ETV Bharat / entertainment

মাতৃয়ে অভিনয়ৰ সন্মতি প্ৰদান নকৰাত বিৰুদ্ধাচৰণ কৰি ঘৰৰ পৰা ওলাই যোৱা অভিনেতাজন

এসময়ত মাটি বিক্ৰী কৰি পঢ়া-শুনা কৰা ৰংগৰাজে নিজৰ সপোন পূৰাবলৈ ঘৰৰ পৰা ওলাই গুচি গৈছিল ৷ কটপ্পা হিচাপে জনাজাত অভিনেতা ৰংগৰাজ সুবৈয়াৰ জন্মদিনত (Sathyaraj birthday)জানো আহক তেখেতৰ কিছু কথা-

author img

By

Published : Oct 3, 2022, 11:43 AM IST

sitara
চিনেমা কৰিবলৈ মাকৰ বিৰুদ্ধে যোৱা অভিনেতাজন

চিটাৰা ডেস্ক, 3 অক্টোবৰ : ৰংগৰাজ সুবৈয়াৰ আজি 68 সংখ্যক জন্মদিন (Sathyaraj birthday) । 1954 চনৰ 3 অক্টোবৰত চেন্নাইত জন্মগ্ৰহণ কৰা সত্যৰাজৰ প্ৰকৃত নাম ৰংগৰাজ সুবৈয়া । ‘বাহুবলী’ৰ ছবিখনৰ পৰা যথেষ্ট জনপ্ৰিয়তা লাভ কৰে তেওঁ । কটপ্পা চৰিত্ৰটোৰেই জনাজাত তেওঁ সকলোৰে মাজত জনাজাত ৷

সত্যৰাজে 200 ৰো অধিক ছবিত অভিনয় কৰিছে । 1979 চনত তেওঁ প্ৰযোজক মিধমপট্টি শিৱকুমাৰৰ ভতিজী মহেশ্বৰীক বিয়া কৰায় । তেওঁলোকৰ দুটি সন্তান আছে । কিন্তু জানেনে, আজিৰ এই সফল অভিনেতাজনৰ জীৱনত এটা সময় আছিল যেতিয়া তেওঁ আনকি ঘৰৰ মাটি বিক্ৰী কৰিও পঢ়া-শুনা কৰিব লগীয়া হৈছিল ।

সত্যৰাজৰ পিতৃ পেছাত এজন চিকিৎসক আৰু মাতৃ গৃহিণী আছিল । কটপ্পাৰ সৰু ভনীয়েক দুগৰাকী আছিল কিছাপা আৰু ৰূপ । সৰুৰে পৰা তেওঁ অভিনেতা হোৱাৰ সপোন দেখিছিল । কিন্তু মাকে সেই কথাৰ বিৰোধিতা কৰি সত্যৰাজক ছবিত অভিনয় কৰিবলৈ দিয়া নাছিল । কিন্তু সত্যৰাজে মাকৰ কথা নামানি মাকৰ বিৰুদ্ধে গৈ 1976 চনত কইম্বাটুৰ এৰি চেন্নাইৰ কোদামবকম তামিল চলচ্চিত্ৰ উদ্যোগত যোগদান কৰে । নিজৰ সপোন পূৰণৰ বাবে ঘৰৰ পৰা পলাই গৈছিল তেওঁ । এক সাক্ষাৎকাৰত এইসমূহ কথা নিজেই কৈছিল তেওঁ ।

জীৱনত বহু উত্থান-পতন দেখি আগবাঢ়িছে সত্যৰাজে । তেওঁৰ উদ্ভিদ বিজ্ঞানত স্নাতক ডিগ্ৰী আছে । চাকৰি বিচাৰিছিল যদিও পছন্দৰ চাকৰি পোৱা নাছিল । তেওঁ এটা কৃষক পৰিয়ালৰ অন্তৰ্গত ৷ জীৱনত তেওঁ এনেকুৱা মুহূৰ্তও পাৰ কৰিছিল যেতিয়া কিছুমান সমস্যাৰ বাবে ঘৰৰ মাটি বিক্ৰী কৰিবলগীয়া হৈছিল ।

প্ৰতিটো শিশুৰ দৰেই তেওঁ চিনেমা চাই ভাল পাইছিল ৷ এই ছবিৰ প্ৰতি থকা প্ৰেমৰ বাবেই তেওঁ অভিনেতা হোৱাৰ সিদ্ধান্ত লৈ পেলাইছিল । সেইকাৰণেই তেওঁ চেন্নাইলৈ গৈছিল যাতে তেওঁ চিনেমা জগতত নিজকে প্ৰতিষ্ঠা কৰিব পাৰে ।

1978 চনত কমল হাছানৰ সৈতে প্ৰথমখন ছবি কৰে তেওঁ । কমল হাছানৰ সৈতে এনাকুল ওৰুভান আছিল তেওঁৰ প্ৰথমখন ছবি । শ্বাহৰুখ খানৰ লগতো কটাপ্পাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে । তেওঁ ‘চেন্নাই এক্সপ্ৰেছ’তো কাম কৰিছিল । শ্বাহৰুখ তেওঁৰ প্ৰিয় অভিনেতাৰ অন্যতম । ‘চেন্নাই এক্সপ্ৰেছত তেওঁ কেৱল কিং খানৰ বাবেহে কাম কৰিছিল ।

লগতে পঢ়ক : Salman Khan body double, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে ছলমান খানৰ বডি ডাবলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.