ETV Bharat / entertainment

Kapil Sharma movies: বুছান চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হ’ব কপিল শৰ্মা অভিনীত Zwigato

কপিল শৰ্মা অভিনীত ছবি Zwigato 27 সংখ্যক বুছান চলচ্চিত্ৰ মহোৎসৱত এছিয়ান প্ৰিমিয়াৰৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে । নন্দিতা দাসৰ পৰিচালনাত নিৰ্মিত এই কাহিনীটোত এজন সংগ্ৰামী ফুড ডেলিভাৰী ল’ৰাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে । মুখ্য ভূমিকাত আছে কপিল শৰ্মা (Kapil Sharma movies)।

Kapil Sharma movies
কপিল শৰ্মা অভিনীত Zwigato
author img

By

Published : Sep 8, 2022, 8:59 PM IST

চিটাৰা ডেস্ক, 8 ছেপ্টেম্বৰ : - টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশ্ব প্ৰিমিয়াৰৰ পিছত চলচ্চিত্ৰ নিৰ্মাতা নন্দিতা দাসৰ বহু প্ৰত্যাশিত ছবি ‘Zwigato’ এতিয়া 27 সংখ্যক বুছান চলচ্চিত্ৰ মহোৎসৱত এছিয়ান প্ৰিমিয়াৰৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে । 'A Window on Asian Cinema' শিতানৰ অধীনত প্ৰদৰ্শিত হ’ব ছবিখন ।

নন্দিতা দাসৰ পৰিচালনাত নিৰ্মাণ হোৱা এই ছবিখনত অভিনয় কৰিছে কমেডিয়ান কপিল শৰ্মাই । মহামাৰীৰ সময়ত চাকৰি হেৰুওৱা এজন প্ৰাক্তন ফেক্টৰী মেনেজাৰৰ চৰিত্ৰত অভিনয় কৰিছে তেওঁ । তাৰ পিছত তেওঁ ফুড ডেলিভাৰী বয় হিচাপে কাম আৰম্ভ কৰে ৷ তাৰ পিছত তেওঁ দৈনিক ৰেটিং আৰু প্ৰৰোচনাৰ জগতখনৰ সৈতে যুঁজি থাকে ।

Kapil Sharma
কপিল শৰ্মা অভিনীত Zwigato

পৰিয়াল পোহপাল দিবলৈ তেওঁৰ পত্নীয়ে ভয় আৰু উত্তেজনাৰ মাজত বিভিন্ন কাম বিচাৰি ফুৰে । কিন্তু স্বামীয়ে পত্নীয়ে কাম কৰাৰ সমৰ্থনত মত নিদিয়ে ৷ জীৱনৰ অদম্যতাক লৈ ছবিখন নিৰ্মাণ কৰা হৈছে ৷ নন্দিতাই এই ছবিখনৰ জৰিয়তে সমাজৰ দৰিদ্ৰতা আৰু দৰিদ্ৰ লোকসকলৰ দৈনন্দিন সমস্যা দেখুৱাবলৈ চেষ্টা কৰিছে ।

ছবিখনত অভিনেত্ৰী শ্বাহনা গোস্বামীয়ে কপিল শৰ্মাৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ চলিত বৰ্ষৰ 5 অক্টোবৰৰ পৰা 14 অক্টোবৰলৈ অনুষ্ঠিত হ’ব বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ । 2015 চনৰ ‘Kis Kisko Pyaar Karu’ আৰু 2017 চনৰ ‘Firangi’ৰ পিছত কপিল শৰ্মাৰ এইখন তৃতীয়খন ছবি (Kapil Sharma movies) ।

লগতে পঢ়ক : ব্ৰহ্মাস্ত্ৰৰ লগতে মুক্তিৰ বাবে সাজু হৈছে এই সাতখন চিনেমা, দৰ্শকৰ চকু কিন্তু এইখনৰ ওপৰতহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.