চিটাৰা ডেস্ক, 9 মে’ : মুক্তিৰ পূৰ্বেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ‘The Kerala Story’ ছবিখন ৷ 5 মে’ত মুক্তি পোৱাৰ পিচতে ছবিখনক লৈ সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ (Controversial film the Kerala story) ৷ বহু ৰাজ্যই ইতিমধ্যেই ছবিখন নিষিদ্ধ কৰিছে ইয়াৰ বিপৰীতে আন একাংশ ৰাজ্যত আকৌ কৰমুক্ত কৰা হৈছে ছবিখন । শেহতীয়াকৈ মধ্যপ্ৰদেশত ছবিখন কৰমুক্ত কৰাৰ পিচত এতিয়া উত্তৰ প্ৰদেশতো ছবিখনক কৰমুক্ত কৰা হৈছে (UP CM Yogi Adityanath on kerala story) ।
উত্তৰ প্ৰদেশত কৰমুক্ত কৰা হ’ব ‘দ্য কেৰালা ষ্ট’ৰী’
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে টুইটযোগে কয় যে উত্তৰ প্ৰদেশ চৰকাৰে সদ্য মুক্তি পোৱা ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ক ৰাজ্যত কৰমুক্ত ঘোষণা কৰিব । মুখ্যমন্ত্রী সচিবালয়ে কয় যে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে তেওঁৰ কেবিনেট সতীর্থসকলৰ সৈতে লোকভৱনত অনুষ্ঠিত হ’বলগীয়া বিশেষ প্রদর্শনত ছবিখন চাব পাৰিব (Uttar Pradesh Chief Minister Yogi Adityanath) ৷
‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখন কৰমুক্ত হোৱা দ্বিতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে ইউ পি
উল্লেখ্য যে উত্তৰ প্ৰদেশৰ বিজেপিৰ সম্পাদক ৰাঘবেন্দ্ৰ মিশ্ৰই শেহতীয়াকৈ লক্ষ্ণৌত ১০০ গৰাকী কন্যা ছাত্ৰীক ছবিখন দেখুৱাইছিল । মধ্যপ্ৰদেশৰ পিচতে বিতৰ্কিত ছবিখনক ‘কৰমুক্ত’ কৰি তোলা দ্বিতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে উত্তৰ প্ৰদেশ (Kerala story given tax free status in UP) ।
-
मुख्यमंत्री श्री @myogiadityanath जी महाराज अपने पूरे मंत्रिमंडल के साथ 12 मई, 2023 को लखनऊ में 'The Kerala Story' फिल्म देखेंगे।
— Yogi Adityanath Office (@myogioffice) May 9, 2023 " class="align-text-top noRightClick twitterSection" data="
">मुख्यमंत्री श्री @myogiadityanath जी महाराज अपने पूरे मंत्रिमंडल के साथ 12 मई, 2023 को लखनऊ में 'The Kerala Story' फिल्म देखेंगे।
— Yogi Adityanath Office (@myogioffice) May 9, 2023मुख्यमंत्री श्री @myogiadityanath जी महाराज अपने पूरे मंत्रिमंडल के साथ 12 मई, 2023 को लखनऊ में 'The Kerala Story' फिल्म देखेंगे।
— Yogi Adityanath Office (@myogioffice) May 9, 2023
মধ্য প্ৰদেশত কৰমুক্ত ‘দ্য কেৰালা ষ্ট’ৰী’
ইয়াৰ পূৰ্বে শনিবাৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাজ্যখনত ছবিখন কৰমুক্ত হ’ব বুলি উল্লেখ কৰিছিল ৷ ইয়াৰ এদিন পিচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ছবিখনক সন্ত্ৰাসবাদী ষড়যন্ত্ৰ উদঙাই দিয়াৰ বাবে প্ৰশংসা কৰাৰ লগতে কৰ্ণাটকত এখন সমাৱেশৰ সময়ত কংগ্ৰেছক সমালোচনা কৰে । শিৱৰাজ সিং চৌহানে কয়, "মধ্যপ্ৰদেশত আমি ইতিমধ্যে ধৰ্মান্তৰকৰণ নিষিদ্ধ কৰা আইন প্ৰণয়ন কৰিছো । এই ছবিখন সকলোৱে চাব লাগে ৷ কাৰণ ই সজাগতা বৃদ্ধি কৰিব । পিতৃ-মাতৃ, সন্তান, কন্যাকো চোৱাৰ পৰামৰ্শ দিয়া হৈছে । সেইবাবেই মধ্যপ্ৰদেশ চৰকাৰে ছবিখনৰ কৰ মঞ্জুৰ কৰিছে’’ ।
-
'The Kerala Story' उत्तर प्रदेश में टैक्स फ्री की जाएगी।
— Yogi Adityanath (@myogiadityanath) May 9, 2023 " class="align-text-top noRightClick twitterSection" data="
">'The Kerala Story' उत्तर प्रदेश में टैक्स फ्री की जाएगी।
— Yogi Adityanath (@myogiadityanath) May 9, 2023'The Kerala Story' उत्तर प्रदेश में टैक्स फ्री की जाएगी।
— Yogi Adityanath (@myogiadityanath) May 9, 2023
ইফালে পশ্চিম বংগত ছবিখন নিষিদ্ধ ঘোষণা কৰিছে
পশ্চিম বংগ চৰকাৰে সোমবাৰে ৰাজ্যখনত শান্তি বজাই ৰখাৰ উদ্ধৃতি দি ছবিখন নিষিদ্ধ ঘোষণা কৰিছে (West Bengal bans The Kerala Story) ।
লগতে পঢ়ক : The Kerala Story : কাহিনী দেখুৱাই ভাল কাম কৰা নাই- দ্য কেৰালা ষ্ট’ৰীৰ ক্ৰু মেম্বাৰলৈ ভাবুকি