkam Police registers a case against actor Mansoor Ali Khan for his derogatory comments on actress Trisha Krishnan. Case has been registered under sections 354A and 509 of IPC : Chennai Police

    — ANI (@ANI) November 22, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মনছুৰৰ বিৰুদ্ধে ৰুজু গোচৰ

লিঅ’ৰ ফেম অভিনেতা মনছুৰ আলী খানে অভিনেত্ৰী তৃষা কৃষ্ণণৰ বিৰুদ্ধে কৰা মন্তব্যৰ পিচতে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে । দক্ষিণৰ ছুপাৰষ্টাৰ চিৰঞ্জীৱী আৰু লোকেশ কানাগৰাজকে ধৰি বহু চেলিব্ৰিটিয়ে মনছুৰক সমালোচনা কৰিছে । ইফালে মনছুৰে তৃষাৰ ওচৰতো ক্ষমা খুজিবলৈ অস্বীকাৰ কৰিছে । এই সকলোবোৰৰ মাজতে এ এন আইৰ প্ৰতিবেদন অনুসৰি থানাত মনছুৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ।

দৰাচলতে ৰাষ্ট্ৰীয় মহিলা আয়োগে তামিলনাডুৰ ডিজিপিক অভিনেতাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কৈছিল । এএনআইৰ প্ৰতিবেদন অনুসৰি অভিনেত্ৰী তৃষা কৃষ্ণণক অপমানজনক মন্তব্য কৰাৰ অভিযোগত অভিনেতা মনছুৰ আলী খানৰ বিৰুদ্ধে নুংগম্বকম আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে । মনছুৰৰ বিৰুদ্ধে আই পি চিৰ ৩৫৪ এ আৰু ৫০৯ ধাৰাত গোচৰ ৰুজু কৰা হৈছে ।

মনছুৰে তৃষাৰ বিৰুদ্ধে কি কৈছিল ?

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত মনছুৰ আলী খানে তামিল ভাষাত কৈছিল, “মই ভাবিছিলোঁ যে মই আন ছবিসমূহত যেনেকৈ অভিনেত্ৰীসকলক শোৱা কোঠালৈ লৈ যাওঁ, ঠিক সেইদৰেই মই তাইকো (তৃষা) শোৱাকোঠালৈ লৈ যাম । মই বহুত ধৰ্ষণৰ দৃশ্য কৰিছো আৰু এইটো মোৰ বাবে নতুন কথা নহয় । কিন্তু এইসকল লোকৰ কাশ্মীৰৰ সূচীৰ বাবে তৃষাক এবাৰ আনকি দেখাৰো সুযোগো নাপালোঁ ।’’

লগতে পঢ়ক: অভিনেত্ৰী তৃষাক লৈ কৰা অশ্লীল মন্তব্যক লৈ মনছুৰ আলী খানক গৰিহণা মেগাষ্টাৰ চিৰঞ্জীৱীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.