ETV Bharat / entertainment

Dream Girl 2 teaser: ড্ৰীম গাৰ্ললৈ ফোন কৰাৰ বাবে পাঠানৰ ওপৰত খং উঠিল অনন্যা পাণ্ডেৰ

author img

By

Published : Feb 14, 2023, 1:15 PM IST

আয়ুষ্মান খুৰানাই ভেলেণ্টাইন ডে’ ৰ দিনা ড্ৰীম গাৰ্ল 2 ৰ টিজাৰটো শ্বেয়াৰ কৰিছে । টিজাৰটো শ্বাহৰুখ খানৰ সৈতে সংযুক্ত, যিটো দৰ্শকে ভাল পাইছে ৷ কিন্তু চলচ্চিত্ৰখনৰ মুখ্য তাৰকা অনন্যা পাণ্ডে ড্ৰীম গাৰ্ল 2 ৰ টিজাৰটো লৈ সুখী নহয় । কিয় জানিবলৈ আগলৈ পঢ়ক-

Dream Girl 2 teaser
ড্ৰীম গাৰ্ল 2 ৰ টিজাৰ

চিটাৰা ডেস্ক, 14 ফেব্ৰুৱাৰী : আয়ুষ্মান খুৰানা আৰু অনন্যা পাণ্ডে অভিনীত ড্ৰীম গাৰ্ল 2 ছবিখনৰ নিৰ্মাতাসকলে ভেলেণ্টাইন ডে’ৰ দিনটোত ছবিখনৰ টিজাৰটো মুকলি কৰে (Dream Girl 2 teaser)। টিজাৰটোত দেখিবলৈ পোৱা গৈছে এগৰাকী পূজা নামৰ মহিলাই পাঠানৰ পৰা এটা ফোন কল লাভ কৰে ৷ এই পূজাৰ চেহেৰাটো স্পষ্টকৈ দেখুওৱা হোৱা নাই টিজাৰটোত ৷ টিজাৰটোৰ সৈতে সম্পৰ্ক আছে পাঠানৰ ৷ কিন্তু ছবিখনৰ মুখ্য অভিনেত্ৰী অনন্যাই পছন্দ কৰা নাই পাঠান-পূজাৰ সম্পৰ্কটো ৷

সোমবাৰে আয়ুষ্মান খুৰানাই ইনষ্টাগ্ৰামত ড্ৰীম গাৰ্ল 2 ৰ টিজাৰ শ্বেয়াৰ কৰে (Ayushmann Khurrana Dream Girl 2 teaser) । টিজাৰটোত পূজা নামৰ এগৰাকী মহিলাক সাজি-কাচি থকা দেখা গৈছে, পূজাৰ মুখখন অৱশ্যে টিজাৰটোত প্ৰকাশ কৰা নাই ।কোন বাৰু পাঠানৰ সৈতে সম্পৰ্ক থকা এই পূজা ? হয় আপোনালোকে ঠিকেই ভাবিছে ৷ আয়ুষ্মানক এগৰাকী মহিলাৰ কণ্ঠ অনুকৰণ কৰিব পৰা পুৰুষ হিচাপে দেখুওৱা হৈছে টিজাৰটোত । ভিডিঅ’টোত আয়ুষ্মানে এছ আৰ কেৰ পাঠান চৰিত্ৰৰ সৈতে ফোনযোগে কথা পতা দেখা গৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

"হেল্ল' মে পূজা বোল ৰহি হু । আপ কৌন?" আয়ুষ্মানে এইদৰে সুধিলে । তেওঁক প্রত্যুত্তৰ দি ফোনটোৰ সিটো পাৰে থকা এজন ব্যক্তিয়ে ব্লকবাষ্টাৰ ছবি পাঠানৰ শ্বাহৰুখ খানৰ চৰিত্ৰৰ কথা উল্লেখ কৰি নিজকে পাঠান বুলি সম্বোধন কৰে । "পূজা...মে পাঠান", ফোন কৰাজনে ক'লে । "উফ...কেইছে হো মেৰে পাঠান", আয়ুষ্মানে লগতে সুধিলে । তেওঁক উত্তৰ দি ফোন সিটো পাৰৰ পৰা ঠাট্টা কৰি ক'লে, "পেহলে ছে ভি জ্যাদা অমিৰ...হেপি ভেলেণ্টাইন ডে’ পূজা" ৷

এই হাস্যৰসময়ী টিজাৰটোৱে নেটিজেনসকলক বিভাজিত কৰি পেলাইছে যদিও ছবিখনৰ "নায়িকা" অনন্যা যেন সুখী নহয় । ড্ৰীম গাৰ্ল 2 ৰ টিজাৰ শ্বেয়াৰ কৰি অনন্যাই লিখিছে, "আই থট চাইন কৰনে পাৰ ফিল্ম মেইন এক হিৰোইন থি, য়েহ @pooja___dreamGirl কো সব ক্যুন কল কাৰ ৰাহে হে গাইজ? #7KoSaathMein #DreamGirl2 7 জুলাই, 2023 ত চিনেমা হলত মুক্তি পাব" ৷

এনেকুৱা লাগিছে যেন অনন্যা স্পষ্টভাৱে সুখী নহয় কাৰণ অনন্যাক বাদ দি পূজাই সকলো মনোযোগ পাঠানৰ পৰা পাইছে । পূজা ওৰফে আয়ুষ্মানৰ পৰা কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হৈ ছবিখনত কেনেকৈ অনন্যাই ভূমিকাটো ৰূপায়ণ কৰিব সেইয়া চোৱাটো লক্ষণীয় হ’ব ।

আয়ুষ্মানে টিজাৰটোৰ জৰিয়তে জনাইছে যে ছবিখন 7 জুলাইত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে (Ayushmann Khurrana news) । বালাজী টেলিফিল্মছৰ ড্ৰীম গাৰ্ল 2 হৈছে 2019 চনত মুক্তি পোৱা অতি সফল ছবি ড্ৰীম গাৰ্লৰ চিকুৱেল । আয়ুষ্মানৰ উপৰিও ছবিখনত অভিনয় কৰিছে অনন্যা পাণ্ডে(Ananya Panday films), অনু কাপুৰ, পৰেশ ৰাৱাল, আছৰাণী, মনজোত সিং আৰু বিজয় ৰাজকে ধৰি আন বহু তাৰকাই ।

লগতে পঢ়ক : সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহৰ অভ্যৰ্থনাটো আছিল বলীউড তাৰকাৰে ভৰপূৰ এটা জাকজমকীয়া অনুষ্ঠান, চাওক ফটো-

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.