ETV Bharat / entertainment

Dream Girl 2:ঘোষণা হ’ল ড্ৰীমগাৰ্ল 2 ৰ মুক্তিৰ তাৰিখ, অভিনয়ত আয়ুষ্মান আৰু অনন্যা

author img

By

Published : Sep 16, 2022, 5:11 PM IST

ড্ৰীমগাৰ্ল 2 ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে (Dream Girl 2) । জানো আহক কেতিয়া মুক্তি লাভ কৰিব আয়ুষ্মান খুৰানা আৰু অনন্যা পাণ্ডে অভিনীত ছবিখনে ।

Ayushmann Khurrana
আয়ুষ্মান খুৰানা

চিটাৰা ডেস্ক, 16 ছেপ্টেম্বৰ : আয়ুষ্মান খুৰানা আৰু অনন্যা পাণ্ডে অভিনীত ছবি ‘ড্ৰীমগাৰ্ল 2’ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হৈছে । ছবি নিৰ্মাতাসকলে ছ’চিয়েল মিডিয়া পোষ্টত প্ৰকাশ কৰিছে যে আগন্তুক বৰ্ষৰ ঈদত ছবিখন মুক্তি দিয়া হ’ব (Dream Girl 2 release date)। ছবিখনৰ মুখ্য অভিনেত্ৰী অনন্যা পাণ্ডেইয়ো এটা পোষ্ট শ্বেয়াৰ কৰি ছবিখনৰ মুক্তিৰ তাৰিখ প্ৰকাশ কৰিছে ।

অনন্যা পাণ্ডেই তেওঁৰ ইনষ্টাগ্ৰাম ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, আপোনাৰ সপোনৰ গাৰ্ল আকৌ আহি আছে, 2023 চনৰ 29 জুনত ঈদৰ দিনা আপোনাৰ পূজাক লগ কৰক" ।

ছবিখনৰ এটা টিজাৰো শ্বেয়াৰ কৰা হৈছে, য’ত নীলা ৰঙৰ চাৰ্ট পিন্ধি ঘাটত অশান্তিত থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে আয়ুষ্মান খুৰানাক । একে সময়তে আয়ুষ্মান খুৰানাই কোৱা শুনা যায় যে মই ইমানবোৰ ছবি নিৰ্মাণ কৰি আছো, কিন্তু একো কামত অহা নাই, সেইবাবেই মই মথুৰালৈ আহিছো । বলীউডক কাৰোবাৰ বেয়া নজৰ লাগিছে বুলি সংলাপটোৱে দৰ্শকক আমোদ দিব নিশ্চয়কৈ ।

বলীউড বয়কট আৰু নিৰন্তৰ ফ্লপ হৈ থকা ছবিসমূহক লৈ আয়ুষ্মানক চিন্তিত হৈ থকা দেখা যায় । সেয়েহে এইবাৰ ঈদৰ দিনা পূজা কৰিব তেওঁ ।

টিজাৰটোত ছবিখনত অভিনয় কৰা নতুন নতুন চেহেৰাও দেখুওৱা হৈছে । কেইবাজনো বিশিষ্ট অভিনেতা-অভিনেত্ৰীক লৈ ছবিখন নিৰ্মাণ কৰা হৈছে (Dream Girl 2 cast) ৷

আয়ুষ্মানৰ পূৰ্বৰ ছবি ‘অনেকে’ বক্স অফিচত ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল । ‘ড্ৰীমগাৰ্ল 2’ৰ উপৰি ‘ডক্টৰ জী’ ছবিখনত আয়ুষ্মানে ৰাকুল প্ৰীত সিং আৰু শ্বেফালী শ্বাহৰ সৈতে অভিনয় কৰিব (Ayushmann Khurrana upcoming movie) ।

লগতে পঢ়ক : থিয়েটাৰ মৰণ নথকা এক জীৱন্ত কলা: তপন দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.