ETV Bharat / entertainment

২০০ কোটি দাবী কৰা গোচৰৰ চাৰ্জশ্বীটত জেকলিন ফাৰ্ণাণ্ডেজৰ নাম

author img

By

Published : Aug 17, 2022, 12:24 PM IST

সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ২০০ কোটি টকাৰ ধন দাবীৰ গোচৰত অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ নাম চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে । সবিশেষ আগলৈ-

Jacqueline Fernandez
২০০ কোটি টকা দাবী কৰা গোচৰৰ চাৰ্জ শ্বীটত জেকলিন ফাৰ্ণাণ্ডেজৰ নাম

চিটাৰা ডেস্ক, 17 আগষ্ট : সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে উত্থাপিত ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত ইডিয়ে জেৰা কৰিছিল বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক । দিল্লীস্থিত ইডিৰ কাৰ্যালয়লৈ মাতি অনাৰ লগতে তেওঁৰ বক্তব্যও ৰেকৰ্ড কৰা হৈছিল । এতিয়া এই গোচৰৰ চাৰ্জ শ্বীট প্ৰস্তুত কৰা হৈছে আৰু ইয়াত জেকলিনৰ নাম অন্তৰ্ভুক্ত হোৱাটো প্ৰায় নিশ্চিত কৰা হৈছে (Jacqueline Fernandez accused in 200 crore extortion case) ।

সুকেশ চন্দ্ৰশেখৰ ধন দাবী গোচৰ -

অভিযুক্ত সুকেশ চন্দ্ৰশেখৰ দুশ কোটি টকা দাবী কৰা গোচৰৰ মূল মাষ্টাৰমাইণ্ড । তেওঁ আৰু অভিনেত্ৰী জেকলিনৰ এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । এই ফটোখন সুকেশ জামিনত ওলাই অহা সময়ৰ বুলি জানিব পৰা গৈছিল । তেওঁ জেকলিনক চাৰিবাৰকৈ চেন্নাইত লগ কৰে, য’ত তেওঁ ভ্ৰমণৰ বাবে এখন ব্যক্তিগত জেটৰ ব্যৱস্থা কৰিছিল বুলি সূত্ৰই প্ৰকাশ কৰিছিল ।

জেকলিন ফাৰ্ণাণ্ডেজলৈ সুকেশৰ দামী উপহাৰ -

প্ৰকাশ পাইছিল যে জেকলিন ফাৰ্ণাণ্ডেজক ৫২ লাখ টকাৰ এটা ঘোঁৰা আৰু ৯ লাখ টকাৰ এটা পাৰ্চী মেকুৰী উপহাৰ দিছিল সুকেশ চন্দ্ৰশেখৰে । লগতে তেওঁ কেইবাবাৰো জেকলিনক দামী গহনা উপহাৰ দিছিল । ইডিয়ে সুকেশৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে । জেকলিনৰ লগতে আন এগৰাকী অভিনেত্ৰী নোৰা ফাতেহীৰ নামো এই চাৰ্জ শ্বীটত উল্লেখ কৰা হৈছে ।

এই গোচৰত ২০ অক্টোবৰত জেকলিন ফাৰ্ণাণ্ডেজ ইডিৰ সন্মুখত হাজিৰ হৈছিল । ইয়াৰ পূৰ্বে তেওঁ একেৰাহে চাৰিবাৰকৈ তদন্ত স্থগিত ৰাখিছিল । জেকলিনে দিয়া বক্তব্য কৰ ফাঁকি প্ৰতিৰোধ আইনৰ অধীনত লিপিবদ্ধ কৰা হৈছিল । আৰ্থিক লেনদেন আৰু সুকেশ চন্দ্ৰশেখৰৰ সৈতে ঘনিষ্ঠ হোৱাৰ বাবেই ইডিৰ জেৰাত সোমাই পৰিছিল জেকলিন ।

লগতে পঢ়ক : বগা পোছাকত জেকলিন ফাৰ্ণাণ্ডেজৰ চঞ্চলা মন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.