চিটাৰা ডেস্ক, ২৬ মাৰ্চ : যোৱা বছৰৰ ডিচেম্বৰ মাহত দুৰ্ঘটনা পতিত হোৱা ক্ৰিকেটাৰ ঋষভ পন্ত লাহে লাহে সুস্থ হৈ উঠিছে (Cricketer Rishabh Pant health update)। কিছুদিন পূৰ্বে ক্ৰিকেটাৰগৰাকীৰ স্বাস্থ্যৰ খবৰ ল’বলৈ তেওঁৰ বাসগৃহত উপস্থিত হৈছিল ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং, সুৰেশ ৰাইনা আৰু শ্ৰীশান্ত (Suresh Raina and Sreesanth visited Pants house)ত ।
- " class="align-text-top noRightClick twitterSection" data="
">
নিজৰ ইনষ্টাগ্ৰাম একাউন্টত হৰভজনে এখন উল্লাসিত ছবি শ্বেয়াৰ কৰে, য’ত তেওঁক ৰাইনা আৰু শ্ৰীশান্তৰ সৈতে পণ্টৰ কাষত পোজ দিয়া দেখা পোৱা যায় । পোষ্টটোৰ কেপচনত হৰভজনে লিখিছে, "সোনকালেই সুস্থ হোৱা মোৰ সৰু ভাইটি ৷ বিশ্বাস কৰক আৰু জানি থওক যে আপোনাৰ ভিতৰত কিবা এটা আছে যিটো যিকোনো বস্তুতকৈ ডাঙৰ । OBSTACLE YOU FACE ৷"
- " class="align-text-top noRightClick twitterSection" data="
">
ৰাইনাইও পন্তৰ সৈতে একেখন ছবি শ্বেয়াৰ কৰি ক্ৰিকেটাৰগৰাকীৰ আশু আৰোগ্য কামনা কৰে । ৰাইনাই ছবি শ্বেয়াৰ কৰি লিখিছে "ভ্ৰাতৃত্বই সকলো, হৃদয় য'ত আছে সেয়াই হৈছে পৰিয়াল ৷ ভাতৃ @rishabpant ৰ অতিশয় শুভেচ্ছা আৰু অতি ক্ষীপ্ৰ আৰোগ্য কামনা কৰিছো...#পৰিয়ালৰ #জীৱন #ভাতৃত্ববোধ#সময় #বিশ্বাস কৰি থাকক ভাতৃ..আমি সদায় আপোনাৰ লগত আছো ।"
- " class="align-text-top noRightClick twitterSection" data="
">
ইফালে কণ্ঠশিল্পী গুৰু ৰন্ধৱাও ক্ৰিকেটাৰগৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ উপস্থিত হয় তেওঁৰ বাসগৃহত (Guru Randhawa) ৷ কণ্ঠশিল্পীগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউন্টক এখন ছবি শ্বেয়াৰ কৰিছে, য’ত কণ্ঠশিল্পীগৰাকীক পণ্টৰ কাষত চোফাত বহি থকা দেখা গৈছে। কণ্ঠশিল্পীগৰাকী ক্ৰিকেটাৰগৰাকীৰ বাবে কেপচনত লিখিছে, "মোৰ ভাইটি @rishabpant বহুত শক্তিশালী হৈ ঘূৰি অহা দেখি বহুত ভাল লাগিছে । লাভ ইউ ব্ৰ ৷ "
- " class="align-text-top noRightClick twitterSection" data="
">
উল্লেখ্য যে, 2022 বৰ্ষৰ 30 ডিচেম্বৰত ৰুৰকিৰ ওচৰত সংঘটিত হোৱা দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল পণ্ট ৷ অৱশ্যে বৰ্তমান কিছু সুস্থ হৈ উঠিছে ভাৰতীয় ক্ৰিকেটাৰগৰাকী ৷ চলিত মাহৰ আৰম্ভণিতে এটা পোষ্টত চুইমিং পুলত খোজ কাঢ়ি থকা দেখা পোৱা গৈছিল ক্ৰিকেটাৰগৰাকীক । আহত হোৱাৰ বাবে ২০২৩ চনৰ বেছিভাগ সময় ক্ৰিকেট খেলপথাৰৰ পৰা আঁতৰি থকাৰ সম্ভাৱনা আছে আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগকে ধৰি কেইবাখনো ডাঙৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি আশা কৰা হৈছে ।
আই পি এলকে ধৰি কেইবাখনো ডাঙৰ প্ৰতিযোগিতাত অংশ ল’ব নোৱাৰিব বুলিও অনুমান কৰা হৈছে । আহত হোৱাৰ বাবেই পণ্টক বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ লগতে আগন্তুক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰাও বাহিৰ কৰা হৈছিল । (ANI)
লগতে পঢ়ক: Akanksha Dubey committed suicide: ৰহস্যজনক অৱস্থাত উদ্ধাৰ ভোজপুৰী অভিনেত্ৰী আকাংক্ষা ডুবেৰ মৃতদেহ