ETV Bharat / entertainment

Nitin Desai Postmortem report: নীতিন দেশাইৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ মৃত্যুৰ কাৰণ - কলা পৰিচালক নীতিন চন্দ্ৰকান্ত দেশাই

বুধবাৰে আত্মহননৰ পথ বাছি লৈছিল কলা নিৰ্দেশক নীতিন চন্দ্ৰকান্ত দেশাইয়ে ৷ মৃত্যুৰ পিচত চাৰিজনীয়া এটা চিকিৎসকৰ দলে সম্পন্ন কৰে তেওঁৰ মৰণোত্তৰ পৰীক্ষা ৷ মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ মৃত্যুৰ কাৰণ ৷

Bollywood art director Nitin Desais initial postmortem reveals death is due to hanging
বুধবাৰে আত্মহননৰ পথ বাছি লৈছিল কলা পৰিচালক নীতিন চন্দ্ৰকান্ত দেশাই
author img

By

Published : Aug 3, 2023, 10:56 AM IST

চিটাৰা ডেস্ক, ৩ আগষ্ট: বুধবাৰে নিজৰ ষ্টুডিঅ’ৰ ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল বলীউডৰ বিশিষ্ট কলা নিৰ্দেশক নীতিন চন্দ্ৰকান্ত দেশাইৰ মৃতদেহ ৷ কলা নিৰ্দেশক মৃত্যুত শোক প্ৰকাশ কৰিছিল সমগ্ৰ বলীউডে ৷ দেশাইৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও কোৱা হৈছে যে আৰ্থিক সংকটত যুঁজি আছিল ৷ অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ ইফালে বুধবাৰে চাৰিজনীয়া এটা চিকিৎসকৰ দলে সম্পন্ন কৰে দেশাইৰ মৰণোত্তৰ পৰীক্ষা ৷ মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক তথ্য অনুসৰি মৃত্যুৰ কাৰণ চিপ লোৱা বুলিয়ে উল্লেখ কৰে ৰায়গড় আৰক্ষীয়ে ৷

ৰায়গড় আৰক্ষীয়ে কয়, "কলা নিৰ্দেশক নীতিন দেশাইৰ মৰণোত্তৰ পৰীক্ষা চাৰিজনীয়া চিকিৎসকৰ এটা দলে সম্পন্ন কৰিছে । প্ৰাথমিক ফলাফল অনুসৰি, মৃত্যুৰ কাৰণ হৈছে ফাঁচী । পৰৱৰ্তী তদন্ত চলি আছে।" ইয়াৰ পূৰ্বে কলা নিৰ্দেশক নীতিন দেশাইৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে খালাপুৰ আৰক্ষীয়ে জে জে চিকিৎসালয়লৈ লৈ আহিছিল ।

বুধবাৰে আৰক্ষীয়ে জনোৱা অনুযায়ী, নীতিন দেশাইক মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ তেওঁৰ ষ্টুডিঅ’ত মৃত অৱস্থাত পোৱা গৈছিল । দেশাইৰ মৃতদেহ মুম্বাইৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ বাহিৰত কাৰজাত থকা তেওঁৰ এন ডি ষ্টুডিঅ’ত ফেনত ওলমি থকা অৱস্থাত পোৱা গৈছিল । মহাৰাষ্ট্ৰৰ বিধায়ক মহেশ বলদীয়ে কৈছিল যে প্ৰসিদ্ধ কলা নিৰ্দেশকগৰাকী বিত্তীয় চাপত ভুগি আছিল । তেওঁ আৰ্থিক চাপত আছিল, যাৰ ফলত তেওঁ হয়তো তেওঁ হয়তো এই চৰম পছ বাছিল লৈছে ৷

ৰায়গড়ৰ আৰক্ষী অধীক্ষক (এছপি) সোমনাথ ঘৰগেয়ে কয়, "তেওঁৰ পৰিয়ালৰ সদস্যই আমাক কৈছে যে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া এন ডি ষ্টুডিঅ’ত কৰা হ’ব । তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জে জে চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।’’

তেওঁ লগতে কয় যে, তদন্ত চলি আছে, "আমি মোবাইল ফোন আৰু অন্যান্য সামগ্ৰী আৰু ইলেক্ট্ৰনিক সঁজুলিকে ধৰি সেই স্থানত পোৱা সঁজুলিবোৰ জব্দ কৰিছো আৰু আমি সেইবোৰৰ অনুসন্ধান কৰি আছো । আমি তেওঁৰ তত্ত্বাৱধায়ক আৰু চালকৰ বিবৃতিও লৈছোঁ আৰু অনুসন্ধান কৰি আছোঁ ।"

উল্লেখ্য যে দেশাই তেওঁৰ অভিনৱ ষ্টুডিঅ’ ডিজাইনৰ বাবে প্ৰসিদ্ধ আছিল আৰু আশুতোষ গোৱাৰীকাৰ, বিধু বিনোদ চোপ্ৰা, ৰাজকুমাৰ হিৰাণী আৰু সঞ্জয় লীলা ভাঞ্চালীৰ দৰে চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে কাম কৰিছিল ৷

দেশাইয়ে হাম দিল দে চুকে চানম (২০০০), লগন (২০০২), দেৱদাস (২০০৩), যোধা আকবৰ (২০০৮) আৰু প্ৰেম ৰতন ধন পায়ো (২০১৫)ৰ দৰে চলচ্চিত্ৰৰ চেট ডিজাইন কৰিছে ৷ তেওঁ শ্ৰেষ্ঠ কলা নিৰ্দেশনাৰ বাবে তিনিটা ফিল্মফেয়াৰ বঁটা আৰু শ্ৰেষ্ঠ কলা নিৰ্দেশনাৰ বাবে চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল । (ANI)

লগতে পঢ়ক: Nitin Desai Death: অডিঅ’ ক্লিপটোত নীতিন দেশাইয়ে উল্লেখ কৰা চাৰিজন লোক কোন ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.