ETV Bharat / entertainment

বৰাক উপত্যাকাৰ পৰা নিৰ্মাণ হৈছে অসমৰ প্ৰথমখন বাংলা চিনেমা - নিৰ্মাণ হৈছে অসমৰ প্ৰথমখন বাংলা চিনেমা

আজি আমি আপোনালোকক জনাম এনে এজন চলচ্চিত্ৰ নিৰ্দেশকৰ কাহিনী যিয়ে মুম্বাইৰ পৰা জীৱনৰ প্ৰথমটো 50 টকা উপাৰ্জন কৰি আনি গতাইছিলহি মাকৰ হাতত (Amit Kumar Nath from Karimganj) ৷ বহু কষ্টেৰে সৰুৰে পৰাই আনৰ ঘৰত টিভি চাই চাই নৃত্য শিকি আজি নিজেই এখন ছবি নিৰ্মাণ কৰিব পৰা পৰ্যায়ত উপনীত হৈছেহি তেওঁ ৷ চাওক আমাৰ এক বিশেষ প্ৰতিবেদন-

cimema
অসমৰ প্ৰথমখন বাংলা চিনেমা
author img

By

Published : Sep 7, 2022, 10:41 PM IST

Updated : Sep 8, 2022, 11:25 AM IST

চিটাৰা ডেস্ক, 6 ছেপ্টেম্বৰ : সপোন কেৱল দেখিলেই নহয়, তাক পূৰ কৰিবলৈ কষ্টও কৰিব লাগে- এই কথাষাৰকে যেন প্ৰমাণ কৰিলে কৰিমগঞ্জৰ অমিত কুমাৰ নাথে । মনত আশাৰ সমানে জোৰো আছিল অমিত কুমাৰ নাথৰ, সেই বাবেই আজি সম্পূৰ্ণ নিজাববীয়াকৈ নিৰ্মাণ কৰি উলিয়াবলৈ সাহস কৰিছে অসমৰ পৰা প্ৰথমখন বাংলা চিনেমা ৷

আনৰ ঘৰত টিভি চাই চাই ঘৰলৈ আহি নৃত্যৰ আখৰা চলাইছিল অমিতে ৷ তেনেকৈয়ে আয়ত্ব কৰিছিল নৃত্যৰ অ আ ক খ ৷ পৰিয়ালৰ দুৰৱস্থাক নেওচি হাতত এটকাও নোলোৱাকৈ হেলাৰঙে ওলাই গৈছিল কোনোবা এখন নাচৰ স্কুললৈ নাচ শিকিবলৈ ৷ শিকাৰ আগ্ৰহ দেখি গুৰুৱেও কৰিব পৰা নাছিল মানা ৷

অসমৰ প্ৰথমখন বাংলা চিনেমা

তেওঁলোকৰ পৰা পোৱা অযুত সহাঁৰিকে বুকুত বান্ধি পৰিয়ালে মানা কৰা সত্বেও ওলাই গৈছিল নিজ লক্ষৰে ৷ হাতত মাত্ৰ কেইটিমান টকা লৈ উপস্থিত হৈছিলগৈ মায়া নগৰী মুম্বাইত ৷ নাখাই নবৈ নোশোৱাকৈ মুম্বাইত দিন পাৰ কৰা অমিতে তাত জীৱনৰ প্ৰথমটো 50 টকা আৰ্জি ঘৰলৈ উভতিছিল সেই পইচা মাকৰ হাতত গতাবলৈ ৷

শ্বাহৰুখ, ছলমান, কেটৰিণা আদি বলীউডৰ নামী-দামী তাৰকাৰ সৈতে নৃত্যশিল্পী হিচাপে কাম কৰা অমিতে কৰিমগঞ্জ অঞ্চলটোত নিজে আহৰণ কৰা জ্ঞান বিলোৱাৰ লগতে আগ্ৰহী সকলক শিকোৱাৰ মানসিকতাও পুহি ৰাখিছে ৷

অসমৰ বাবে গৌৰৱৰ বিষয় যে অমিত কুমাৰ নাথে এখন চিনেমাৰ কাম হাতত লৈ ইতিমধ্যেই সম্পূৰ্ণ কৰি তুলিছে ৷ তেওঁ কৈছে অসমৰ বৰাক ভেলীৰ পৰা নিৰ্মাণ হোৱা এইখন হৈছে প্ৰথমখন বাংলা চিনেমা ৷ ইয়াৰ পূৰ্বে অসমৰ পৰা ডাঙৰ পৰ্দাত বাংলা ছবি নিৰ্মাণ হোৱা নাই ৷ ছবিখনৰ অভিনেত্ৰী গৰাকীয়েও কৈছে এইখনেই অসমৰ পৰা নিৰ্মাণ হোৱা প্ৰথমখন বাংলা চিনেমা ৷ ইয়াৰ পূৰ্বে অৱশ্যে বাংলা চৰ্ট ফিল্ম নিৰ্মাণ হৈছে ৷ এইবছৰতেই মুক্তি দিয়াৰ কথা ছবিখন ৷

অসমৰ প্ৰথমখন বাংলা চিনেমা

বিভিন্ন হিন্দী, তামিল আদি ধাৰাবাহিকত কাম কৰাৰ লগতে বলীউড ছবিতো কাম কৰি অহাৰ বাবে আজি এইখিনি সাহস গোটাব পাৰিছে বুলি অনুভৱ কৰে অমিতে ৷ তেওঁ নিৰ্মাণ কৰি উলিওৱা ছবিখনৰ নাম ‘আৰাধ্যা’ ৷ দূৰ্গা পূজাৰ সময়ত ছবিখনৰ পোষ্টাৰ সমগ্ৰ ভাৰততে মুকলি কৰা হ’ব ৷ চলিত বছৰৰ ডিচেম্বৰত ছবিখনে মুক্তি পোৱাৰ কথা ৷ কলকাতা আৰু অসমৰ বিভিন্ন শিল্পীয়ে অভিনয় কৰিছে ছবিখনত ৷ মুখ্য চৰিত্ৰত আছে শুভদীপ চক্রৱর্তী আৰু অন্নপূৰ্ণা কুৰি ৷

অভিনেতা অভিনেত্ৰীৰ লগতে অমিত কুমাৰ নাথেও যথেষ্ট আশা কৰিছে ছবিখনকলৈ ৷

লগতে পঢ়ক : Shashi Tharoor Twitter: শশী থাৰুৰৰ ভাইৰেল গানক লৈ জাভেদ আখতাৰৰ ধেমেলীয়া টুইট

Last Updated : Sep 8, 2022, 11:25 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.