ETV Bharat / entertainment

Gadar 2 Box Office Collection: ২০২৩ চনৰ দ্বিতীয়খন সৰ্বাধিক হিট ছবি হিচাপে পৰিগণিত গদৰ ২

author img

By

Published : Aug 17, 2023, 10:25 AM IST

ছানী দেওলৰ ছবি ‘গদৰ ২’ৰ উপাৰ্জনৰ পৰা ক’ব পাৰি যে এই ছিকুৱেলে ‘গদৰ’ৰ অভিলেখো ভংগ কৰিব । ইতিমধ্যেই ২০২৩ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে গদৰ ২। জানি লওক কিমান হ’ল মুঠ বক্স অফিচ কালেকচন ৷

Gadar 2 box office collection day 6, Gadar 2 is second biggest hit of 2023
গদৰ ২ ৰ বক্স অফিচ কালেকচন

চিটাৰা ডেস্ক, ১৭ আগষ্ট: বক্স অফিচত অব্যাহত আছে ছানী দেওলৰ ছবি গদৰ ২ ৰ ধুমুহা ৷ এটাৰ পিচত আনটো অভিলেখ ভংগ কৰিছে ছবিখনে ৷ ছানী দেওলৰ গদৰ ২ ছবিখনে এইবছৰ শ্বাহৰুখ খানৰ ব্লকবাষ্টাৰ ছবি পাঠান, প্ৰভাসৰ আদিপুৰুষ আৰু ছলমান খানৰ কিছি কা ভাই কিছি কি জান, ৰণবীৰ সিঙৰ ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানীৰ দৰে ছবিকো যেন পিচ পেলাবলৈ সক্ষম হ’ব ৷ গদৰ ২ মুক্তিৰ আজি ৬ দিন হ’ল যদিও ছবিগৃহত কমা নাই দৰ্শকৰ ভিৰ ৷

বক্স অফিচত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে গদৰ ২ ছবিখনে ৷ ৬ দিনত ৩০০ কোটি টকাৰ পৰিসংখ্যা স্পৰ্শ কৰিব পাৰে ছবিখনে । স্বাধীনতা দিৱসৰ দিনটোত সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে গদৰ ২।

২০২৩ চনৰ দ্বিতীয় সৰ্বাধিক হিট ছবি গদৰ ২

শ্বাহৰুখ খানৰ পাঠানৰ পিচত ২০২৩ চনৰ দ্বিতীয় সৰ্বাধিক হিট ছবি হিচাপে পৰিগণিত হৈছে ছানী দেওলৰ গদৰ ২। গদৰ ২ এতিয়া কেৱল উপাৰ্জনৰ ক্ষেত্ৰত হে পাঠানৰ পৰা পিছ পৰি আছে । উল্লেখ্য় যে, ২৪২.২০ কোটি টকাৰে তৃতীয় স্থানত আছে দ্য কেৰালা ষ্ট’ৰী । চতুৰ্থ স্থানত আছে ৰণবীৰ কাপুৰৰ ছবি ‘তু ঝুঠি মে মক্কাৰ’, ছবিখনে ১৪৯.০৫ কোটি টকা উপাৰ্জন কৰিছিল । পঞ্চম স্থানত আছে ৰণবীৰ সিং আৰু আলিয়া ভাটৰ ছবি ৰকি ঔৰ ৰাণী যাৰ সংখ্যা ১৩৭.০২ কোটি টকা।

বক্স অফিচত গদৰ ২

গদৰ ২ ছবিখনে মুকলিৰ দিনা ৪০.১ কোটি, দ্বিতীয় দিনা ৪৩.৮ কোটি টকাৰ বাম্পাৰ সংগ্ৰহ কৰে ৷ আনহাতে দেওবাৰে তৃতীয় দিনা গদৰ ২ ছবিখনে বক্স অফিচত সংগ্ৰহ কৰে ৫১ কোটি টকা আৰু চতুৰ্থ দিনত ৩৯ কোটি টকা উপাৰ্জন কৰে ৷ গদৰ ২ য়ে পঞ্চম দিনটোত সৰ্বাধিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ স্বাধীনতা দিৱসৰ দিনটোত ৫৫.৫ কোটি টকা উপাৰ্জন কৰে ৷ মুঠ ২৬২.৪৮ কোটি টকা উপাৰ্জন কৰিলে ছবিখনে ৷

  • NEW ALL TIME DOMESTIC HIGHEST GROSSER Loading#Pathaan (only Hindi) Vs #Gadar2:

    Day 1: 55 cr / 40.10 cr
    Day 2: 68 cr / 43.08 cr
    Day 3: 38 cr / 51.70 cr
    Day 4: 51.50 cr / 38.70 cr
    Day 5: 58.50 cr / 55.40 cr
    Day 6: 25.50 / 33.50 cr

    Total: 306.50 cr / 262.48 cr (15% behind)… https://t.co/GeBmrnJyUn

    — Box Office Worldwide (@BOWorldwide) August 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

সপ্তাহৰ শেষৰ ফালে উপাৰ্জন হ’ব পাৰে ৫০০ কোটি টকা

ছবিখনে বক্স অফিচত যিধৰণৰ ফলাফল দেখুৱাইছে তাৰ পৰা ক’ব পাৰি যে এই সপ্তাহটোৰ শেষৰ ফালে ছবিখনে ৫০০ কোটিৰ ক্লাবত সোমাব পাৰে । ছানী দেওল আৰু অমিষা পেটেলৰ ছবিখনে কেৱল অনুৰাগীৰ পৰাই নহয়, বলীউডৰ তাৰকাৰ পৰাও যথেষ্ট সঁহাৰি লাভ কৰিছে। ছলমান খানৰ পৰা আৰম্ভ কৰি কাৰ্তিক আৰিয়ান আৰু মৃণাল ঠাকুৰলৈকে সকলোৱে ছবিখনৰ প্ৰশংসা কৰিছে ।

লগতে পঢ়ক: Gadar 2 vs OMG 2: 15 আগষ্টত ছানী দেওলৰ গদৰ 2 য়ে বক্স অফিচত সৃষ্টি কৰিছে ধুমুহাৰ, OMG 2’ৰ উপাৰ্জনো হ’ল দুগুণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.