ETV Bharat / entertainment

Mika Singh Rakhi Sawant Kiss Row: চুমা বিতৰ্ক গোচৰত মিকা সিঙে পালে সকাহ

author img

By

Published : Jun 16, 2023, 3:30 PM IST

বম্বে উচ্চ ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ পালে মিকা সিঙে । বম্বে উচ্চ ন্যায়ালয়ে বাতিল কৰিলে ৰাক্ষী সাৱন্তৰ গোচৰ । ২০০৬ চনত মিকা সিঙৰ বিৰুদ্ধে বলপূৰ্বকভাৱে চুমা খোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৰাখী সাৱন্তে ।

After Rakhi Sawant's consent, Bombay HC quashes molestation case against Mika Singh
বম্বে উচ্চ ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ পালে মিকা সিঙে

চিটাৰা ডেস্ক, 16 জুন: ১৭ বছৰ পুৰণি গোচৰত আদালতৰ পৰা সকাহ লাভ কৰিলে কণ্ঠশিল্পী মিকা সিঙে । ২০০৬ চনত ৰাখী সাৱন্তে মিকা সিঙৰ বিৰুদ্ধে বলপূৰ্বক চুমা খোৱাৰ অভিযোগ উত্থাপন কৰি এফ আই আৰ দাখিল কৰিছিল ৷ অৱশেষত উচ্চ ন্যায়ালয়ে খাৰিজ কৰে সেই গোচৰ । উল্লেখ্য যে মিকা সিং আৰু ৰাখী সাৱন্তৰ এই বিষয়টো কণ্ঠশিল্পীগৰাকীৰ জন্মদিনৰ পাৰ্টিৰ সময়ত সংঘটিত হৈছিল ।

অৱশেষত এই গোচৰত দাখিল কৰা এফ আই আৰ আৰু চাৰ্জ শ্বীট ৰাখী সাৱন্তৰ সন্মতি সাপেক্ষে বাতিল কৰা হৈছে । ড্ৰামা কুইনে শপতনামাত উল্লেখ কৰিছে যে তেওঁ আৰু মিকাই বুজাবুজি সাপেক্ষে সমস্যাটো সমাধান কৰিছে ।

উল্লেখ্য যে, এই বিষয়ত ২০০৬ চনৰ ১১ জুনত এফআইআৰ ৰুজু কৰা হৈছিল । আচলতে মিকা সিঙে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টত জন্মদিনৰ পাৰ্টিৰ আয়োজন কৰিছিল । য’ত তেওঁ ৰাখী সাৱন্তৰ বিনা অনুমতিত বলপূৰ্বকভাৱে চুমা খাইছিল ৷ ইয়াৰ পিচত মিকাৰ বিৰুদ্ধে আইপিচিৰ ৩৫৪ (নিৰ্যাতন) আৰু ৩২৩ (আক্ৰমণ) ধাৰাত গোচৰ ৰুজু কৰে ৰাখীয়ে । চলিত বৰ্ষৰ এপ্ৰিল মাহত কণ্ঠশিল্পীগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু এফআইআৰ আৰু অভিযোগনামা বাতিল কৰিবলৈ অনুৰোধ জনাইছিল ।

মিকা সিঙৰ বিৰুদ্ধে এফ আই আৰ আৰু চাৰ্জ শ্বীট খাৰিজ

ন্যায়াধীশ এ. এছ গাডকাৰী আৰু ন্যায়াধীশ এছ. জি. ডিগেৰ বিচাৰপীঠে সাৱন্তই দাখিল কৰা শপতনামাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি বিষয়টোৰ এফআইআৰ আৰু চাৰ্জ শ্বীট বাতিল কৰে । উচ্চ ন্যায়ালয়ে সাৱন্তৰ শপতনামাৰ লক্ষ্য কৰে য’ত লিখা আছে যে, ‘১১.০৬.২০০৬ তাৰিখে মোৰ অভিযোগৰ ভিত্তিত ওশিৱাৰা থানাই আই পি চিৰ ৩৫৪ আৰু ৩২৩ ধাৰাত গোচৰ ৰুজু কৰিছিল।’

ৰাখী সাৱন্ত আৰু মিকা সিঙে পাৰস্পৰিক সন্মতিৰে বিষয়টো নিষ্পত্তি কৰে

লগতে লিখা আছে, ‘এফ আই আৰ পঞ্জীয়নৰ ইমান সময় পাৰ হোৱাৰ পিচত আবেদনকাৰী আৰু মই আমাৰ সকলো মতানৈক্য সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰিছো । আমি উপলব্ধি কৰিলোঁ যে এই সমগ্ৰ বিতৰ্ক ভুল বুজাবুজি আৰু ভুল ধাৰণাৰ পৰাই উদ্ভৱ হৈছে ।’

লগতে পঢ়ক: Rakhi Sawant : মিকা সিঙৰ চুমাৰ গোচৰ প্ৰসংগত ৰাখী সাৱন্তক শপতনামা দাখিলৰ নিৰ্দেশ বম্বে উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.