ETV Bharat / entertainment

Big B injured: প্ৰজেক্ট কেৰ দৃশ্যগ্ৰহণৰ মাজতে আহত বিগ বি অমিতাভ বচ্চন

author img

By

Published : Mar 6, 2023, 10:43 AM IST

হায়দৰাবাদত 'প্ৰজেক্ট কে'ৰ শ্বুটিঙৰ সময়ত আহত বলীউডৰ অভিনেতা অমিতাভ বচ্চন (Big B injured) । বিগ বিয়ে ব্লগৰ জৰিয়তে নিজৰ স্বাস্থ্যৰ বিষয়ে অৱগত কৰে অনুৰাগীসকলক ।

Big B injures rib on the sets of Project K in Hyderabad
আহত মেগাষ্টাৰ অমিতাভ বচ্চন

চিটাৰা ডেস্ক, 6 মাৰ্চ: বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ বিষয়ে শেহতীয়াকৈ এক খবৰ আহিছে ৷ হায়দৰাবাদত বিগ বিয়ে তেওঁৰ আগন্তুক ছবি ‘প্ৰজেক্ট কে’ৰ বাবে শ্বুটিং কৰি আছিল (Amitabh Bachchan upcoming film Project K) ৷ কিন্তু শ্বুটিঙৰ সময়তেই তেওঁৰ লগত সংঘটিত হয় এক অঘটন (Project K Shooting) ৷ শ্বুটিং কৰি থকাৰ সময়তেই আঘাতপ্ৰাপ্ত হয় বলীউডৰ মেগাষ্টাৰগৰাকী । নিজৰ স্বাস্থ্যৰ আপডেট অভিনেতাগৰাকীয়ে সামাজিক মাধ্যমত এক ব্লগৰ জৰিয়তে শ্বেয়াৰ কৰিছে ৷

অভিনেতাগৰাকীয়ে নিজৰ ব্লগৰ জৰিয়তে তেওঁৰ স্বাস্থ্যৰ আপডেট শ্বেয়াৰ কৰি লিখিছে, “হায়দৰাবাদত প্ৰজেক্ট কেৰ শ্বুটিং কৰি থকাৰ সময়ত একচন শ্বটত মই আঘাতপ্ৰাপ্ত হৈছো ৷ ৰিব কাৰ্টিলেজ পপ হৈ সোঁফালৰ ৰিব কেজলৈ পেশী ফাটি গৈছে ৷ শ্বুট বাতিল কৰা হৈছে ৷ হায়দৰাবাদৰ এ আই জি হাস্পতালত চিকিৎসা চিটি স্কেন কৰা হৈছে আৰু ষ্ট্ৰেপিং কৰা হৈছে (Amitabh Bachchan gets injured during shooting) ৷ চিকিৎসকে জিৰণি লোৱাৰ পৰামৰ্শ দিছে ৷ "

অভিনেতাজনে লগতে কয়, “গতিকে কৰিবলগীয়া সকলো কাম স্থগিত ৰখা হৈছে আৰু বাতিল কৰা হৈছে ৷ সুস্থ হ’লে নোহোৱো পৰ্যন্ত সকলো কাম পিচুৱাই দিয়া হৈছে ৷ মই জলসাত জিৰণি লৈ আছো আৰু সকলো অত্যাৱশ্যকীয় কামৰ বাবে অলপ মোবাইল ব্যৱহাৰ কৰি আছো ৷ কিন্তু হয় জিৰণি লৈ আছো ৷ আজি সন্ধিয়া জলসা গেটত শুভাকাংক্ষীসকলক লগ কৰিম বুলি ভাবিছিলো ৷ যদিও লগ কৰিব নোৱাৰিম ৷ গতিকে আপোনালোক নাহিব আৰু অহাৰ উদ্দেশ্য থকাসকলক যিমান পাৰে জনাই দিব ৷ বাকী সকলো ঠিকেই আছে (Big B injured in Hyderabad) ৷"

অভিনেতাগৰাকীৰ এই খবৰ পোৱাৰ পিচতে অনুৰাগীসকলে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া (Big B injures rib on the sets of Project K) ৷ অভিনেতাগৰাকী অতি সোনকালেই সুস্থ হোৱাৰ কামনা কৰিছে তেওঁৰ আত্মীয় স্বজন তথা অনুৰাগীসকলে ৷

লগতে পঢ়ক: Tunisha Sharma Death Case: শ্বীজান খানক দেখি আৱেগিক হৈ পৰিল দুই ভগ্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.