চিটাৰা ডেস্ক, 13 ফেব্ৰুৱাৰী : বলীউডৰ চুপাৰষ্টাৰ ছলমান খান সমগ্ৰ বিশ্বতে সুপৰিচিত । ছলমান খানক বলীউডৰ ‘গডফাদাৰ’ বুলি কোৱা হয় । ছলমানৰ লাখ লাখ অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি থাকে ‘দাবাং’ খানৰ ছবিৰ মুক্তিৰ বাবে । ছলমানৰ অনুৰাগীসকলে প্ৰায়ে দুখ প্ৰকাশ কৰে যে 57 বছৰ বয়সৰ পিছতো কিয় তেওঁ কিয় এতিয়াও অবিবাহিত ? বাহিৰৰ পৰা দেখিলেতো এনে অনুমান হয় যেন ছলমানৰ জীৱনত ছোৱালীৰ অভাৱ নাই । অভিনেতাজনৰ জীৱনলৈ বহু সুন্দৰী আহিছিল যদিও থিতাপি ল’ব নোৱাৰিলে ভাইজানৰ লগত । এতিয়া ছলমান খানে অবিবাহিত হৈ থকা সন্দৰ্ভত এটা ডাঙৰ কথা কৈছে (Salman khan on Being Single) ।
বিগ বছ 16 গ্ৰেণ্ড ফিনালে
জনপ্ৰিয় টিভি ৰিয়েলিটী শ্ব’ বিগ বছ 16 ৰ গ্ৰেণ্ড ফিনালেত অবিবাহিত হৈ থকা সন্দৰ্ভত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে ছলমান খানে । 12 ফেব্ৰুৱাৰীৰ নিশা অনুষ্ঠিত হৈ যায় বিগ বছ 16 ৰ গ্ৰেণ্ড ফিনালে ৷ শ্ব’টোৰ গ্ৰেণ্ড ফিনালে প্ৰায় 5 ঘণ্টা ধৰি চলিছিল, য’ত ছিজন 16 ৰ প্ৰতিযোগীসকলে এজন এজনকৈ অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু ছলমান খানেও দৰ্শকক আমোদ দি আছিল (bigg boss 16 grand finale)।
- " class="align-text-top noRightClick twitterSection" data="
">
একে সময়তে শীৰ্ষ 5 গৰাকী চূড়ান্ত প্ৰতিযোগীৰ তালিকাৰ পৰা শালিন ভানোটে অব্যাহতি লয় আৰু তেওঁৰ বিগ বছ বিজয়ী হোৱাৰ সপোনো সিমানতে সমাপ্ত হৈ পৰে । বিগ বছ 16 ৰ ঘৰৰ পৰা ওলাই অহাৰ পিছত শালিনে মঞ্চত প্ৰৱেশ কৰে আৰু ছলমান খানৰ ওচৰলৈ আহে ৷ তাৰ পিছত ছলমানে তেওঁৰ সৈতে বিভিন্ন ধৰণৰ কথা পাতি ধেমালি কৰে । প্ৰথমে ছলমানে উপহাৰ এটি শালিনক গতাই দিয়ে আৰু তাৰ পিছত শ্ব’টোৰ প্ৰতিযোগী টিনা দত্তৰ সৈতে তেওঁৰ সম্পৰ্কৰ ওপৰত কথা ক’বলৈ আৰম্ভ কৰে (bigg boss 16 grand finale salman khan)।
- " class="align-text-top noRightClick twitterSection" data="
">
মই পছন্দ অনুসৰি অবিবাহিত হৈ থকা নাই - ছলমান খান
মঞ্চত ছলমানে শালিনক জোকাই থকাৰ সময়ত শালিনেও নিজৰ হৃদয়ৰ সমস্ত কথা উজাৰি কৈছিল আৰু তেওঁ কয় যে শ্ব’টোৰ সময়ত তেওঁ ছলমানৰ পৰা বহু কথা শিকিবলৈ পাইছিল । শালিনে কয় যে তেৱোঁ ছলমানৰ দৰে গোটেই জীৱন অকলশৰীয়াভাৱে কটাব বিচাৰে ৷ শালিনৰ এই মন্তব্যৰ পিছত ছলমানে দিয়া উত্তৰটোৱে তেওঁৰ অনুৰাগীসকলক স্তম্ভিত কৰি তুলিছিল । বিগ বছ 16 ৰ গ্ৰেণ্ড ফিনালেত ছলমান খানে কৈছিল, ‘মই নিজৰ ইচ্ছামতে অবিবাহিত নহয়’ (Salman khan latest news)। এতিয়া ছলমান খানৰ এই কথাই তেওঁৰ অনুৰাগীসকলক হাহাকাৰ কৰি তুলিছে আৰু এতিয়া সকলোৱে জল্পনা-কল্পনা কৰিছে যে ছলমানৰ সৈতে নিশ্চয় কিবা ঘটিছিল যাৰ বাবে 57 বছৰ বয়সতো তেওঁ অবিবাহিত ।
লগতে পঢ়ক : 'Behcara' Aamir Khan: ‘বেচেৰা আমীৰ খান, তেওঁ পাহৰি গ’ল নেকি...’-কংগনা ৰাণাৱট