চিটাৰা ডেস্ক, 15 ফেব্ৰুৱাৰী : চবচে বড়া খিলাড়ী অক্ষয় কুমাৰ বিতৰ্কত সোমাই পৰিছে ৷ তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ পেন্দ্ৰাস্থিত এজন অধিবক্তাই আনিছে এই অভিযোগ ৷ অধিবক্তাজনে অভিযোগটোত লিখিছে যে চলচ্চিত্ৰ তাৰকা অক্ষয় কুমাৰে গ্ল’বত নিৰ্মিত ভাৰতৰ মানচিত্ৰৰ ওপৰত জোতা পিন্ধি থিয় হৈ আছে । যিটো পৃথিৱীৰ বাবে অপমানজনক । এই গোচৰটো উত্থাপন কৰি তেওঁ অক্ষয়ৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী তুলিছে ।
পেন্দ্ৰাৰ বাসিন্দা অধিবক্তা বীৰেন্দ্ৰ পাঞ্জাৱীয়ে মঙলবাৰে জিলা আৰক্ষী বিষয়াকে ধৰি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ এখন পত্ৰ লিখি এই অভিযোগ দাখিল কৰিছে । য'ত তেওঁ কৈছে যে, বলীউড অভিনেতা অক্ষয় কুমাৰ ওৰফে ৰাজীৱ ভাটিয়াই তেওঁৰ সামাজিক মাধ্যমত এখন ফটো ভাইৰেল কৰিছে । এটা ভিডিঅ' পোষ্ট কৰি তেওঁ ভাৰতৰ মানচিত্ৰক অপমান কৰিছে আৰু জনসাধাৰণৰ অনুভূতিক আঘাত কৰিছে (Akshay Kumar latest news) । অক্ষয় কুমাৰ এনেদৰে ভাৰত মাতাৰ মানচিত্ৰত থিয় হৈ থকাটো ভাৰতীয় মানচিত্ৰৰ অপমান বুলি বৰ্ণনা কৰিছে অধিবক্তাজনে । অক্ষয় কুমাৰৰ এই কাৰ্য ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন 1971 ৰ অধীনত দণ্ডনীয় । এইকাৰণেই অধিবক্তা বীৰেন্দ্ৰ পাঞ্জাৱীয়ে নতুন দিল্লীৰ গৃহমন্ত্ৰী আৰু মুম্বাইৰ গৃহমন্ত্ৰীৰ ওচৰত এই বিষয়ে অভিযোগ কৰিছে (Complaint against Akshay Kumar) ।
অধিবক্তাজনে পত্ৰখনত লিখিছিল যে "অক্ষয় কুমাৰ ওৰফে ৰাজীৱ ভাটিয়াই তেওঁৰ সামাজিক মাধ্যমত এখন ফটো ভাইৰেল কৰিছে (Akshay Kumar instagram) । য'ত তেওঁ বিশ্বমানচিত্ৰত জোতা পিন্ধি ভাৰত মাতাৰ মানচিত্ৰৰ ওপৰত থিয় হৈ আছে (Akshay Kumar news) । এনেদৰে ভাৰতৰ মানচিত্ৰত তেওঁ থিয় হৈ থকাটো ভাৰতীয় মানচিত্ৰৰ বাবে অপমান । তেওঁ যিদৰে জোতা পিন্ধি ভাৰতৰ মানচিত্ৰত থিয় হৈ আছে, এইটোৱে মোৰ অনুভূতিক আঘাত কৰিছে । তেওঁৰ কাৰ্যটো ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন 1971 ৰ অধীনত দণ্ডনীয় । এনে পৰিস্থিতিত, অক্ষয় কুমাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা উচিত । মেপত থিয় হৈ থকা ফটোখন আঁতৰাই তেওঁৰ বিৰুদ্ধে পদক্ষেপ ল'ব লাগে" (Akshay Kumar recent news) ।
আইনখনে কি কয় :
ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন, 1971 ত দেশৰ ৰাষ্ট্ৰীয় প্ৰতীক, ৰাষ্ট্ৰীয় পতাকা, ৰাষ্ট্ৰীয় সংগীত, সংবিধান আৰু ভাৰতৰ মানচিত্ৰ আদিৰ অপমান নিষিদ্ধ কৰা হৈছে । এনে কৰাটোৱো ভাৰতীয় সংবিধানক অৱমাননা কৰাটো বুজায় ।
লগতে পঢ়ক : Shah Rukh Khan news: 34 বছৰৰ আগতে পত্নী গৌৰীক শ্বাহৰুখে দিছিল এই উপহাৰ