ETV Bharat / entertainment

Mahadev Betting App Case: ৰণবীৰ কাপুৰৰ পিচত এইবাৰ ইডিৰ চমন হুমা কুৰেশ্বী, কপিল শৰ্মাকে ধৰি বহু তাৰকালৈ

author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 9:54 AM IST

ৰণবীৰ কাপুৰৰ পিচত এতিয়া মহাদেৱ বেটিং এপৰ গোচৰত হুমা কুৰেশ্বীকে ধৰি বহু তাৰকা ইডিৰ নিৰীক্ষণত ।

Mahadev Betting App Case ED summons comedian Kapil Sharma, actor Huma Qureshi
মহাদেৱ বেটিং এপৰ গোচৰ

চিটাৰা ডেস্ক, 6 অক্টোবৰ: অভিনেতা ৰণবীৰ কাপুৰৰ পিচত এতিয়া মহাদেৱ বেটিং এপ গোচৰত ইডিৰ নিৰীক্ষণত হুমা কুৰেশ্বীকে ধৰি আন বহু তাৰকা । ইডিয়ে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী হুমা কুৰেশী, শ্ৰদ্ধা কাপুৰ, টিভি অভিনেত্ৰী হিনা খান আৰু জনপ্ৰিয় টিভি কমেডিয়ান কপিল শৰ্মালৈ চমন জাৰি কৰিছে ।

  • ED has summoned comedian Kapil Sharma and actor Huma Qureshi in connection with the Mahadev betting app case: ED Sources

    (file pics) pic.twitter.com/rKXxUgtucl

    — ANI (@ANI) October 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইডিয়ে 4 অক্টোবৰত অৰ্থাৎ বুধবাৰে ৰণবীৰ কাপুৰলৈ চমন প্ৰেৰণ কৰিছিল ৷ চমন অনুসৰি ৬ অক্টোবৰত ছত্তীশগড়ৰ ৰায়পুৰত থকা ইডিৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে ৰণবীৰ কাপুৰক । অৱশ্যে শেহতীয়া খবৰ অনুসৰি ৰণবীৰে ইডিলৈ মেইলযোগে ​​2 সপ্তাহৰ সময় বিচাৰিছে । ইয়াৰ আঁৰত অভিনেতাগৰাকীয়ে পাৰিবাৰিক কাৰণ আৰু পূৰ্বে কামৰ বাবে কৰা প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰিছে । সংবাদ মাধ্যমৰ শেহতীয়া খবৰ অনুসৰি এই গোচৰত কেৱল ৰণবীৰ কাপুৰ, শ্ৰদ্ধা কাপুৰ, হুমা কুৰেশ্বী , হিনা খান আৰু কপিল শৰ্মাৰ নামেই অন্তৰ্ভুক্ত নহয়, টিভি আৰু বলীউড জগতৰ আন বহু চেলিব্ৰিটিৰ নামো জড়িত হৈ আছে ।

খবৰ অনুসৰি এই তালিকাত ছানী লিয়নী, পাকিস্তানী গায়ক আতিফ আছলাম, ৰাহত ফাতেহ আলী খান, বলীউডৰ কণ্ঠশিল্পী নেহা কক্কড়, সংগীত পৰিচালক বিশাল দাদলানীৰ নামো আছে । অৱশ্যে বৰ্তমান এই চেলিব্ৰিটিসকলৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই ।

মহাদেৱ অনলাইন বুক বেটিং এপ কি ?

আচলতে ইডিয়ে অনলাইন গেমিং এপ গোচৰৰ অভিযুক্ত সৌৰভ চন্দ্ৰকাৰৰ বিয়াত উপস্থিত থকা আটাইকেইগৰাকী চেলিব্ৰিটিলৈ চমন প্ৰেৰণ কৰিছে । সৌৰভৰ বিৰুদ্ধে হাৱালাৰ জৰিয়তে তাৰকাক ধন দিয়াৰ অভিযোগ উত্থাপন হৈছে । খবৰ অনুসৰি, এই বছৰৰ আৰম্ভণিতে মহাদেৱ বুক এপৰ প্ৰচাৰক সৌৰভ চন্দ্ৰকাৰৰ বিয়াত উপস্থিত হ’বলৈ বলীউডৰ বহু তাৰকা ডুবাইলৈ গৈছিল ৷ এই বিয়াত ২০০ কোটি টকা খৰচ হৈছিল বুলি জানিব পৰা গৈছে ।

খবৰ অনুসৰি অভিযুক্ত সৌৰভ চন্দ্ৰকাৰ আৰু ৰবি উপ্পালৰ কোম্পানীটো ডুবাইৰ পৰা চলি আছিল । মহাদেৱ অনলাইন বুক বেটিং এপ হৈছে এটা বৃহৎ ছিণ্ডিকেট, যিয়ে অবৈধ বেটিং ৱেবছাইটসমূহত নতুন ব্যৱহাৰকাৰীক নামভৰ্তি কৰিবলৈ, ব্যৱহাৰকাৰী আইডি তৈয়াৰ কৰিবলৈ আৰু বেনামী বেংক একাউণ্টৰ স্তৰযুক্ত ৱেবৰ জৰিয়তে ধন লুণ্ঠন কৰিবলৈ অনলাইন প্লেটফৰ্মৰ ব্যৱস্থা কৰে ।

লগতে পঢ়ক: Ranbir Kapoor : ২০০ কোটি টকাৰ বিয়াত অংশগ্ৰহণ কৰাই কাল হ’ল নেকি ৰণবীৰ কাপুৰৰ বাবে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.