ETV Bharat / entertainment

Dharmendra birthday:ধৰ্মেন্দ্ৰক কিদৰে জন্মদিনৰ শুভেচ্ছা জনালে নাতি-পুত্ৰই চাওক

author img

By

Published : Dec 8, 2022, 1:22 PM IST

Dharmendra 87th Birthday: জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰই তেওঁৰ জন্মদিনত বলীউড তাৰকাসকলৰ পৰা বহুত অভিনন্দন লাভ কৰিছে । ধৰ্মেন্দ্ৰৰ পুত্ৰ ববী দেউল আৰু নাতি কৰণ দেউলে এই বিশেষ দিনটোত তেওঁক বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছে ।

Dharmendra
জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰৰ জন্মদিন

চিটাৰা ডেস্ক, 8 ডিচেম্বৰ : হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰই 8 ডিচেম্বৰত উদযাপন কৰিছে 87 সংখ্যক জন্মদিন । এই বিশেষ দিনটোত অনুৰাগী আৰু বলীউড তাৰকাসকলে দীৰ্ঘায়ু কামনা কৰি তেওঁক শুভেচ্ছা জনাইছে (Dharmendra age) । ধৰ্মেন্দ্ৰই দেউল পৰিয়ালৰ পৰাও লাভ কৰিছে যথেষ্ট মৰম । ধৰ্মেন্দ্ৰৰ কনিষ্ঠ পুত্ৰ ববী দেউল আৰু জ্যেষ্ঠ নাতি কৰণ দেউলে তেওঁক জন্মদিনৰ শুভেচ্ছা জনাইছে ।

ববী দেউলে তেওঁৰ 87 সংখ্যক জন্মদিনত এটা পোষ্ট শ্বেয়াৰ কৰিছে । এই পোষ্টটোত ববী দেউল আৰু কৰণ দেউলক ধৰ্মেন্দ্ৰৰ কাষত বহি থকা দেখা গৈছে । এই অভিনন্দন পোষ্টটো শ্বেয়াৰ কৰি ববী দেউলে লিখিছে, ‘আপোনাৰ ল’ৰা আৰু নাতি হোৱাৰ বাবে নিজকে অতি সৌভাগ্যৱান অনুভৱ কৰো, জন্মদিনৰ শুভেচ্ছা বড়ে পাপা @aapkadharam ❤️❤️।

ববীৰ এই অভিনন্দন পোষ্টত বলীউডৰ চেলেব্ৰিটীসকলে ধৰ্মেন্দ্ৰক জন্মদিনৰ শুভেচ্ছা জনাইছে । ‘টাৰ্জান দ্য ৱাণ্ডাৰ কাৰ’ ছবিখনৰ অভিনেতা ভৎসল শেঠে লিখিছে, ‘হেপ্পী বাৰ্থডে টু ইউ’। ববী দেউলৰ সৈতে ‘আশ্ৰম’ ধাৰাবাহিকখনৰ দুয়োটা খণ্ডতে অভিনয় কৰা অভিনেতা ৰয় ছানয়ালে লিখিছে, ‘কিংবদন্তিলৈ জন্মদিনৰ শুভেচ্ছা’ ।

ধৰ্ম প্ৰডাকচন আৰু অভিনেতা অৰ্জুন ৰামপালে ধৰ্মেন্দ্ৰৰ ছবি শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনাইছে । ধৰ্মেন্দ্ৰক জন্মদিনৰ শুভেচ্ছা জনাই ধৰ্ম প্ৰডাকচনে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম পেজত লিখিছে, ‘তেওঁ এজন অভিনেতা, এজন চুপাৰন’ভা, এজন কিংবদন্তি, জন্মদিনৰ শুভেচ্ছা’ ।

অভিনেতা অৰ্জুন ৰামপালে লিখিছে, ‘হেপ্পী বাৰ্থডে প্ৰিয় ধৰম জী, চলচ্চিত্ৰ জগতৰ আটাইতকৈ ধুনীয়া মানুহ, আটাইতকৈ ডাঙৰ হৃদয়ৰ মানুহ, মৰম আৰু শ্ৰেষ্ঠ স্বাস্থ্য আৰু সুখ আপোনাৰ লগত থাকক’ । ইয়াৰ পূৰ্বে অজয় ​​দেৱগণে ধৰ্মেন্দ্ৰক জন্মদিনৰ শুভেচ্ছা জনাইছিল ৷

লগতে পঢ়ক : Ashish Vidyarthi visit Assam: শুৱালকুছি ভ্ৰমণ কৰি অভিভূত হৈ পৰিল অভিনেতা আশীষ বিদ্যাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.