ETV Bharat / entertainment

Gadar: Ek Prem katha: কাইলৈ ​​ছবিগৃহত পুনৰ মুক্তি পাব গদৰ এক প্ৰেম কথা, এটাৰ লগত এটা টিকট হ’ব বিনামূলীয়া - অনিল শৰ্মা

ছানী দেওল-অমিষা পেটেলৰ অভিনীত ছবি ‘গদৰ: এক প্ৰেম কথা’ কাইলৈ (৯ জুন) ছবিগৃহত পুনৰ মুক্তি পাব । ছবিখনৰ এটা টিকট আপুনি ক্ৰয় কৰিলে আন এটা টিকট পাব বিনামূলীয়াকৈ ৷

Gadar Ek Prem Katha to re release in cinemas tomorrow; makers announce Buy 1 Get 1 free offer on tickets
কাইলৈ ছবিগৃহত পুনৰ মুক্তি পাব গদৰ এক প্ৰেম কথা
author img

By

Published : Jun 8, 2023, 2:15 PM IST

Updated : Jun 8, 2023, 3:23 PM IST

চিটাৰা ডেস্ক, 8 জুন: পৰিচালক অনিল শৰ্মাৰ ২০০১ চনৰ ব্লকবাষ্টাৰ ছবি ‘গদৰ: এক প্ৰেম কথা’ (Gadar: Ek Prem katha) অহা ৯ জুনত পুনৰবাৰ ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে। উল্লেখ্য যে অহা ১১ আগষ্টত মুক্তি পাব ‘গদৰ ২’ ছবিখনৰ ছিকুৱেল । দ্বিতীয় খণ্ড মুক্তিৰ পূৰ্বে ছবিখনৰ নিৰ্মাতাসকলে প্ৰথম খণ্ড পুনৰ মুক্তিৰ সিদ্ধান্ত লৈছে । গতিকে এই ছবিখনৰ প্ৰথম সংস্কৰণ যদি আপুনি আজি পৰ্যন্ত চোৱা নাই, তেন্তে কিছুদিন পিচত আপুনি থিয়েটাৰলৈ গৈ এই ছুপাৰহিট ছবিখন উপভোগ কৰিব পাৰিব ।

বিনামূলীয়া হ’ব এটা টিকট

কেৱল এয়াই নহয়, গদৰৰ প্ৰযোজকসকলে সিদ্ধান্ত লৈছে যে ‘গদৰ: এক প্ৰেম কথা’ৰ ছবিৰ টিকটৰ মূল্য কোনো ছবিগৃহতে ১৫০ টকাতকৈ বেছি নহ’ব (Gadar Ek Prem katha Ticket Offer) ৷ একে সময়তে এটা টিকটৰ সৈতে আন এটা টিকট বিনামূলীয়া হ’ব । এইদৰে এজন মানুহে মাত্ৰ ৭৫ টকাত ছানী দেওল আৰু অমিষা পেটেলৰ এই ছবিখন ছিবগৃহত উপভোগ কৰিব পাৰিব । ছানী দেওলে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টতো জনাইছে যে ছবিখনৰ এটা টিকটৰ সৈতে আন এটা টিকট বিনামূলীয়াকৈ লাভ কৰিব।

৯ জুনত হ’ব ছবিখনৰ প্ৰিমিয়াৰ

তাৎপৰ্যপূৰ্ণভাৱে ৯ জুনত ছবিখনৰ প্ৰিমিয়াৰো হ’ব, য’ত ছবিখনৰ অভিনেতা-অভিনেত্ৰী আৰু কৰ্মীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোককো আমন্ত্ৰণ জনোৱা হৈছে (Gadar Ek Prem katha will release date)। অমিষা পেটেলৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰা প্ৰয়াত অভিনেতা অমৰীশ পুৰীৰ পৰিয়াল আৰু গীতিকাৰ আনন্দ বক্সীৰ পৰিয়ালকো আমন্ত্ৰণ জনোৱা হৈছে ছবিখনৰ প্ৰিমিয়াৰলৈ (Gadar Ek Prem katha)।

'গদৰ: এক প্ৰেম কথা'ৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিছে ছানী দেওলে

২৬ মে’ত ছানী দেউলে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ‘গদৰ: এক প্ৰেম কথা’ৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰিছিল, য’ত ছবিখনৰ কিছু দৃশ্য দেখা গৈছে । যেতিয়া তাৰা সিং পাকিস্তানত উপস্থিত হয় ছাকিনা (অমিষা পেটেল)ক ভাৰতলৈ ঘূৰাই আনিবলৈ। ইফালে তাৰা সিঙৰ তীব্ৰ কাজিয়া আশ্ৰফ আলী (অমৃশ পুৰী)ৰ সৈতে । ট্ৰেইলাৰটো চাই অনুৰাগীসকল উল্লাসিত হৈ পৰাও পৰিলক্ষিত হয় ।

‘গদৰ ২’ৰ কথা ক’বলৈ গ’লে ছবিখনৰ পোষ্ট প্ৰডাকচনৰ কাম পূৰ্ণগতিত চলি আছে (Gadar 2) । ছবিখনৰ পৰিচালক অনিল শৰ্মাই নিশ্চিত যে ‘গদৰ ২’ ছবিখনেও ‘গদৰ: এক প্ৰেম কথা’ৰ যিমান মৰম পাইছিল, সেই মৰম পাব।

লগতে পঢ়ক: Adipurush Free Tickets : সঁচাকৈ বিনামূলীয়া হ’ব নেকি আদিপুৰুষৰ টিকট ? ক’ত উপলব্ধ হ’ব এই টিকট ?

Last Updated : Jun 8, 2023, 3:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.