ETV Bharat / entertainment

Harry Belafonte: জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেতা হেৰী বেলাফণ্টেৰ দেহাৱসান; ৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্য়াগ

author img

By

Published : Apr 26, 2023, 11:32 AM IST

৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় কণ্ঠশিল্পী, অভিনেতা তথা মানৱ অধিকাৰ কৰ্মী হেৰী বেলাফণ্টে (Harry Belafonte) ৷

Harry Belafonte, activist who happened to be entertainment giant passes away at 96
হেৰী বেলাফণ্টেৰ দেহাৱসান

চিটাৰা ডেস্ক, 26 এপ্ৰিল: বিদেশী ছবিজগতৰ পৰা আহিছে এক দুঃখবৰ । জনপ্ৰিয় কণ্ঠশিল্পী, অভিনেতা তথা মানৱ অধিকাৰ কৰ্মী হেৰী বেলাফণ্টে আৰু নাই ৷ বিশ্ববাসীৰ পৰা চিৰ দিনৰ বাবে বিদায় ল’লে অভিনেতাগৰাকীয়ে । মঙলবাৰে (২৫ এপ্ৰিল) হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটি লয় হেৰী বেলাফণ্টে (Harry Belafonte death reason)। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ (Harry Belafonte death) ।

বহু বঁটাও নিজৰ নাম কৰিছিল হেৰীয়ে

হেৰী বেলাফণ্টে আফ্ৰিকান-আমেৰিকান পপ কণ্ঠশিল্পীসকলৰ ভিতৰত অন্যতম আছিল ৷ কণ্ঠশিল্পীগৰাকীয়ে আইলেণ্ড ইন দ্য ছান, মেৰীছ বয় চাইল্ড আৰু ইফকে নম্বৰ ৱান ডে-অ’ৰ দৰে হিট গীত উপহাৰ দিছিল দৰ্শকক । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বেলাফণ্টে ১৯৫৩ চনৰ সংগীত ছবি "জন মাৰে এণ্ডাৰছনৰ আলমানাক"ত অভিনেতা হিচাবে আত্মপ্ৰকাশ কৰিছিল, যাৰ বাবে সহযোগী অভিনেতা হিচাবে টনি বঁটাও লাভ কৰিছিল অভিনেতাগৰাকীয়ে (African American pop singers)।

ইয়াৰ পিচতে অতি সোনকালেই তেওঁক হলিউডে মাতি আনে আৰু তেওঁ আইলেণ্ড ইন দ্য ছানত প্ৰথমবাৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰে, য’ত তেওঁ জেমছ মেছন, জোয়ান ফণ্টেইন আৰু জোয়ান কলান্সিৰ সৈতে অভিনয় কৰে (Harry Belafonte passed away)।

ব্লেকক্লান্সমেনত দেখিবলৈ পোৱা গৈছিল তেওঁৰ শেষৰটো অভিনয়

১৯৫৭ চনত হেৰীক লুক আলোচনীত মনোৰঞ্জনৰ ইতিহাসৰ প্ৰথম ক’লা মেটিনি মূৰ্তি হিচাবে প্ৰকাশ কৰা হয়। সেই সময়ছোৱাত অভিনেতাগৰাকীৰ কৃতিত্বক আৰু অধিক উল্লেখযোগ্য বুলি গণ্য কৰা হৈছিল কাৰণ সেই সময়ৰ কৃষ্ণাংগ (ক’লা ৰং) অভিনেতাসকলক সাধাৰণতে চাকৰ আৰু শ্ৰমিকৰ চৰিত্ৰত অভিনয় কৰিবলৈ দিয়া হৈছিল (Harry Belafonte career) ৷ যদিও সেই কু-সংস্কাৰৰ আগত নতশিৰ হ’বলৈ অস্বীকাৰ কৰি সফলতাৰ শীৰ্ষত উপনীত হয় অভিনেতাগৰাকী । ৮০ বছৰ বয়সলৈকে অভিনেতাগৰাকীয়ে ছবি নিৰ্মাণ কৰি গৈছিল, স্পাইক লীৰ ব্লেককেক্লান্সমেনত অন্তিমবাৰৰ বাবে অভিনয় কৰিছিল (Harry Belafonte activist) ।

লগতে ইউনিচেফৰ এজন ৰাষ্ট্ৰদূত আছিল হেৰী বেলাফণ্টে

হেৰী বেলাফণ্টে তেওঁৰ সংগীত কেৰিয়াৰত ৩০টাতকৈও অধিক এলবাম প্ৰস্তুত কৰিছিল, য’ত আছিল নানা মৌস্কৌৰী, লেনা হৰ্ণ আৰু মিৰিয়াম মাকেবাৰ ৰচনা । আনকি বব ডিলানেও ১৯৬২ চনৰ বেলাফণ্টৰ এলবাম মিডনাইট স্পেচিয়েলত হাৰমনিকা বজাই প্ৰথমবাৰৰ বাবে উপস্থিত হৈছিল । হেৰী বেলাফণ্টে আফ্ৰিকাত দৰিদ্ৰতা, বৰ্ণবৈষম্য আৰু এইডছৰ বিৰুদ্ধেও প্ৰচাৰ চলাই ৰাষ্ট্ৰসংঘৰ শিশু নিধি (ইউনিচেফ)ৰ ৰাষ্ট্ৰদূত হয় ।

লগতে পঢ়ক: Rajesh Master passes away: দক্ষিণৰ চলচ্চিত্ৰৰ জনপ্ৰিয় নৃত্য পৰিচালক ৰাজেশ মাষ্টৰৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.