ETV Bharat / entertainment

Tanushree on Rakhi Sawant: আদিলৰ সমৰ্থনত নামিল অভিনেত্ৰী তনুশ্ৰী দত্ত; ৰাখীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ - তনুশ্ৰী দত্ত

এইবাৰ ৰাখী আৰু আদিলৰ কাজিয়াত এন্ট্ৰি হ’ল তনুশ্ৰী দত্তৰ ৷ সংবাদমেলৰ আয়োজন কৰি ৰাখীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে অভিনেত্ৰীগৰাকীয়ে ৷

Adil Khan Dhurrani and Tanushree Dutta lashes out at Rakhi Sawant
ৰাখী সাৱন্তক বুঢ়ী ডাইনী আখ্যা তনুশ্ৰী দত্তৰ
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 5:03 PM IST

চিটাৰা ডেস্ক, 21 ছেপ্টেম্বৰ: মনোৰঞ্জন জগতৰ এটা নাম ৰাখী সাৱন্ত, যিটো নাম কিবা নহয়, কিবা কাৰণত চৰ্চাত থাকিবই ৷ বিতৰ্কৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ৰাখী সাৱন্তৰ নাম ৷ সম্প্ৰতি ৰাখী সাৱন্ত চৰ্চাত স্বামী আদিল খান দুৰাৰ্নীৰ লগত চলি থকা বিবাদৰ বাবে ৷ এতিয়া এই কাজিয়াত জপিয়াই পৰিছে অভিনেত্ৰী তনুশ্ৰী দত্ত ৷

তনুশ্ৰীয়ে ৰাখীৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ আদিল খানৰ সমৰ্থনত ওলাই আহিছে তনুশ্ৰী দত্ত ৷ ৰাখী সাৱন্তে মি টুৰ সময়ত তনুশ্ৰীৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিছিল বুলি সেই কথাও প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে । তনুশ্ৰীয়ে ৰাখীক মনোৰোগী বুলি অভিহিত কৰি ৰাখীয়ে তেওঁক মানসিক পৰ্যায়তো বহুত অশান্তি দিছিল বুলি কয় । তনুশ্ৰীয়ে তেওঁৰ মুখখন নলাৰ দৰে বুলি অভিহিত কৰি ডাইনী বুলিও অভিহিত কৰিছে।

তনুশ্ৰী দত্তই পুৰণি গোচৰ খুচৰিছে যিবোৰৰ সৈতে জড়িত আছিল ৰাখীৰ নাম। অভিনেত্ৰীগৰাকীয়ে ৰাখী সাৱন্তৰ বিৰুদ্ধে যুঁজিব নোৱাৰা ভুক্তভোগীৰ কথা উল্লেখ কৰে আৰু কাজিয়া শেষ কৰাৰ সিদ্ধান্ত লয় । ইয়াৰ ভিতৰত ৰাখীৰ কাৰণে আত্মহত্যা কৰা দুজন ল’ৰাও আছে বুলি কয় অভিনেত্ৰীয়ে ।

তনুশ্ৰীয়ে কয়, "পুৰণি ভুক্তভোগীসকলে ৰাখীৰ মুখামুখি হ’ব বিচৰা নাছিল একেবাৰেই, তাই তেওঁলোকৰ বিষয়ে বহুত বেয়াকৈ কয় । দুটা গোচৰ আছে য’ত দুজন ল’ৰা আত্মহত্যা কৰি মৃত্যুবৰণ কৰিছিল আৰু ৰাখীৰ বিৰুদ্ধেও গোচৰ ৰুজু হৈছিল, তেওঁলোকক ৰাখীয়ে আত্মহত্যাত উচটনি দিয়াৰ অভিযোগ কৰিছিল । এই গোচৰটো ৪ বছৰ চলি থাকিল যদিও পিতৃ-মাতৃয়ে বেছি যুঁজ দিব নোৱাৰিলে গতিকে গোচৰটো মাজভাগত শেষ হ’ল ।’’

হঠাতে তাই দুখীয়া হোৱাৰ নাটক কৰিব- তনুশ্ৰী

তনুশ্ৰীয়ে ৰাখীৰ সমালোচনা কৰি কয়, "ৰাখী এজন আগ্ৰাসী মানুহৰ দৰে যুঁজে । মই দেখিলোঁ যে কেনেকৈ আদিল আৰু ৰাজশ্ৰীৰ ক্ষেত্ৰত তাই প্ৰতিদিনে মিছা কথা ক’বলৈ নতুন এজন ব্যক্তি সাজু কৰি লয় । মই নাজানো কেনেকৈ আৰু ক’ৰ পৰা সাজু কৰে এই মানুহবোৰ ৷ তাই বহুত বেয়া । ইমানবোৰ ধৰ্ম সলনি কৰিও তাই নিজকে সলনি কৰিব নোৱাৰিলে । বহুবাৰ তাই ধৰা পৰিব বুলি গম পালে হঠাৎ তাই দুখীয়া হৈ নিজৰ অসুবিধাৰ কথা ক’ব ।’’

উল্লেখ্য যে ইয়াৰ আগতে আদিলেও মাক-দেউতাকৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে ৰাখীক জগৰীয়া কৰিছিল।

লগতে পঢ়ক: Somy Ali Cryptic Note: ছলমানৰ লগতে কেটৰিণাৰ বিষয়েও চাঞ্চল্যকৰ তথ্য প্ৰকাশ প্ৰাক্তন প্ৰেমিকা ছমী আলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.