ETV Bharat / entertainment

Parineeti- Raghav Wedding Photos: পৰিণীতিৰ বিবাহৰ সাজযোৰৰ ওৰণিত লিখা আছে এটা বিশেষ নাম !

পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিবাহ ২৪ ছেপ্টেম্বৰত উদয়পুৰৰ দ্য লীলা পেলেচ হোটেলত অতি আড়ম্বৰেৰে হয় । এতিয়া এই দম্পতীয়ে শ্বেয়াৰ কৰিছে তেওঁলোকৰ বিবাহৰ ফটো ৷ য’ত পৰিণীতি চোপ্ৰাৰ ওৰণিত লিখা আছিল এটা বিশেষ নাম ৷

author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 1:39 PM IST

Did you notice Parineeti Chopras dupatta has raghav chadhas name written on it
পৰিণীতিৰ বিয়াৰ ওৰণিত লিখা আছিল এটা বিশেষ নাম

চিটাৰা ডেস্ক, ২৫ ছেপ্টেম্বৰ: পৰিণীতি চোপ্ৰা আৰু আম আদমি পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডাৰ যোৱা ২৪ ছেপ্টেম্বৰত উদয়পুৰৰ ‘দ্য লীলা পেলেচ’ত ধুমধামেৰে বিবাহ হয় । ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা দুয়োৰে বিবাহ অনুষ্ঠানৰ অন্ত পৰে ২৪ ছেপ্টেম্বৰত অগ্নিক সাক্ষী কৰি সাত পাক ঘূৰাৰ পিচত ৷ পৰিয়াল আৰু ঘনিষ্ঠ লোকৰ উপস্থিতিত চিৰদিনৰ বাবে ইগৰাকীয়ে সিগৰাকীক নিজৰ কৰি লয় ৷

বিবাহৰ পাচত সকলোৱে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিয়াৰ ফাৰ্ষ্ট লুক চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল আৰু এতিয়া শেষ হ’ল অপেক্ষা ৷ কিয়নো পৰিণীতিয়ে শ্বেয়াৰ কৰিছে তেওঁলোকৰ বিয়াৰ ফাৰ্ষ্ট লুক । বিয়াৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে পৰিয়ে ৷ বিয়াৰ লুকটোৰ সৈতে মূৰত দীঘল ওৰণি পৰিধান কৰিছিল, য’ত লিখা আছিল এটা বিশেষ শব্দ ।

পৰিণীতিয়ে নিজৰ ওৰণিত লিখিলে এটা বিশেষ নাম

বিয়াত পৰিণীতি চোপ্ৰাই পৰিধান কৰিছিল পেষ্টেল ৰঙৰ লেহেংগা । অৱশ্যে অভিনেত্ৰীগৰাকীয়ে বিয়াৰ সাজৰ বাবে বাছি লৈছিল অতি কম মেকআপ ৷ এই লুকটোৰ লগতে মূৰত দীঘল ওৰণিও লৈছিল পৰিণীতিয়ে ৷

ওৰণিৰ ব’ৰ্ডাৰত সোণালী ৰঙৰ কাম কৰা আছিল । লগতে বগা মুকুতাৰ কাম কৰা আছিল । পৰিণীতি চোপ্ৰাই মূৰত লোৱা ওৰণিখনত স্বামী তথা আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডাৰ নাম সোণালী ৰঙেৰে লিখা আছিল । যিটো অতি স্পষ্টকৈ দেখা গৈছে ফটোত ।

কোনে ডিজাইন কৰিছিল পৰিণীতিৰ বিয়াৰ লুক ?

উল্লেখ্য যে, পৰিণীতি চোপ্ৰাৰ সমগ্ৰ বিবাহৰ সাজযোৰ মনীষ মালহোত্ৰাই ডিজাইন কৰিছিল । অভিনেত্ৰীগৰাকীৰ বিয়াত অংশ ল’বলৈ উদয়পুৰত উপস্থিত হৈছিল ডিজাইনাৰগৰাকী । পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিয়াত উপস্থিত থাকে ছানিয়া মিৰ্জা, মধু চোপ্ৰা, হৰভজন সিং, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানকে ধৰি বহু তাৰকা । কিন্তু প্ৰিয়ংকা চোপ্ৰা উপস্থিত থাকিব নোৱাৰিলে ভগ্নী পৰিণীতিৰ বিয়াত ৷ অৱশ্যে ছ’চিয়েল মিডিয়াতে পৰিণীতি আৰু ৰাঘৱক অভিনন্দন জনায় অভিনেত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: Ragneeti Wedding Pics: অপেক্ষাৰ অন্ত! অনুৰাগীৰ হাতত পৰিলহি ৰাঘৱ-পৰিণীতিৰ বিয়াৰ ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.