ETV Bharat / entertainment

Aditya Roy Kapur Birthday: 5 বাৰকৈ প্ৰেমৰ বাতৰিৰে শিৰোনাম দখল কৰা অভিনেতাজন

বুধবাৰে 37 বছৰ সম্পূৰ্ণ কৰা বলীউডৰ অভিনেতা আদিত্য ৰয় কাপুৰ হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম সুদৰ্শন তাৰকা (Aditya Roy Kapur) ৷ বক্স অফিচত যদিও তেওঁৰ যাত্ৰা ৰোলাৰ ক’ষ্টাৰ হিচাপে আখ্যা দিব পাৰি কিন্ত তেওঁৰ আছে ব্যাপক অনুৰাগী ।

author img

By

Published : Nov 16, 2022, 1:33 PM IST

Aditya Roy Kapur
5 বাৰকৈ প্ৰেমৰ বাতৰিৰে শিৰোনামা দখল কৰা অভিনেতাজন

চিটাৰা ডেস্ক, 16 নৱেম্বৰ : অভিনেতা আদিত্য ৰয় কাপুৰৰ 37 সংখ্যক জন্মদিন (Aditya Roy Kapur birthday) ৷ অভিনেতা আদিত্য ৰয় কাপুৰ হিন্দী চলচ্চিত্ৰ জগতৰ এজন অন্যতম সুদৰ্শন তাৰকা ৷ বলীউডত তেওঁৰ যাত্ৰা বৰ বিশেষ সফল নহ’লেও কিন্তু অনুৰাগীৰ ক্ষেত্ৰত তেওঁ কোনো গুণে আন অভিনেতাসকলৰ তুলনাত পিছ পৰি থকা নাই ৷

স্বাভাৱিকতেই লেডিজ মেন হিচাপে জনাজাত আদিত্যই সদায় তেওঁৰ অনুৰাগীসকলক কৌতুহলী কৰি ৰাখিছে যে তেওঁ কাৰ সৈতে সম্পৰ্কত আছে সেই বিষয়টোক লৈ ! আজি অভিনেতাজনৰ জন্মদিন ৷ বিশেষ দিনটোত জানো আহক সেই সময়ৰ কথা, যেতিয়া ‘মালং’ অভিনেতাজনে ডেটিং উৰাবাতৰিৰে শিৰোনাম দখল কৰিছিল (Aditya Roy Kapur dating rumours) ।

শ্ৰদ্ধা কাপুৰৰ সৈতে 2013 চনৰ ব্লকবাষ্টাৰ ছবি ‘আশিকী 2’ত অভিনয় কৰাৰ পিছত এই যুটিটো বাস্তৱ জীৱনৰ দম্পতীলৈ পৰিণত হোৱাৰ খবৰ ওলাইছিল । তেওঁলোকৰ প্ৰেমৰ বাতৰি সেই সময়ত জুইৰ দৰে বিয়পি পৰিছিল ৷ আনকি দুয়োজনে একেলগে এটা চেট শ্ব’তো উপস্থিত হৈছিল । আদিত্য আৰু শ্ৰদ্ধা দুয়োৱেই দীৰ্ঘদিন ধৰি এক গুৰুত্বপূৰ্ণ সম্পৰ্কত থকা যেন লাগিছিল, যেতিয়ালৈকে তেওঁলোকে নিজেই এই সন্দৰ্ভত একো নাই বুলি মতামত দিয়া নাছিল ।

জানি আচৰিত হ’ব যে ৰিয়া চক্ৰৱৰ্তীৰ সৈতেও প্ৰেমৰ বাতৰিৰে শিৰোনাম দখল কৰিছিল আদিত্যই ৷ কিছুদিন ডেট কৰাৰ পিছত খবৰ অনুসৰি অজ্ঞাত কাৰণত এইলোক আঁতৰি আহে এজনে আনজনৰ পৰা ।

হেমা মালিনীৰ কন্যা আহনা দেওল আদিত্যৰ সৈতে সম্পৰ্কত আছিল বুলি জনা যায় ৷ তেওঁলোকে প্ৰথম লগ পাইছিল সঞ্জয় লীলা ভাঞ্চালীৰ ‘গুজাৰিশ’ ছবিখনৰ ছেটত । খবৰ অনুসৰি দুয়ো প্ৰেমত হাবু-ডুবু খাই আছিল এজনে আনজনৰ ৷ সম্পৰ্ক শেষ কৰাৰ আগত এই যুটিটোৱে চাৰি বছৰ ধৰি ডেট কৰিছিল ।

ফিতুৰত অভিনয় কৰাৰ পাছত কেটৰিণা কাইফ আৰু আদিত্যৰ মাজত ৰোমাঞ্চৰ উৰাবাতৰি বনজুইৰ দৰে বিয়পি পৰিছিল ৷ ছবিখনত এই যুটিয়ে দুজন আবেগিক প্ৰেমিকৰ চৰিত্ৰত অভিনয় কৰিছিল । অৱশ্যে তেওঁলোকৰ মাজত প্ৰেমৰ বাতৰি বেছিদিন নিটিকিল ।

শেহতীয়াকৈ অনন্যা পাণ্ডে আৰু আদিত্য ৰয়ৰ প্ৰেমৰ বাতৰিয়ে বহু চৰ্চা লাভ কৰি আছে ৷ আদিত্য আৰু অনন্যাৰ মাজত কি চলি আছে সেই সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছিল 2022 চনত অনন্যাই ‘কফি উইথ কৰণ’ত যেতিয়া কৈছিল যে ‘মালং’ অভিনেতা গৰাকী তেওঁৰ শেহতীয়া ক্ৰাছ । আনকি কৰণ জোহৰে অনন্যাক তেওঁৰ এটা পাৰ্টীত আদিত্য সন্দৰ্ভত প্ৰশ্নও কৰিছিল । পাৰ্টীত এই যুটিক অন্তৰংগ মুহূৰ্তত দেখা গৈছিল ৷

লগতে পঢ়ক : Jacqueline Fernandez: ধন সৰবৰাহৰ গোচৰত জেকলিন ফাৰ্ণাণ্ডেজে জামিন লাভ কৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.