চিটাৰা ডেস্ক, 4 অক্টোবৰ: টিভিৰ আটাইতকৈ জনপ্ৰিয় ফেমিলি কমেডী ধাৰাবাহিক’ হৈছে ‘তাৰক মেহতা কা উল্টা চশমা’। এই অনুষ্ঠানটোৰ প্ৰতিগৰাকী শিল্পীয়ে সমগ্ৰ বিশ্বৰ পৰা মৰম লাভ কৰে । শ্ব’টোৰ বহু চৰিত্ৰ এতিয়া আইকনিক হৈ পৰিছে । অধিকাংশ লোকে দয়া ভাভিৰ চৰিত্ৰ অৰ্থাৎ দিশা বাকানী আৰু জেঠালাল অৰ্থাৎ দিলীপ যোশীৰ চৰিত্ৰটো ভাল পায় । একে সময়তে দৰ্শকে তাৰক মেহতাৰ চৰিত্ৰটোক আটাইতকৈ বুদ্ধিমান বুলি বিবেচনা কৰে । আনকি শ্ব’টোৰ শিশু শিল্পীসকলো ঘৰে ঘৰে পৰিচিত ।
অৱশ্যে ‘তাৰক মেহতা কা উল্টা চশমা’ৰ বহু অভিনেতা-অভিনেত্ৰীয়ে শেহতীয়াকৈ শ্ব’টোৰ পৰা বিদায় লৈছে । কোনোবাই বিতৰ্কৰ বাবে শ্ব’টোৰ পৰা বিদায় লৈছে, আন কোনোবাই আকৌ পাৰিবাৰিক দায়িত্বৰ বাবে শ্ব’টোৰ পৰা বিদায় ল’বলগীয়া হৈছে । এই তালিকাত দিশা বাকানী অৰ্থাৎ দয়া ভাভিৰ পৰা আৰম্ভ কৰি শৈলেশ লোড়ালৈকে নাম সন্নিবিষ্ট হৈছে । এতিয়া শেহতীয়াকৈ খবৰ আহিছে যে জেঠালাল অৰ্থাৎ দিলীপ যোশীয়েও শ্ব’টোৰ পৰা বিদায় লৈছে । কিন্তু কিমান সত্যসত্যতা আছে এই খবৰত সেয়া জানো আহক এই প্ৰতিবেদনত ।
শেহতীয়াকৈ বহু বাতৰিত দাবী কৰা হৈছিল যে জেঠালালে শ্ব’টোৰ পৰা বিৰতি লৈছে ৷ কেৱল ইমানেই নহয়, কোৱা হৈছিল তেওঁ শ্ব’টোলৈ আৰু কেতিয়াও ঘূৰি নাহে ৷ এই খবৰৰ পিচতে হতাশ হৈ পৰিছে তেওঁৰ অনুৰাগী ৷ বহু অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত নিজৰ মতামত প্ৰকাশ কৰি কয় যে যদি দয়া ভাভিৰ দৰে জেঠালালেও শ্ব’টোৰ পৰা গুচি যায়, তেন্তে শ্ব’টো একেবাৰেই ভাল নহ’ব । কিন্তু দিলীপ যোশী অৰ্থাৎ জেঠালালৰ অনুৰাগীৰ বাবে আমি এনে এটা খবৰ লৈ আহিছো যিটোৱে আপোনাৰ মুখত হাঁহি বিৰিঙাব ৷ আচলতে অভিনেতাজনে শ্ব’টো এৰি যোৱা নাই, মাত্ৰ বিৰতিহে লৈছে । সম্প্ৰতি তেওঁ পৰিয়ালৰ সৈতে সময় কটাইছে ।
কি কাৰণে শ্ব’টোৰ পৰা বিৰতি লৈছে অভিনেতাগৰাকী ?
খবৰ অনুসৰি দিলীপ যোশীয়ে নিজৰ শ্ব’টোৰ পৰা বিৰতি লৈ বৰ্তমান পৰিয়ালৰ সৈতে তাঞ্জানিয়ালৈ ধৰ্মীয় ভ্ৰমণলৈ গৈছে । এই যাত্ৰা বৰ বেছি দীঘলীয়া নহ’ব । স্বামীনাৰায়ণ মন্দিৰত অনুষ্ঠিত হ’বলগীয়া এক বিশেষ অনুষ্ঠানত অংশ ল’বলৈ দাৰেছালামলৈ গৈছে অভিনেতাগৰাকী । ছ’চিয়েল মিডিয়াত তেওঁ বিশেষ সক্ৰিয় নহয়, সেয়েহে তেওঁৰ কোনো বিশেষ ছবি প্ৰকাশ কৰা হোৱা নাই । দিলীপ যোশীয়েও ধৰ্মীয় ভ্ৰমণৰ সৈতে জড়িত শেষ পোষ্টটো দিছিল, য’ত তেওঁ ডুবাইত অনুষ্ঠিত হ’বলগীয়া এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা কৈছিল । এই অনুষ্ঠান অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব ।
উল্লেখ্য যে, এতিয়ালৈকে বহু পুৰণি শিল্পীয়ে শ্ব’টোৰ পৰা বিদায় লৈছে । ইয়াৰ ভিতৰত আছে দিশা বাকানী, শৈলেশ লোড়া, জেনিফাৰ মিষ্ট্ৰী, প্ৰিয়া আহুজা, নিধি ভানুশালি, ভৱ্য গান্ধী, মনিকা ভাদৌৰিয়া, গুৰুচৰণ সিং ৷
লগতে পঢ়ক: Happy Birthday Disha Vakani: তাৰক মেহতা কা উল্টা চশমা শ্ব’ৰ পৰা হঠাৎ কিয় নোহোৱা হ’ল দয়াবেন ?